--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • ট্রাম্পে যোৱা বছৰ এপ্রিলত ভাৰতীয় সামগ্রীত ২৫% সমানুপাতিক (প্রত্যুত্তৰমূলক) শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ কাৰণে অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰিছিল। ফলত আমেৰিকাই ভাৰতৰ পৰা ক্ৰয় কৰা সামগ্ৰীত মুঠ শুল্কৰ পৰিমাণ ৫০% হয়গৈ।

ডিজিটেল ডেস্ক: অৱশেষত বৰফ গলিল! দীর্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি চূড়ান্ত হয়। শুল্ক যুদ্ধক লৈ দুয়োখন দেশৰ মাজত প্রায় এবছৰ ধৰি চলি থকা উত্তেজনাৰ অন্ত পেলাই সোমবাৰে মার্কিন ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে ভাৰত-আমেৰিকা বাণিজ্য চুক্তি চূড়ান্ত হোৱা বুলি ঘোষণা কৰে। ইয়াৰ লগতে ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্কৰ হাৰ ৫০%ৰ পৰা ১৮%লৈ হ্রাস কৰাৰ কথাও ঘোষণা কৰে। 


উল্লেখযোগ্য যে ট্রাম্পে যোৱা বছৰ এপ্রিলত ভাৰতীয় সামগ্রীত ২৫% সমানুপাতিক (প্রত্যুত্তৰমূলক) শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ কাৰণে অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰিছিল। ফলত আমেৰিকাই ভাৰতৰ পৰা ক্ৰয় কৰা সামগ্ৰীত মুঠ শুল্কৰ পৰিমাণ ৫০% হয়গৈ। 


হোৱাইট হাউছৰ এজন বিষয়াই কয় যে ভাৰতীয় সামগ্রীত এতিয়া মাত্র ১৮% শুল্কহে আৰোপ কৰা হ'ব। আমেৰিকাই ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ কাৰণে আৰোপ কৰা ২৫% জৰিমনা কর্তন কৰে। 


উল্লেখযোগ্য যে ট্রাম্পে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফ'নত বার্তালাপ কৰে। ইয়াৰ পাছত নিশা ট্রাম্পে ভাৰতৰ সৈতে বাণিজ্য চুক্তি চূড়ান্ত হোৱা বুলি ঘোষণা কৰে। সামাজিক মাধ্যম প্লেটফর্ম ট্রুথ'ত ট্রাম্পে ভাৰতৰ সৈতে বাণিজ্য চুক্তি হোৱা বুলি ঘোষণা কৰে। ট্রাম্পে লগতে এই বুলিও দাবী কৰে যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিবলৈ আৰু আমেৰিকাৰ পৰা অধিক পৰিমাণে খাৰুৱা তেল ক্ৰয় কৰিবলৈ সন্মতি জনাইছে। 


ট্রাম্পে কয় যে প্রয়োজন সাপেক্ষে ভাৰতে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব। ভাৰতে 'বাই আমেৰিকান' (আমেৰিকাৰ সামগ্ৰী ক্রয়) নীতিৰ অধীনত ৫০০০০ কোটি ডলাৰত (৪৬ লাখ কোটি টকা) কৈ অধিক পৰিমাণৰ সামগ্ৰী আমেৰিকাৰ পৰা ক্ৰয় কৰিব। 


ৰাষ্ট্ৰপতি ট্রাম্পে সোমবাৰে সামাজিক মাধ্যমত কয়, 'আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পতাটো মোৰ বাবে সন্মানৰ কথা। আমি ৰাছিয়া-ইউক্রেইন যুদ্ধকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰোঁ। প্রধানমন্ত্রী মোদীয়ে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় নকৰাৰ বাবে সন্মতি জনাইছে। ভাৰতে এতিয়া আমেৰিকাৰ পৰা অধিক খাৰুৱা তেল ক্রয় কৰিব। ইয়াৰ লগতে ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰাৰ সম্পৰ্কতো আমি আলোচনা কৰোঁ। ইয়াৰ জৰিয়তে প্রতি সপ্তাহত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱা ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ অন্ত পেলোৱাতো সহায় হ'ব। 


প্রধানমন্ত্রী মোদীৰ সৈতে বন্ধুত্ব, সন্মান আৰু তেওঁৰ অনুৰোধক আমি আমেৰিকা আৰু ভাৰতৰ মাজৰ বাণিজ্যিক চুক্তিত তৎক্ষণাৎ সন্মতি জনাইছোঁ। ইয়াৰ অধীনত আমেৰিকাৰ ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা সমানুপাতিক (প্রত্যুত্তৰমূলক) শুল্ক ২৫%ৰ পৰা হ্রাস কৰি ১৮% কৰা হ'ব। 


আনহাতে, ভাৰতে শুল্ক আৰু অ-শুল্ক বাধাসমূহ আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লোৱাৰ ফলত আমেৰিকাৰ পৰা ভাৰতলৈ আমদানি কৰা সামগ্রী শুল্কশূন্য হ'ব। প্রধানমন্ত্রী মোদীয়ে 'বাই আমেৰিকানক (আমেৰিকাৰ সামগ্ৰী ক্রয়) লৈ গুৰুত্বপূৰ্ণ প্রতিশ্রুতি দিয়ে। ইয়াৰ অধীনত ভাৰতে আমেৰিকাৰ পৰা ৫০০০০ কোটি ডলাৰতকৈ অধিক পৰিমাণৰ শক্তি, প্রযুক্তি, কৃষি, কয়লা আৰু আন সামগ্রী ক্রয় কৰিব। মোদীয়ে কয়, 'ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক ভৱিষ্যতে আৰু অধিক শক্তিশালী হ'ব বুলি মই আশা কৰিছোঁ।' 


ইফালে, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰে সংবাদ মাধ্যমৰ আগত ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱা বুলি প্রকাশ কৰে। তেওঁ কয়, 'অহা কেইদিনমানত একাংশ কাৰিকৰী কাগজত স্বাক্ষৰ কৰা হ'ব, কিন্তু চুক্তি প্রায় চূড়ান্ত।' গ'ৰে লগতে কয়, 'এই শুল্ক চুক্তি প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি ট্রাম্পৰ মাজৰ কেইবা বছৰৰ শক্তিশালী বন্ধুত্বৰ ফল। এই শুল্ক আন দেশৰ তুলনাত যথেষ্ট কম। প্ৰথমতে ভাৰতৰ বিৰুদ্ধে অত্যধিক শুল্ক আৰোপ কৰা হৈছিল আৰু এতিয়া আটাইতকৈ কম শুল্ক আৰোপ কৰা দেশৰ তালিকাত ভাৰতো সোমাল।' তেওঁৰ মতে, প্রধানমন্ত্রী মোদী আৰু ট্রাম্পৰ মাজৰ বন্ধুত্বই এই চুক্তি সম্পন্ন কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখযোগ্য যে ট্রাম্পে প্রধানমন্ত্রী মোদীৰ সৈতে তেওঁৰ দ্বিতীয়টো কার্যকালৰ প্ৰথম ১৩ মাহত প্ৰধানমন্ত্ৰীৰ সৈতে সাতবাৰ টেলিফ'নত বার্তালাপ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement