--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই কয় যে দুয়োখন দেশৰ মাজত সন্তোষজনক বুজাপৰা আৰু পাৰমাণৱিক পৰীক্ষণৰ বিষয়ত সহমতৰ বাবেই বৈঠকত আলোচনা কৰা হৈছে।

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত বিগত কেইমাহমান ধৰি চলি থকা যুদ্ধ-সদৃশ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে দেশ দুখনৰ মাজত প্রথম পৰ্যায়ৰ কূটনৈতিক পৰ্যায়ৰ আলোচনা হয়। 


মধ্য প্রাচ্যৰ দেশ ওমানৰ ৰাজধানী মাস্কাটত দুয়ো দেশৰ মাজত শান্তি আলোচনা চলিছে। বৈঠকত ইৰানৰ হৈ দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে ভাগ লোৱাৰ বিপৰীতে মার্কিন যুক্তৰাষ্ট্ৰৰ হৈ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিশেষ দূত ষ্টিভ উইটকয়ে অংশ লয়। 


ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই কয় যে দুয়োখন দেশৰ মাজত সন্তোষজনক বুজাপৰা আৰু পাৰমাণৱিক পৰীক্ষণৰ বিষয়ত সহমতৰ বাবেই বৈঠকত আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে ই ৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিৰোধিতা কৰি আহিছে মার্কিন প্রশাসনে। ইবানত প্রতিবাদী জনতাৰ ওপৰত দেশখনৰ চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে আৰু পাৰমাণৱিক কাৰ্যসূচী গ্ৰহণ কৰিলেই আক্ৰমণৰ ভাবুকি দি আহিছে। 


ইতিমধ্যে আমেৰিকাৰ এখন যুদ্ধ জাহাজে ইৰান সীমান্তৰ জলৰাশিত অৱস্থান লৈ আছে। আমেৰিকাৰে পাৰমাণৱিক কার্যসূচী সন্দর্ভত আয়াতুল্লা আলী খামেইনেইৰ নেতৃত্বাধীন ইৰানিয়ান প্রশাসন আলোচনাত নবহিলে আক্ৰমণৰ হুংকাৰ দিছিল ট্রাম্পে। শুকুৰবাৰে ওমানত অনুষ্ঠিত বৈঠকৰ পূৰ্বেও মার্কিন নাগৰিকক তৎকালে ইৰান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে ট্রাম্পে। তাৰ মাজতে মাস্কাটত আৰম্ভ হোৱা আলোচনাক ইতিবাচক আখ্যা দিছে ইৰানৰ বৈদেশিক মন্ত্ৰী আৰাঘাচিয়ে। শুকুৰবাৰে প্ৰথম ৰাউণ্ডৰ আলোচনা সম্পন্ন হ'লেও এই আলোচনা চলি থাকিব বুলি তেওঁ প্রকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ