--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কূটনৈতিকভাৱে উত্তেজনা প্রশমন কৰিবলৈ তথা দুয়োপক্ষৰ মাজত থকা সমস্যাসমূহ শান্তিপূর্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছে ভাৰতে। ইয়াৰ লগতে কয় যে দেশসমূহৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সম্মান জনাবলৈও ভাৰতে আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: ইৰানত আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণত ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। ভাৰতৰ বিদেশ মন্ত্র্যালয়ে কালি এটা বিবৃতিত কয়, 'ইৰান আৰু পাৰস্য উপসাগৰীয় অঞ্চলত ঘটা শেহতীয়া ঘটনাৱলীত ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। আমি সকলো পক্ষকে সংযমী হ'বলৈ, আক্ৰমণ-প্রতিআক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আৰু ইৰানৰ জনসাধাৰণৰ নিৰাপত্তাক গুৰুত্ব দিবলৈ আহ্বান জনাইছোঁ।' 


ভাৰতে দুয়ো পক্ষকে আলোচনা আৰু কূটনৈতিকভাৱে উত্তেজনা প্রশমন কৰিবলৈ তথা দুয়োপক্ষৰ মাজত থকা সমস্যাসমূহ শান্তিপূর্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছে ভাৰতে। ইয়াৰ লগতে কয় যে দেশসমূহৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সম্মান জনাবলৈও ভাৰতে আহ্বান জনাইছে। মধ্য প্রাচ্যত থকা ভাৰতীয় লোকসকলে সম্মুখীন হোৱা উদ্বেগৰ প্ৰসংগ উল্লেখ কৰি বিদেশ মন্ত্ৰ্যালয়ে কয় যে অঞ্চলটোত থকা ভাৰতীয় দূতাৱাস আৰু বাণিজ্য দূতাৱাসসমূহে তাত থকা ভাৰতীয় লোকসকলৰ সৈতে ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি আছে আৰু প্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ লগতে সতর্ক হৈ থাকিবলৈ আৰু ভাৰতীয় দূতাৱাসসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকিবলৈ আৰু স্থানীয় নিৰাপত্তামূলক নীতি-নির্দেশ পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। 


অঞ্চলটোত যুঁজাৰু বিমানৰ সঘন উৰণ, ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ-প্রত্যাক্ৰমণ চলি থকাৰ সময়ত ভাৰতে এতিয়ালৈকে মধ্য প্রাচ্য বা পশ্চিম এছিয়াৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ কোনো পৰিকল্পনা হাতত লোৱা নাই বুলিও লগতে কোৱা হৈছে। ইয়াৰ আগতে অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী কে ৰাম মোহনে এখন বৈঠকত পৰিস্থিতি পর্যালোচনা কৰে। ইফালে, ইজৰাইলত থকা ভাৰতীয় লোকসকলক যথেষ্ট সতর্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে দেশখনত থকা ভাৰতীয় দূতাৱাসে। 


ইজৰাইলৰ প্রশাসনে জাৰি কৰা সুৰক্ষা নীতি-নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈও ভাৰতীয়সকলক আহ্বান জনোৱা হৈছে। আনহাতে, ইৰানত থকা ভাৰতীয় দূতাৱাসে দেশখনত থকা ভাৰতীয় লোকসকলক অত্যধিক সতর্ক হৈ থাকিবলৈ আৰু যথা সম্ভৱ ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়ে। 


ইফালে ইৰানত থকা ভাৰতীয় ছাত্ৰসকলে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিবলৈ আৱেদন জনাইছে। তেওঁলোকে এটা ভিডিঅ'ত এই আৱেদন জনাই কয়, 'পৰৱৰ্তী সময়ত কি ঘটে সেই কথা আমি নাজানো। ইয়াত কি হৈ আছে সেই কথাও আমি ক'ব নোৱাৰোঁ। যুঁজাৰু বিমানেৰে অহৰহ আক্ৰমণ কৰি থকা হৈছে।' এই ছাত্ৰ-ছাত্ৰীসকলে অচিৰেই তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰ্যালয়ক অনুৰোধ জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ