--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৈঠকৰ পাছত এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয়, 'আমি যেতিয়া আজি মৰিছাছৰ আমাৰ বন্ধুক আদৰণি জনাইছোঁ, এয়া মাথোঁ আনুষ্ঠানিক সাক্ষাৎ নহয়, এয়া এক আধ্যাত্মিক সাক্ষাৎ।

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে তেওঁৰ সমষ্টি বাৰাণসীত মৰিছাছৰ প্রধানমন্ত্রী নবীনচন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। ইয়াত দুয়োজন প্রধানমন্ত্রী দ্বিপাক্ষিক বৈঠকত মিলিত হয়। 


বৈঠকৰ পাছত এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয়, 'আমি যেতিয়া আজি মৰিছাছৰ আমাৰ বন্ধুক আদৰণি জনাইছোঁ, এয়া মাথোঁ আনুষ্ঠানিক সাক্ষাৎ নহয়, এয়া এক আধ্যাত্মিক সাক্ষাৎ। সেয়ে মই এই কথা ক'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰত আৰু মৰিছাছ কেৱল সহযোগী নহয়, এটা পৰিয়াল। ভাৰতৰ প্ৰতিৱেশী প্রথম নীতি আৰু 'মহাসাগৰ' শীৰ্ষক ভৱিষ্যৎ পৰিকল্পনাৰ মৰিছাছ এক গুৰুত্বপূৰ্ণ স্তম্ভ।' 


প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'প্রাচীন কালৰে পৰা কাশী (বাৰাণসী) ভাৰতীয় সভ্যতাৰ প্ৰতীক আৰু সংস্কৃতিৰ আত্মাৰূপে আছে। আমাৰ সংস্কৃতি আৰু পৰম্পৰা কেইবা শতিকাৰ আগত মৰিছাছ পাইছিলগৈ আৰু তাৰ জীৱনৰ সৈতে চামিল হ'ল। কাশীত গংগাৰ অব্যাহত সোঁতৰ দৰেই ভাৰতীয় সংস্কৃতিও সমৃদ্ধ হৈছে আৰু মৰিছাছক সমৃদ্ধিশালী কৰিছে।' আনহাতে মৰিছাছৰ প্ৰধানমন্ত্ৰী ৰামগোলামে সংবাদমেলত কয়, 'বিগত বছৰবোৰত ভাৰতে বিভিন্ন চৰকাৰৰ যোগেদি মৰিছাছৰ প্ৰগতি অভিমুখী যাত্রাত সংগী হৈছে। আমাৰ স্বাধীনতাৰ আগতেই মৰিছাছত ভাৰতৰ উচ্চায়োগ আছিল। বিগত বছৰবোৰত আমি ভাৰতৰ উদাৰ সহায় তথা স্বাস্থ্য, শিক্ষা, সক্ষমতা গঠন, পুনৰনঞ্চীকৰণীয় ইন্ধন, আন্তঃগাঁথনি আৰু সামুদ্রিক নিৰাপত্তাকে ধৰি ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰধান ক্ষেত্ৰবোৰত বিশেষ জ্ঞানেৰে লাভান্বিত হৈছোঁ।' 


ভাৰতে মৰিছাছৰ বাবে ৬৫৫ মিলিয়ন ডলাৰৰ বিশেষ অর্থনৈতিক পেকেজৰ কথাও ঘোষণা কৰে তথা বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তাৰ ঘটাবলৈ ৭খন চুক্তিত স্বাক্ষৰ কৰে। কালি মোদীয়ে ৰামগোলামক সাক্ষাৎ কৰাৰ আগতে পুলিচ লাইনৰ পৰা ৩ কিল'মিটাৰ দৈৰ্ঘ্যৰ ৰ'ড শ্ব'ত অংশগ্ৰহণ কৰে। ইফালে সন্ধিয়া মৰিছাছৰ প্রধানমন্ত্রী ৰামগোলামে ক্রুজত গৈ বাৰাণসীৰ দশাশ্বমেধ ঘাটত উপস্থিত হয় আৰু আৰতি চায়। ৰামগোলামৰ সন্মানত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে হোটেল তাজত এক নৈশভোেজৰো আয়োজন কৰে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত