--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দেশখনৰ মাশ্বহাদ মহানগৰৰ পৰা প্ৰায় ১,০০০ ভাৰতীয় নাগৰিকক ৩খন চাৰ্টাৰ বিমানেৰে উদ্ধাৰৰ বাবেই ইৰানে আকাশক্ষেত্ৰ বন্ধৰ নিষেধাজ্ঞা ভাৰতৰ বাবে উঠাই দিছে।

ডিজিটেল ডেস্ক : যুদ্ধৰ বাবে ইৰানে নিজৰ আকাশক্ষেত্র (এয়াৰস্পে'চ) বন্ধ ৰখাৰ সময়তে বিশেষ আৰু ব্যতিক্ৰমীভাৱে ভাৰতৰ বাবে মুকলি কৰিছে নিজৰ আকাশক্ষেত্ৰ। দেশখনৰ মাশ্বহাদ মহানগৰৰ পৰা প্ৰায় ১,০০০ ভাৰতীয় নাগৰিকক ৩খন চাৰ্টাৰ বিমানেৰে উদ্ধাৰৰ বাবেই ইৰানে আকাশক্ষেত্ৰ বন্ধৰ নিষেধাজ্ঞা ভাৰতৰ বাবে উঠাই দিছে।

উল্লেখযোগ্য যে এই ১,০০০ ভাৰতীয় নাগৰিকৰ বেছিভাগেই হৈছে শিক্ষার্থী।

ভাৰতত থকা ইৰানৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ ডেপুটী চীফ অব্ মিছন মহম্মদ জাৱাদ হোছেইনীয়ে কয় যে ভাৰতীয়ক উদ্ধাৰৰ বাবে আগন্তুক দিনত অধিক বিমানৰ চলাচল হ'ব পাৰে। হোছেইনীয়ে কয়, 'আমি ভাৰতীয় নাগৰিকক আমাৰ নিজৰ মানুহ বুলিয়ে ভাবোঁ। তেওঁলোক ইৰানী লোকৰ দৰেই।' তেওঁ আৰু কয়, 'প্রায় ১,০০০ ভাৰতীয়ক প্রথমে তেহৰানৰ কৰা কোমলৈ আৰু কোমৰ পৰা মাশ্বহাদলৈ স্থানান্তৰ কৰা হৈছিল।'

উক্ত মাশ্বহাদ মহানগৰৰ পৰা প্ৰথমখন বিমান শুকুৰবাৰে ৰাতি ভাৰতত উপস্থিত হোৱাৰ কথা। আন-দুখন বিমান শনিবাৰে দুপৰীয়াৰ ভিতৰত ভাৰতত উপস্থিত হ'ব। উল্লেখযোগ্য যে ইৰানৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ যোৱা বুধবাৰে ভাৰতে অপাৰেশ্যন সিন্ধু আৰম্ভ কৰিছিল। এই অভিযানৰ অধীনত ইতিমধ্যে ১৯ জুনত ১১০জন ভাৰতীয় শিক্ষার্থী বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছিল। হোছেইনীয়ে জনোৱা মতে ইৰানত প্রায়, ১০,০০০ ভাৰতীয় বাস কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ