--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিচাৰপীঠে আনকি অসমত চিনাক্ত হোৱা বাংলাদেশীৰ প্রত্যর্পণ যদি সম্ভৱ নহয়, তেনেহ'লে চৰকাৰে বাংলাদেশীক দেশৰ পৰা বহিষ্কাৰ কৰি দিয়াৰ সম্পূৰ্ণ ক্ষমতা থকা নীতিৰো সমৰ্থন কৰিছে।

ডিজিটেল ডেস্ক : অসমৰ জনগাঁথনিৰ ওপৰত বহিঃৰাষ্ট্ৰৰ গুৰুতৰ আগ্রাসন চলিছে। অবৈধ বাংলাদেশীৰ এই নীৰৱ আৰু ভয়ানক আগ্রাসনৰ ফলত অসমৰ জনগাঁথনি সলনি হ'বলৈ আৰম্ভ কৰিছে। এই বিস্ফোৰক আৰু উদ্বেগজনক মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 


ৰেজিয়া খাতুন নামৰ এগৰকী মহিলাই তৰা এটা গোচৰ খাৰিজ কৰি শেহতীয়াকৈ এই অভিমত ব্যক্ত কৰিছে ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডেৰে গঠিত দুজনীয়া বিচাৰপীঠে। বিচাৰপীঠে আনকি অসমত চিনাক্ত হোৱা বাংলাদেশীৰ প্রত্যর্পণ যদি সম্ভৱ নহয়, তেনেহ'লে চৰকাৰে বাংলাদেশীক দেশৰ পৰা বহিষ্কাৰ কৰি দিয়াৰ সম্পূৰ্ণ ক্ষমতা থকা নীতিৰো সমৰ্থন কৰিছে। 


উল্লেখযোগ্য যে ৰেজিয়া খাতুন নামৰ মহিলাগৰাকীৰ স্বামী মাজিবুৰ ৰহমান ওৰফে মাজিবুৰ শ্বেখক ২০১৯ চনত চিৰাং জিলাৰ কাজলগাঁও বিদেশী ন্যায়াধিকৰণে বাংলাদেশী ঘোষণা কৰা নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। মহিলাগৰাকীয়ে এই বুলিও অভিযোগ কৰিছিল যে কাজলগাঁও আৰক্ষীয়ে কোনো ধৰণৰ গ্রেপ্তাৰী পৰোৱানা নোহোৱাকৈ ২০২৫ চনৰ মে' মাহত পুনৰ গ্ৰেপ্তাৰ কৰিছিল। 


উল্লেখযোগ্য যে ২০১৯ চনত মাজিবুৰ ৰহমানক অৰাক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও ২০২১ চনত তেওঁ জামিনত ওলাই আহিবলৈ সক্ষম হৈছিল। মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ত তেওঁৰ স্বামীৰ প্ৰত্যৰ্পণৰ নির্দেশ বাতিল কৰিবলৈকো আৱেদন জনাইছিল। 


দুজনীয়া বিচাৰপীঠে এই আৱেদন নাকচ কৰি নিৰ্দেশ জাৰি কৰে যে যেতিয়া এজন লোকক বিদেশী ন্যায়াধিকৰণে ফৰেইনাৰ্ছ অৰ্ডাৰ ১৯৬৪ অনুসৰি বিদেশী বুলি ঘোষণা কৰে, তেনে লোকে ভাৰতীয় নাগৰিকৰ বাবে সংবিধানে অনুচ্ছেদ ১৯ আৰু ২১ৰ অধীনত প্ৰদান কৰা মৌলিক অধিকাৰসমূহ লাভ কৰিব নোৱাৰিব। মাত্ৰ তেওঁ 'লাফুল প্রচেছ'ৰ অধীনত সীমিত জীৱনৰ নিৰাপত্তাহে লাভ কৰিব। 


বিচাৰপীঠে লগতে এই বুলিও কয় যে বিদেশী বুলি ঘোষিত কোনো নাগৰিকে ইয়াতে বসবাস কৰাৰ মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰিব, মুক্তভাৱে ঘূৰি ফুৰিব নোৱাৰিব আৰু ভাৰতত কোনো ব্যৱসায় কৰিব নোৱাৰিব। নির্দেশটোত বিচাৰপীঠে উচ্চতম ন্যায়ালয়ে সর্বানন্দ সোণোৱালৰ গোচৰত বাংলাদেশৰ পৰা অসমলৈ ঘটা বাংলাদেশীৰ অবাধ আগ্রাসনক 'বাহ্যিক আক্রমণ' আখ্যা দিয়াৰ প্ৰসংগ উল্লেখ কৰি কয় যে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনে অসমৰ ঐক্য আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভৱ পেলাব। 


সর্বানন্দ সোণোৱা লৰ গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায় আৰু ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল এছ কে সিনহাৰ মন্তব্যৰ উদ্ধৃতি দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে নির্দেশটোত উল্লেখ কৰিছে যে অসমীয়া মানুহক নিজৰ ৰাজ্যতে সংখ্যালঘু কৰাৰ প্ৰচেষ্টা চলিছে আৰু ইয়াৰ পৰিণাম কৌশলগত আৰু অর্থনৈতিক দিশত অতি ভংয়কৰ হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু