--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ সৈতে কূটনৈতিক সমাধানৰ বাবে ট্রাম্পৰ দুৱাৰ খোলা। তেওঁৰ প্ৰধান অগ্রাধিকাৰ হৈছে ইৰানক পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী হোৱাত বাধা দিয়া।

ডিজিটেল ডেস্ক : ইজৰাইল-ইৰানৰ যুদ্ধক লৈ আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা ক্রমে বৃদ্ধি পাইছে। এনে বর্ধিত উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে হোৱাইট হাউছে ঘোষণা কৰে যে ইৰানৰ বিৰুদ্ধে আমেৰিকাই সামৰিক আক্ৰমণ আৰম্ভ কৰিব নে নাই সেই বিষয়ত ড'নাল্ড ট্রাম্পে অহা দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰিব।


আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে এটা বাৰ্তাত কয়, 'অদূৰ ভৱিষ্যতে ইৰানৰ সৈতে আলোচনাৰ যে যথেষ্ট সম্ভাৱনা আছে (যি অনুষ্ঠিত হ'বও পাৰে, নহ'বও পাৰে) সেই কথাৰ ওপৰত ভিত্তি কৰি, মই অহা দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰিম যুদ্ধত জড়িত হ'ম নে নহ'ম।'


হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লীভিটে সাংবাদিকৰ আগত এই কথা জনায়। লীভিটে কয় যে ইৰানৰ সৈতে কূটনৈতিক সমাধানৰ বাবে ট্রাম্পৰ দুৱাৰ খোলা। তেওঁৰ প্ৰধান অগ্রাধিকাৰ হৈছে ইৰানক পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী হোৱাত বাধা দিয়া। প্রেছ সচিবগৰাকীয়ে আৰু কয় যে যি চুক্তিয়েই নহওক কিয় সি ইৰানৰ ইউৰেনিয়ামৰ সমৃদ্ধি নিষিদ্ধ কৰিব লাগিব তথা পাৰমাণবিক অস্ত্র নিৰ্মাণৰ দেশখনৰ ক্ষমতা নাশ কৰিব লাগিব। লীভিটে কয়, 'ৰাষ্ট্ৰপতি সদায়েই এক কূটনৈতিক সমাধানত আগ্রহী... তেওঁ প্রধান শান্তিস্থাপক।... সেয়ে যদি কূটনীতিৰ বাবে সুযোগ থাকে, ৰাষ্ট্ৰপতিয়ে - সদায়ে সেয়া গ্রহণ কৰিব।' তেওঁ আৰু কয়, 'কিন্তু মই এই কথাও ক'ব লাগিব যে তেওঁ শক্তি ব্যৱহাৰ কৰিবলৈও ভয় নকৰে।'


উল্লেখযোগ্য যে ইয়াৰ আগতে এই বাতৰি প্ৰকাশ পাইছিল যে ইৰান আক্ৰমণ কৰাৰ পৰিকল্পনাত ট্রাম্পে তেওঁৰ সমৰ্থন প্ৰকাশ কৰিছিল, কিন্তু এতিয়াও চূড়ান্ত নির্দেশ জাৰি কৰিবলৈ বাকী। বাল স্ট্রীট জার্নালৰ মতে, আমেৰিকাই পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱাৰ আগতে ইৰানে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰে নেকি ট্রাম্পে সেই কথালৈ অপেক্ষা কৰি আছে। ইৰানৰ আক্ৰমণ সন্দৰ্ভত তেওঁ সিদ্ধান্ত গ্রহণ কৰিছে নেকি বুলি দুদিনমান আগতে সাংবাদিকে সোধা প্রশ্নত তেওঁ কৈছিল, 'সিদ্ধান্ত গ্রহণ কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ।' তেওঁ আৰু কৈছিল, 'পৰৱৰ্তী সপ্তাহটোত বৰ ডাঙৰ কিবা এটা হ'ব, হয়তো এসপ্তাহতকৈ কম সময়ত।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ