ডিজিটেল ডেস্ক : বিশ্ব বতৰ বিজ্ঞান সংস্থাই (ডব্লিউ এম অ') প্রকাশ কৰা এক প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে।
ইয়াত উল্লেখ কৰা মতে, যোৱা বছৰ পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অইডৰ বৃদ্ধিৰ ফলত পৃথিৱীৰ তাপমাত্রা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে ভৱিষ্যতে আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
প্রতিবেদনখনৰ মতে বায়ু মণ্ডললৈ কার্বন-ডাই-আইডৰ নিৰ্গমণ বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ'ল মানুহৰ কাৰ্যকলাপৰ লগতে বন জুইৰ ঘটনা অহৰহ বৃদ্ধি পোৱা, ভূপৃষ্ঠৰ পৰিৱেশ তন্ত্ৰ আৰু মহাসাগৰসমূহে ইয়াক শোষণ কৰাৰ ক্ষমতা হ্রাস পোৱাটো। ডব্লিউ এম অ'ই প্রকাশ কৰা মতে কাৰ্বন-ডাই-আইডৰ বৃদ্ধিৰ হাৰ ৬০ৰ দশকত ০.৮ পি পি এম আছিল। এতিয়া প্ৰতি বছৰে ইয়াৰ তিনিগুণ হাৰত বায়ু মণ্ডলত কার্বন-ডাইআইজৰ মাত্রা বৃদ্ধি পাইছে। ২০১১-২০ দশকত কাৰ্বন-ডাইআইডৰ মাত্রা বৃদ্ধিৰ হাৰ প্ৰতি বছৰত ২.৪ পি পি এম হয়গৈ। আনহাতে ২০২৩ৰ পৰা ২০২৪ লৈ প্রতি বছৰে ৩.৫ পি পি এম হাৰত বায়ু মণ্ডলত কাৰ্বন ডাইআইডৰ মাত্রা বৃদ্ধি পাইছে। ই হ'ল বায়ু মণ্ডলত কার্বন-ডাইঅ'ইডৰ মাত্রা আধুনিকভাৱে জোখাৰ পাছত সৰ্বাধিক হাৰ।
বায়ু মণ্ডলত কেৱল কার্বন-ডাই-আইডেই নহয় আন দুটা গুৰুত্বপূৰ্ণ গ্রীন হাউছ গেছ ক্রমে মিথেইন আৰু নাইট্রাছ আইডৰ মাত্রাও অভিলেখ হাৰত বৃদ্ধি পাইছে। ডব্লিউ এম অ'ৰ উপ সচিব প্রধান ক' বেৰেটে কয় যে কার্বন ডাই আইডৰ লগতে আন গ্রীন হাউছ গেছে শোষণ কৰা তাপমাত্ৰাই আমাৰ জলবায়ু গৰম কৰি তোলাৰ লগতে পৃথিৱীৰো তাপমাত্রা বৃদ্ধি কৰিছে। তেওঁ কয় যে নির্গমণ হ্রাস কৰাটো জলবায়ুৰ লগতে মানুহৰ বাবেও লাভজনক হ'ব। উল্লেখযোগ্য যে ডব্লিউ এম অ'ই প্রথমবাৰৰ বাবে গ্রীন হাউছ বুলেটিন প্রকাশ কৰিছিল ২০০৪ বৰ্ষত। সেই সময়ত ডব্লিউ এম অ'ৰ নিৰীক্ষণ কেন্দ্ৰসমূহে লাভ কৰা তথ্য মতে, কার্বন ডাই-আইডৰ বাৰ্ষিক মাত্রা আছিল ৩৭৭.১ পি পি এম। যোৱা বছৰ ইয়াৰ মাত্রা ৪২৩.৯ পি পি এম হয়গৈ। উল্লেখযোগ্য যে যোৱা বছৰটো ইতিহাসৰ আটাইতকৈ গৰম বছৰ আছিল। যোৱা বছৰ ভূমি আৰু সমুদ্রপৃষ্ঠৰ তাপমাত্রা অস্বাভাৱিক হাৰত বৃদ্ধি পায়। ডব্লিউ এম অ'ৰ বিজ্ঞানীসকলে কয় যে তাপমাত্রা বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল জীৱাশ্ম ইন্ধনৰ বৰ্ধিত দহন বা ব্যৱহাৰ, এল নিনোৰ প্ৰভাৱত বৃদ্ধি পোৱা খৰাং পৰিস্থিতি আৰু ভয়াৱহ ৰূপত বৃদ্ধি পোৱা বনজুই। ইয়াৰ ফলত কার্বন-ডাই আইডক প্রাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাটো বিঘ্নিত হয় আৰু জমা হোৱা কাৰ্বন ডাই আইড পুনৰ বায়ু মণ্ডলত প্ৰৱেশ কৰে। বেৰেটে কয় যে কাৰ্বন-ডাই আইডৰ লগতে আন গ্রীন হাউছ গেছে শোষণ কৰা তাপমাত্রাই আমাৰ পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ লগতে চৰম বতৰৰ দিশে লৈ গৈছে। তেওঁ এই বুলি সতৰ্ক কৰি দিয়ে যে এক ডিগ্রী তাপমাত্রা অতিৰিক্ত বৃদ্ধিত ইয়াৰ প্ৰতি দশমাংশই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আমি দেখা পৰিস্থিতি হ'ল কাৰ্বনৰ নিৰ্গমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰায় এটা দশক পলম কৰাৰ ফল। প্রতিবেদনখনত উল্লেখ কৰা মতে, গ্রীন হাউছ গেছৰ তাৎপর্যপূর্ণভাৱে বৃদ্ধি পোৱাৰ ফলত নির্গমণ হ্রাস কৰাৰ পৃথিৱীৰ প্ৰাকৃতিক ক্ষমতা দুৰ্বল হৈ পৰিছে, ইয়াৰ ফলত গৰম আৰু প্ৰতিকূল বতৰৰ এক 'ছেলল্ফ-ৰিইনফৰ্ছমেন্ট' চক্র সৃষ্টি হ'বলৈ ধৰে। কাৰ্বন শোষণ কৰাৰ ক্ষেত্ৰত মহাসাগৰ আৰু স্থলভাগৰ কাৰ্বনক প্রাকৃতিকভাবে নিয়ন্ত্রণ ক্ষমতা দুৰ্বল হোৱাৰ ফলত স্বয়ং-চালিত জলবায়ু পৰিৱৰ্তন চক্ৰ আৰম্ভ হৈছে। বিজ্ঞানীসকলে প্রকাশ কৰা মতে, মানুহৰ দ্বাৰা নিৰ্গমণ হোৱা কাৰ্বন-ডাইআইডৰ প্ৰায় আধাখিনি বনাঞ্চল, ভূমি আৰু মহাসাগৰসমূহে শোষণ কৰে। কিন্তু এতিয়া এই প্রক্রিয়াটো ক্ৰমাৎ দুৰ্বল হ'বলৈ ধৰিছে। ডব্লিউ এম অ'ই এই কথা নিশ্চিত কৰিছে যে ১৮৫০ চনত তাপমাত্ৰাৰ তথ্য ৰখাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত যোৱা বছৰটো আটাইতকৈ গৰম বছৰ আছিল।
এই ক্ষেত্ৰত যোৱা বছৰ ২০২৩ বৰ্ষৰ অভিলেখো ভংগ হয়। যোৱা বছৰ বিশ্বৰ গড় তাপমাত্রা ১৮৫০-১৯০০ সময়ছোৱাৰ গড় তাপমাত্রাতকৈ ১.৫৫ ডিগ্রী চেলছিয়াছ অধিক আছিল। উল্লেখযোগ্য যে পেৰিছ সন্ধি অনুসৰি বিশ্বৰ গড় তাপমাত্রা বৃদ্ধি ১.৫০ ডিগ্রী চেলছিয়াছত সীমাবদ্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। ইফালে ডব্লিউ এম অ'ৰ প্রতিবেদনখনক ভাৰতৰ জলবায়ু বিজ্ঞানীসকলে কঠোৰ সমালোচনা কৰিছে। ভাৰতৰ জলবায়ু বিশেষজ্ঞসকলে কয় যে ১৪০ কোটি জনসংখ্যাৰ সৈতে ভাৰতে নিৰ্গমণ হ্রাস কৰি সার্বিক বিকাশৰ লক্ষ্য লৈছে। অৱশ্যে বিজ্ঞানীসকলে কয় যে এই সংকটক এতিয়াও প্ৰতিৰোধ কৰিব পাৰি। তাপমাত্রা এক ডিগ্রী চেলছিয়াছ হ্রাস কৰিলে মানুহৰ জীৱন ৰক্ষা কৰাৰ লগতে পলায়ন কম হ'ব তথা পাৰিপাৰ্শ্বিক তন্ত্র তথা সমাজৰ সুস্থিৰতা বৃদ্ধি পাব। ডব্লিউ এম অ'ৰ মতে, এল নিনোৰ প্রভাৱত কার্বন ডাই আইডৰ মাত্রা বৃদ্ধি পায়। এই সময়ছোৱাত উদ্ভিদ শুকাই যোৱা তথা বনজুইৰ ফলত প্রাকৃতিকভাৱে কাৰ্বন ডাই আইডক শোষণ কৰাৰ ক্ষমতা হ্রাস পায়। ইয়াৰ ফলত বায়ু মণ্ডলত ভৱিষ্যতে ইয়াৰ মাত্ৰা অধিক বৃদ্ধি পাব আৰু বিশ্বৰ উষ্ণতা অধিক বৃদ্ধি পাব।
উৎসঃ দৈনিক জনমভূমি