--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ নির্মূলৰ লক্ষ্য লৈছিল, কিন্তু ২০২৫ বর্ষ শেষ হ'বলৈ এমাহ বাকী থকা অৱস্থাত দেশত যক্ষ্মা ৰোগীৰ সংখ্যা প্রায় ডেৰ গুণ বৃদ্ধি পোৱা বুলিহে তথ্য লাভ কৰা হৈছে।

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নির্মূলৰ বাবে লোৱা লক্ষ্য এতিয়া সুদূৰপৰাহত যেন পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ নির্মূলৰ লক্ষ্য লৈছিল, কিন্তু ২০২৫ বর্ষ শেষ হ'বলৈ এমাহ বাকী থকা অৱস্থাত দেশত যক্ষ্মা ৰোগীৰ সংখ্যা প্রায় ডেৰ গুণ বৃদ্ধি পোৱা বুলিহে তথ্য লাভ কৰা হৈছে। 


চৰকাৰী তথ্যত এই কথা কোৱা হৈছে। ২০২০ বর্ষত দেশত যক্ষ্মা ৰোগৰ সংখ্যা আছিল ১৮,০৫,৬৭০জন। যোৱা বছৰ দেশত যক্ষ্মা ৰোগীৰ সংখ্যা ২৬,১৭,৯২৩জনলৈ বৃদ্ধি পায়। 


উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় যক্ষ্মা নিমূলকৰণ কাৰ্যসূচীৰ (এন টি ই পি) অধীনত ভাৰতে ২০২৫ বৰ্ষৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ লক্ষ্য লৈছিল। এন টি ই পিক বিশ্বৰ ভিতৰত অন্যতম উচ্চাভিলাষী আঁচনি বুলি গণ্য কৰা হৈছিল। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ম্যালৰ কেন্দ্ৰীয় যক্ষ্মাৰোগ বিভাগে এই তথ্য প্রকাশ কৰে। 


বিভাগে প্রকাশ কৰা তথ্য মতে চলিত বছৰক অক্টোবৰলৈকে দেশত মুঠ যক্ষ্মা ৰোগীৰ সংখ্যা হ'ল ২০,৭৭,৫৯১জন। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য মতে দেশত ২০২০ চনত ১৮,০৫৬৭০জন, ২০২১৩ ২১,৩৫,৮৩০জন, ২০২২ত ২৪,২২,১২১জন, ২০২৩৩ ২৫,৫২,২৫৭জন আৰু ২০২৪ত ২৬,১৭,৯২৩জন যক্ষ্মা ৰোগী আছিল। 


আনহাতে প্রতি এক লাখ জনসংখ্যাৰ ভিতৰত যক্ষ্মা ৰোগীৰ সংখ্যা ২০২০ চনত ১৩১জনৰ পৰা চলিত বছৰত ১৯৫জনলৈ বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশত চলিত বছৰৰ জুনলৈকে দেশৰ ভিতৰত সৰ্বাধিক ৩,৩৮,৯৮৭জন যক্ষ্মা ৰোগী আছে। অৱশ্যে যোৱা বছৰৰ তুলনাতক ৰাজ্যখনত যক্ষ্মা ৰোগীৰ সংখ্যা হ্রাস পাইছে। আনহাতে ৰাজধানী দিল্লীত চলিত বছৰল জুনলৈকে ৬২,৩৪২জন, মহাৰাষ্ট্ৰত ১,১৫,৩০৩জন ৰোগী আছে। 


আনহাতে যক্ষ্মা ৰোগীআটাইতকৈ কম থকা ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলৰ ভিতৰত সকলোৰে আগত আছে লাক্ষাদ্বীপ। লাক্ষাদ্বীপত যোৱা জুনলৈকে মাত্র ৯জন ৰোগী আছে। আনহাতে যোৱা পাঁচ বছৰত একেৰাহে যক্ষ্মা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা ৰাজ্যৰ তালিকাত সকলোৰে আগত আছে বিহাৰ। বিহাৰত ২০২০ চনত ৯৮,৯৯৪জনৰ পৰা ৰোগীৰ সংখ্যা যোৱা বছৰ ২,০৪,৩০৯জনলৈ বৃদ্ধি পাইছে। 


হাৰিয়ানাতো যক্ষ্মা ৰোগীৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিহাৰত দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী আছে। ইয়াৰ পাছতে মধ্য প্রদেশ (৮৯.৮৩ হাজাৰ), ৰাজস্থান (৮৯,২১৫), গুজৰাট (৬৯,৯১৮) স্থান পাইছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ উদ্বেগজনক তথ্য: দেশত দৈনিক ৫০০টা শিশুৰ বিৰুদ্ধে অপৰাধ
কলকাতাত ভোগালী উৎসৱ আৰু শিল্পী দিৱস উদযাপন;  বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন
জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিও নাপালে প্ৰাপ্য ধন, ৰাজ্যত ১৪ হাজাৰ ঠিকাদাৰৰ হাহাকাৰ
জানুৱাৰী মাহৰ শেষৰ ফালে নক্ষত্ৰৰ পৰিবৰ্তন হ’ব, যাৰ ফলত এই ৭ ৰাশিৰ বাবে আহিব সমৃদ্ধি
পুনৰ জাগ্ৰত বিষ্ণোই গেং ! ১০ কোটি টকাৰ দাবী,নহ'লে বিপদত বি প্ৰাক
বিশ্ব কাপ চাবলৈ ৫০ কোটিৰ আৱেদন, ফিফাৰ সৰ্বশ্রেষ্ঠ প্রতিযোগিতাক লৈ ফুটবলপ্ৰেমীৰ অভূতপূর্ব উৎসাহ
মকৰ সংক্ৰান্তিৰ দিনা গঠন হ’ব বুধাদিত্য ৰাজযোগ! এই ৩টা ৰাশিৰ বাবে শুভ দিনৰ সূচনা কৰিব
৬.৬% বিকাশেৰে ২০২৬ত বিশ্বৰ দ্রুত অৰ্থনীতিৰ দেশ হ'ব ভাৰত, ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰতিবেদনৰ তথ্য
উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ৰ মহাকাশ যাত্ৰা; উৎক্ষেপণত বিজুতি
গুৱাহাটীৰ নাৰেংগীত ভয়ংকৰ ঘটনা; ড্ৰাগছ আসক্ত ব্লেডমেনৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক
ফেচবুকত হিন্দুবিৰোধী মন্তব্য দি আটক শোণিতপুৰৰ গুদামঘাটৰ দুই যুৱক
কণ্ঠশিল্পী মানস ৰবীনলৈ 'গণ শিল্পী ৰাজীৱ শদিয়া সোঁ‌ৱৰণী বঁ‌টা' ; ৰসবাৰী পৰ্যটন মেলাৰ উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা
জৈৱিক অস্ত্ৰ : মাইক্ৰ'ছফটৰ সহঃ প্ৰতিষ্ঠাপক বিল গেটছৰ বাৰ্ষিক প্রতিবেদনত আশংকা, জৈৱ সন্ত্রাসবাদে বিশ্বত নমাব নতুন সংকট
আজি ভোগালী বিহুৰ উৰুকা, ভোগৰ সামগ্ৰীৰে উভৈনদী বজাৰ