--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কূটনৈতিকভাৱে উত্তেজনা প্রশমন কৰিবলৈ তথা দুয়োপক্ষৰ মাজত থকা সমস্যাসমূহ শান্তিপূর্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছে ভাৰতে। ইয়াৰ লগতে কয় যে দেশসমূহৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সম্মান জনাবলৈও ভাৰতে আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: ইৰানত আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণত ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। ভাৰতৰ বিদেশ মন্ত্র্যালয়ে কালি এটা বিবৃতিত কয়, 'ইৰান আৰু পাৰস্য উপসাগৰীয় অঞ্চলত ঘটা শেহতীয়া ঘটনাৱলীত ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। আমি সকলো পক্ষকে সংযমী হ'বলৈ, আক্ৰমণ-প্রতিআক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আৰু ইৰানৰ জনসাধাৰণৰ নিৰাপত্তাক গুৰুত্ব দিবলৈ আহ্বান জনাইছোঁ।' 


ভাৰতে দুয়ো পক্ষকে আলোচনা আৰু কূটনৈতিকভাৱে উত্তেজনা প্রশমন কৰিবলৈ তথা দুয়োপক্ষৰ মাজত থকা সমস্যাসমূহ শান্তিপূর্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছে ভাৰতে। ইয়াৰ লগতে কয় যে দেশসমূহৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সম্মান জনাবলৈও ভাৰতে আহ্বান জনাইছে। মধ্য প্রাচ্যত থকা ভাৰতীয় লোকসকলে সম্মুখীন হোৱা উদ্বেগৰ প্ৰসংগ উল্লেখ কৰি বিদেশ মন্ত্ৰ্যালয়ে কয় যে অঞ্চলটোত থকা ভাৰতীয় দূতাৱাস আৰু বাণিজ্য দূতাৱাসসমূহে তাত থকা ভাৰতীয় লোকসকলৰ সৈতে ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি আছে আৰু প্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ লগতে সতর্ক হৈ থাকিবলৈ আৰু ভাৰতীয় দূতাৱাসসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকিবলৈ আৰু স্থানীয় নিৰাপত্তামূলক নীতি-নির্দেশ পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। 


অঞ্চলটোত যুঁজাৰু বিমানৰ সঘন উৰণ, ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ-প্রত্যাক্ৰমণ চলি থকাৰ সময়ত ভাৰতে এতিয়ালৈকে মধ্য প্রাচ্য বা পশ্চিম এছিয়াৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ কোনো পৰিকল্পনা হাতত লোৱা নাই বুলিও লগতে কোৱা হৈছে। ইয়াৰ আগতে অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী কে ৰাম মোহনে এখন বৈঠকত পৰিস্থিতি পর্যালোচনা কৰে। ইফালে, ইজৰাইলত থকা ভাৰতীয় লোকসকলক যথেষ্ট সতর্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে দেশখনত থকা ভাৰতীয় দূতাৱাসে। 


ইজৰাইলৰ প্রশাসনে জাৰি কৰা সুৰক্ষা নীতি-নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈও ভাৰতীয়সকলক আহ্বান জনোৱা হৈছে। আনহাতে, ইৰানত থকা ভাৰতীয় দূতাৱাসে দেশখনত থকা ভাৰতীয় লোকসকলক অত্যধিক সতর্ক হৈ থাকিবলৈ আৰু যথা সম্ভৱ ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়ে। 


ইফালে ইৰানত থকা ভাৰতীয় ছাত্ৰসকলে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিবলৈ আৱেদন জনাইছে। তেওঁলোকে এটা ভিডিঅ'ত এই আৱেদন জনাই কয়, 'পৰৱৰ্তী সময়ত কি ঘটে সেই কথা আমি নাজানো। ইয়াত কি হৈ আছে সেই কথাও আমি ক'ব নোৱাৰোঁ। যুঁজাৰু বিমানেৰে অহৰহ আক্ৰমণ কৰি থকা হৈছে।' এই ছাত্ৰ-ছাত্ৰীসকলে অচিৰেই তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰ আৰু বিদেশ মন্ত্ৰ্যালয়ক অনুৰোধ জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু