--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই কয় যে দুয়োখন দেশৰ মাজত সন্তোষজনক বুজাপৰা আৰু পাৰমাণৱিক পৰীক্ষণৰ বিষয়ত সহমতৰ বাবেই বৈঠকত আলোচনা কৰা হৈছে।

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত বিগত কেইমাহমান ধৰি চলি থকা যুদ্ধ-সদৃশ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে দেশ দুখনৰ মাজত প্রথম পৰ্যায়ৰ কূটনৈতিক পৰ্যায়ৰ আলোচনা হয়। 


মধ্য প্রাচ্যৰ দেশ ওমানৰ ৰাজধানী মাস্কাটত দুয়ো দেশৰ মাজত শান্তি আলোচনা চলিছে। বৈঠকত ইৰানৰ হৈ দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে ভাগ লোৱাৰ বিপৰীতে মার্কিন যুক্তৰাষ্ট্ৰৰ হৈ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিশেষ দূত ষ্টিভ উইটকয়ে অংশ লয়। 


ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই কয় যে দুয়োখন দেশৰ মাজত সন্তোষজনক বুজাপৰা আৰু পাৰমাণৱিক পৰীক্ষণৰ বিষয়ত সহমতৰ বাবেই বৈঠকত আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে ই ৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিৰোধিতা কৰি আহিছে মার্কিন প্রশাসনে। ইবানত প্রতিবাদী জনতাৰ ওপৰত দেশখনৰ চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে আৰু পাৰমাণৱিক কাৰ্যসূচী গ্ৰহণ কৰিলেই আক্ৰমণৰ ভাবুকি দি আহিছে। 


ইতিমধ্যে আমেৰিকাৰ এখন যুদ্ধ জাহাজে ইৰান সীমান্তৰ জলৰাশিত অৱস্থান লৈ আছে। আমেৰিকাৰে পাৰমাণৱিক কার্যসূচী সন্দর্ভত আয়াতুল্লা আলী খামেইনেইৰ নেতৃত্বাধীন ইৰানিয়ান প্রশাসন আলোচনাত নবহিলে আক্ৰমণৰ হুংকাৰ দিছিল ট্রাম্পে। শুকুৰবাৰে ওমানত অনুষ্ঠিত বৈঠকৰ পূৰ্বেও মার্কিন নাগৰিকক তৎকালে ইৰান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে ট্রাম্পে। তাৰ মাজতে মাস্কাটত আৰম্ভ হোৱা আলোচনাক ইতিবাচক আখ্যা দিছে ইৰানৰ বৈদেশিক মন্ত্ৰী আৰাঘাচিয়ে। শুকুৰবাৰে প্ৰথম ৰাউণ্ডৰ আলোচনা সম্পন্ন হ'লেও এই আলোচনা চলি থাকিব বুলি তেওঁ প্রকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু