--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৈঠকৰ পাছত এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয়, 'আমি যেতিয়া আজি মৰিছাছৰ আমাৰ বন্ধুক আদৰণি জনাইছোঁ, এয়া মাথোঁ আনুষ্ঠানিক সাক্ষাৎ নহয়, এয়া এক আধ্যাত্মিক সাক্ষাৎ।

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে তেওঁৰ সমষ্টি বাৰাণসীত মৰিছাছৰ প্রধানমন্ত্রী নবীনচন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। ইয়াত দুয়োজন প্রধানমন্ত্রী দ্বিপাক্ষিক বৈঠকত মিলিত হয়। 


বৈঠকৰ পাছত এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয়, 'আমি যেতিয়া আজি মৰিছাছৰ আমাৰ বন্ধুক আদৰণি জনাইছোঁ, এয়া মাথোঁ আনুষ্ঠানিক সাক্ষাৎ নহয়, এয়া এক আধ্যাত্মিক সাক্ষাৎ। সেয়ে মই এই কথা ক'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰত আৰু মৰিছাছ কেৱল সহযোগী নহয়, এটা পৰিয়াল। ভাৰতৰ প্ৰতিৱেশী প্রথম নীতি আৰু 'মহাসাগৰ' শীৰ্ষক ভৱিষ্যৎ পৰিকল্পনাৰ মৰিছাছ এক গুৰুত্বপূৰ্ণ স্তম্ভ।' 


প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'প্রাচীন কালৰে পৰা কাশী (বাৰাণসী) ভাৰতীয় সভ্যতাৰ প্ৰতীক আৰু সংস্কৃতিৰ আত্মাৰূপে আছে। আমাৰ সংস্কৃতি আৰু পৰম্পৰা কেইবা শতিকাৰ আগত মৰিছাছ পাইছিলগৈ আৰু তাৰ জীৱনৰ সৈতে চামিল হ'ল। কাশীত গংগাৰ অব্যাহত সোঁতৰ দৰেই ভাৰতীয় সংস্কৃতিও সমৃদ্ধ হৈছে আৰু মৰিছাছক সমৃদ্ধিশালী কৰিছে।' আনহাতে মৰিছাছৰ প্ৰধানমন্ত্ৰী ৰামগোলামে সংবাদমেলত কয়, 'বিগত বছৰবোৰত ভাৰতে বিভিন্ন চৰকাৰৰ যোগেদি মৰিছাছৰ প্ৰগতি অভিমুখী যাত্রাত সংগী হৈছে। আমাৰ স্বাধীনতাৰ আগতেই মৰিছাছত ভাৰতৰ উচ্চায়োগ আছিল। বিগত বছৰবোৰত আমি ভাৰতৰ উদাৰ সহায় তথা স্বাস্থ্য, শিক্ষা, সক্ষমতা গঠন, পুনৰনঞ্চীকৰণীয় ইন্ধন, আন্তঃগাঁথনি আৰু সামুদ্রিক নিৰাপত্তাকে ধৰি ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰধান ক্ষেত্ৰবোৰত বিশেষ জ্ঞানেৰে লাভান্বিত হৈছোঁ।' 


ভাৰতে মৰিছাছৰ বাবে ৬৫৫ মিলিয়ন ডলাৰৰ বিশেষ অর্থনৈতিক পেকেজৰ কথাও ঘোষণা কৰে তথা বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তাৰ ঘটাবলৈ ৭খন চুক্তিত স্বাক্ষৰ কৰে। কালি মোদীয়ে ৰামগোলামক সাক্ষাৎ কৰাৰ আগতে পুলিচ লাইনৰ পৰা ৩ কিল'মিটাৰ দৈৰ্ঘ্যৰ ৰ'ড শ্ব'ত অংশগ্ৰহণ কৰে। ইফালে সন্ধিয়া মৰিছাছৰ প্রধানমন্ত্রী ৰামগোলামে ক্রুজত গৈ বাৰাণসীৰ দশাশ্বমেধ ঘাটত উপস্থিত হয় আৰু আৰতি চায়। ৰামগোলামৰ সন্মানত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে হোটেল তাজত এক নৈশভোেজৰো আয়োজন কৰে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ