--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডিজিটেল ডেস্ক : কানাডাত খালিস্তানী উগ্রপন্থীয়ে বাহৰ পাতি থকাৰ বিষয়টো ভাৰতে বাৰে বাৰে উত্থাপন কৰাৰ পাছতো কানাডা চৰকাৰে সেই বিষয়টো অস্বীকাৰ কৰি আছিল।

ডিজিটেল ডেস্ক : কানাডাত খালিস্তানী উগ্রপন্থীয়ে বাহৰ পাতি থকাৰ বিষয়টো ভাৰতে বাৰে বাৰে উত্থাপন কৰাৰ পাছতো কানাডা চৰকাৰে সেই বিষয়টো অস্বীকাৰ কৰি আছিল। কিন্তু শেহতীয়াকৈ জি৭ শীর্ষ সন্মিলনৰ মাজতে প্রধানমন্ত্রী মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নিৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ পাছতেই দুয়োখন দেশৰ মাজত থকা তিক্ততাপূর্ণ সম্পর্ক ক্ৰমাৎ ভালৰ দিশলৈ আহিছে।



ইয়াৰ মাজতেই কানাডাই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে দেশখনত খালিস্তানী উগ্রপন্থীয়ে বাহৰ পাতি আছে। ভাৰতক লক্ষ্য কৰি হিংসাত্মক কাৰ্যকলাপ চলোৱাৰ বাবে কানাডাৰ ভূমিত ঘাটি পাতিছে খালিস্তানী উগ্রপন্থীয়ে।


কানাডাৰ চোৰাংচোৱা সংস্থা, চি এছ আই এছে (কানাডিয়ান ছিকিউৰিটি ইন্টেলিজেন্স ছাৰ্ভিচ) প্রকাশ কৰা এখন প্রতিবেদনত এই ভয়ংকৰ তথ্য প্রকাশ পাইছে। চোৰাংচোৱা সংস্থাটোৰ বাৰ্ষিক প্রতিবেদনখনত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা এই খালিস্তানী উগ্রপন্থীবোৰে কানাডাৰ ভূমিত সক্ৰিয় হৈ ভাৰতত হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ ব্লুপ্রিন্ট ৰচনা কৰাৰ লগতে ভাৰতীয় লোকসকলক খালিস্তানী নেটৱৰ্কৰ সৈতে জড়িত কৰিবলৈ প্ৰচেষ্টা চলাই আছে। খালিস্তানী উগ্রপন্থীবোৰে কানাডাৰ ভূমি ব্যৱহাৰ কৰি ভাৰতত খালিস্তানী আন্দোলনক উদগনি দিয়া, পুঁজি সংগ্ৰহ আৰু হিংসাত্মক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে।


প্রতিবেদনখনত আৰু কোৱা হৈছে যে ভাৰতৰ পঞ্জাব অঞ্চলত স্বতন্ত্ৰ ৰাষ্ট্ৰ 'খালিস্তান' স্থাপন কৰিবলৈ এই উগ্রপন্থী সদস্যবোৰে হিংসাত্মক পদ্ধতি অৱলম্বনৰ কৌশল ৰচনা কৰি আছে। শেহতীয়াকৈ নতুন দিল্লী আৰু অটোৱাৰ মাজত কূটনৈতিক সম্পৰ্কৰ উন্নতি ঘটা আৰু জি ৭ শীর্ষ সন্মিলনলৈ প্রধানমন্ত্রী মোদী যোৱাৰ বিৰুদ্ধে কানাডাত খালিস্তান পন্থীৰ প্ৰতিবাদৰ সময়তে এই ভয়ংকৰ ভাৰত-বিৰোধী তথ্য প্রকাশ কৰিছে কানাডাৰ চোৰাংচোৱা সংস্থাটোৱে। ইতিমধ্যে কানাডাত খালিস্তানী উগ্রপন্থীৰ সদস্যবিলাকে ভাৰত বিৰোধী অভিযান চলাই আহিছে। খালিস্তানী পন্থীবোৰে ভাৰতীয় কূটনৈতিক অভিযান আৰু বিষয়াসকলক লক্ষ্য কৰি বাৰে বাৰে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ মাজতে কানাডাৰ চোৰাংচোৱা সংস্থাটোৰ বাৰ্ষিক প্রতিবেদনত ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকি অনা বিষয়টো প্রকাশ পোৱাত ভাৰত চৰকাৰে কি ব্যৱস্থা লয়, সেয়াহে লক্ষণীয় হ'ব।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ