--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ সৈতে কূটনৈতিক সমাধানৰ বাবে ট্রাম্পৰ দুৱাৰ খোলা। তেওঁৰ প্ৰধান অগ্রাধিকাৰ হৈছে ইৰানক পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী হোৱাত বাধা দিয়া।

ডিজিটেল ডেস্ক : ইজৰাইল-ইৰানৰ যুদ্ধক লৈ আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা ক্রমে বৃদ্ধি পাইছে। এনে বর্ধিত উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে হোৱাইট হাউছে ঘোষণা কৰে যে ইৰানৰ বিৰুদ্ধে আমেৰিকাই সামৰিক আক্ৰমণ আৰম্ভ কৰিব নে নাই সেই বিষয়ত ড'নাল্ড ট্রাম্পে অহা দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে এটা বাৰ্তাত কয়, 'অদূৰ ভৱিষ্যতে ইৰানৰ সৈতে আলোচনাৰ যে যথেষ্ট সম্ভাৱনা আছে (যি অনুষ্ঠিত হ'বও পাৰে, নহ'বও পাৰে) সেই কথাৰ ওপৰত ভিত্তি কৰি, মই অহা দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰিম যুদ্ধত জড়িত হ'ম নে নহ'ম।'

হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লীভিটে সাংবাদিকৰ আগত এই কথা জনায়। লীভিটে কয় যে ইৰানৰ সৈতে কূটনৈতিক সমাধানৰ বাবে ট্রাম্পৰ দুৱাৰ খোলা। তেওঁৰ প্ৰধান অগ্রাধিকাৰ হৈছে ইৰানক পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী হোৱাত বাধা দিয়া। প্রেছ সচিবগৰাকীয়ে আৰু কয় যে যি চুক্তিয়েই নহওক কিয় সি ইৰানৰ ইউৰেনিয়ামৰ সমৃদ্ধি নিষিদ্ধ কৰিব লাগিব তথা পাৰমাণবিক অস্ত্র নিৰ্মাণৰ দেশখনৰ ক্ষমতা নাশ কৰিব লাগিব। লীভিটে কয়, 'ৰাষ্ট্ৰপতি সদায়েই এক কূটনৈতিক সমাধানত আগ্রহী... তেওঁ প্রধান শান্তিস্থাপক।... সেয়ে যদি কূটনীতিৰ বাবে সুযোগ থাকে, ৰাষ্ট্ৰপতিয়ে - সদায়ে সেয়া গ্রহণ কৰিব।' তেওঁ আৰু কয়, 'কিন্তু মই এই কথাও ক'ব লাগিব যে তেওঁ শক্তি ব্যৱহাৰ কৰিবলৈও ভয় নকৰে।'

উল্লেখযোগ্য যে ইয়াৰ আগতে এই বাতৰি প্ৰকাশ পাইছিল যে ইৰান আক্ৰমণ কৰাৰ পৰিকল্পনাত ট্রাম্পে তেওঁৰ সমৰ্থন প্ৰকাশ কৰিছিল, কিন্তু এতিয়াও চূড়ান্ত নির্দেশ জাৰি কৰিবলৈ বাকী। বাল স্ট্রীট জার্নালৰ মতে, আমেৰিকাই পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱাৰ আগতে ইৰানে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰে নেকি ট্রাম্পে সেই কথালৈ অপেক্ষা কৰি আছে। ইৰানৰ আক্ৰমণ সন্দৰ্ভত তেওঁ সিদ্ধান্ত গ্রহণ কৰিছে নেকি বুলি দুদিনমান আগতে সাংবাদিকে সোধা প্রশ্নত তেওঁ কৈছিল, 'সিদ্ধান্ত গ্রহণ কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ।' তেওঁ আৰু কৈছিল, 'পৰৱৰ্তী সপ্তাহটোত বৰ ডাঙৰ কিবা এটা হ'ব, হয়তো এসপ্তাহতকৈ কম সময়ত।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ