--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰীয় মন্ত্রীজনে কয় যে মার্চত দুয়োখন দেশৰ মাজত এখন অন্তর্বর্তী বাণিজ্য চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে আৰু এইখনেই অহা এপ্রিল মাহৰ পৰা সম্পূর্ণ কাৰ্যকৰী হ'ব।

ডিজিটেল ডেস্ক : ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্য চুক্তিখন অহা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় বাণিজ্য মন্ত্রী পীযূষ গোৱেলে শুকুৰবাৰে এই মন্তব্য কৰে। 


কেন্দ্ৰীয় মন্ত্রীজনে কয় যে মার্চত দুয়োখন দেশৰ মাজত এখন অন্তর্বর্তী বাণিজ্য চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে আৰু এইখনেই অহা এপ্রিল মাহৰ পৰা সম্পূর্ণ কাৰ্যকৰী হ'ব। পৰৱৰ্তী সময়ত এপ্রিল মাহতে ব্রিটেইন আৰু ওমানৰ সৈতে ভাৰতে কৰা মুক্ত বাণিজ্য চুক্তি দুখনো কাৰ্যকৰী কৰা হ'ব। 


আনহাতে, নিউজিলেণ্ডৰ সৈতে হোৱা বাণিজ্য চুক্তি ছেপ্টেম্বৰ মাহৰ পৰা বলৱৎ হ'ব। কেন্দ্ৰীয় মন্ত্রী গোৱেলে কয় যে অতি সোনকালেই ইউৰোপীয়ান ইউনিয়নৰ ২৭খন দেশতে কৰা বাণিজ্য চুক্তিও ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ভাৰত আৰু আমেৰিকাই এটা যুটীয়া বিবৃতিযোগে এখন অন্তর্বর্তী বাণিজ্য চুক্তিৰ ফ্ৰেমৱৰ্কৰ বিষয়ত ঘোষণা কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ