--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিচাৰপীঠে আনকি অসমত চিনাক্ত হোৱা বাংলাদেশীৰ প্রত্যর্পণ যদি সম্ভৱ নহয়, তেনেহ'লে চৰকাৰে বাংলাদেশীক দেশৰ পৰা বহিষ্কাৰ কৰি দিয়াৰ সম্পূৰ্ণ ক্ষমতা থকা নীতিৰো সমৰ্থন কৰিছে।

ডিজিটেল ডেস্ক : অসমৰ জনগাঁথনিৰ ওপৰত বহিঃৰাষ্ট্ৰৰ গুৰুতৰ আগ্রাসন চলিছে। অবৈধ বাংলাদেশীৰ এই নীৰৱ আৰু ভয়ানক আগ্রাসনৰ ফলত অসমৰ জনগাঁথনি সলনি হ'বলৈ আৰম্ভ কৰিছে। এই বিস্ফোৰক আৰু উদ্বেগজনক মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 


ৰেজিয়া খাতুন নামৰ এগৰকী মহিলাই তৰা এটা গোচৰ খাৰিজ কৰি শেহতীয়াকৈ এই অভিমত ব্যক্ত কৰিছে ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডেৰে গঠিত দুজনীয়া বিচাৰপীঠে। বিচাৰপীঠে আনকি অসমত চিনাক্ত হোৱা বাংলাদেশীৰ প্রত্যর্পণ যদি সম্ভৱ নহয়, তেনেহ'লে চৰকাৰে বাংলাদেশীক দেশৰ পৰা বহিষ্কাৰ কৰি দিয়াৰ সম্পূৰ্ণ ক্ষমতা থকা নীতিৰো সমৰ্থন কৰিছে। 


উল্লেখযোগ্য যে ৰেজিয়া খাতুন নামৰ মহিলাগৰাকীৰ স্বামী মাজিবুৰ ৰহমান ওৰফে মাজিবুৰ শ্বেখক ২০১৯ চনত চিৰাং জিলাৰ কাজলগাঁও বিদেশী ন্যায়াধিকৰণে বাংলাদেশী ঘোষণা কৰা নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। মহিলাগৰাকীয়ে এই বুলিও অভিযোগ কৰিছিল যে কাজলগাঁও আৰক্ষীয়ে কোনো ধৰণৰ গ্রেপ্তাৰী পৰোৱানা নোহোৱাকৈ ২০২৫ চনৰ মে' মাহত পুনৰ গ্ৰেপ্তাৰ কৰিছিল। 


উল্লেখযোগ্য যে ২০১৯ চনত মাজিবুৰ ৰহমানক অৰাক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও ২০২১ চনত তেওঁ জামিনত ওলাই আহিবলৈ সক্ষম হৈছিল। মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ত তেওঁৰ স্বামীৰ প্ৰত্যৰ্পণৰ নির্দেশ বাতিল কৰিবলৈকো আৱেদন জনাইছিল। 


দুজনীয়া বিচাৰপীঠে এই আৱেদন নাকচ কৰি নিৰ্দেশ জাৰি কৰে যে যেতিয়া এজন লোকক বিদেশী ন্যায়াধিকৰণে ফৰেইনাৰ্ছ অৰ্ডাৰ ১৯৬৪ অনুসৰি বিদেশী বুলি ঘোষণা কৰে, তেনে লোকে ভাৰতীয় নাগৰিকৰ বাবে সংবিধানে অনুচ্ছেদ ১৯ আৰু ২১ৰ অধীনত প্ৰদান কৰা মৌলিক অধিকাৰসমূহ লাভ কৰিব নোৱাৰিব। মাত্ৰ তেওঁ 'লাফুল প্রচেছ'ৰ অধীনত সীমিত জীৱনৰ নিৰাপত্তাহে লাভ কৰিব। 


বিচাৰপীঠে লগতে এই বুলিও কয় যে বিদেশী বুলি ঘোষিত কোনো নাগৰিকে ইয়াতে বসবাস কৰাৰ মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰিব, মুক্তভাৱে ঘূৰি ফুৰিব নোৱাৰিব আৰু ভাৰতত কোনো ব্যৱসায় কৰিব নোৱাৰিব। নির্দেশটোত বিচাৰপীঠে উচ্চতম ন্যায়ালয়ে সর্বানন্দ সোণোৱালৰ গোচৰত বাংলাদেশৰ পৰা অসমলৈ ঘটা বাংলাদেশীৰ অবাধ আগ্রাসনক 'বাহ্যিক আক্রমণ' আখ্যা দিয়াৰ প্ৰসংগ উল্লেখ কৰি কয় যে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনে অসমৰ ঐক্য আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভৱ পেলাব। 


সর্বানন্দ সোণোৱা লৰ গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায় আৰু ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল এছ কে সিনহাৰ মন্তব্যৰ উদ্ধৃতি দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে নির্দেশটোত উল্লেখ কৰিছে যে অসমীয়া মানুহক নিজৰ ৰাজ্যতে সংখ্যালঘু কৰাৰ প্ৰচেষ্টা চলিছে আৰু ইয়াৰ পৰিণাম কৌশলগত আৰু অর্থনৈতিক দিশত অতি ভংয়কৰ হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ