--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যুদ্ধৰ ফলত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশেষকৈ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত খাৰুৱা তেলৰ যোগানত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব।

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই নিহত হোৱাৰ পাছত যুদ্ধই ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰিছে সমগ্ৰ বিশ্বই। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব। ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিব খাৰুৱা তেলৰ বজাৰত। 


যুদ্ধৰ ফলত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশেষকৈ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত খাৰুৱা তেলৰ যোগানত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব। হৰমুজ প্রণালীয়েদি বিশ্বৰ মুঠ খাৰুৱা তেলৰ ২০% পাৰ হয়। আনহাতে, ভাৰতৰ মুঠ চাহিদাৰ ৫০% খাৰুৱা তেল এই পথেৰে আহে। ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ লগে লগে খাৰুৱা তেলৰ যোগানো হ্রাস পাব আৰু বিশ্বৰ খাৰুৱা তেল উৎপাদন কৰা দেশবোৰে উৎপাদন হ্রাস কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ব্রেন্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত বৰ্তমানৰ ৭০ ডলাৰৰ পৰা ১০০-১২০ ডলাৰলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰতৰ বজাৰত খাৰুৱা তেলৰ দাম প্রতি লিটাৰত ১০-১২ টকা পর্যন্ত বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে ভাৰতৰ বজাৰত সোণ আৰু ৰূপৰ দামো বৃহৎ হাৰত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। 


ৰাজধানী দিল্লীত পেট্রল বর্তমান প্রতিলিটাৰত ৯৫ টকা আৰু ডিজেল প্রতি লিটাৰত ৮৮ টকা দৰত বিক্ৰী কৰি থকা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পালে দিল্লীত প্রতি লিটাৰ পেট্রল ১০৫ টকালৈ আৰু ডিজেলৰ দাম ৯৬ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু