--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দেশখনৰ মাশ্বহাদ মহানগৰৰ পৰা প্ৰায় ১,০০০ ভাৰতীয় নাগৰিকক ৩খন চাৰ্টাৰ বিমানেৰে উদ্ধাৰৰ বাবেই ইৰানে আকাশক্ষেত্ৰ বন্ধৰ নিষেধাজ্ঞা ভাৰতৰ বাবে উঠাই দিছে।

ডিজিটেল ডেস্ক : যুদ্ধৰ বাবে ইৰানে নিজৰ আকাশক্ষেত্র (এয়াৰস্পে'চ) বন্ধ ৰখাৰ সময়তে বিশেষ আৰু ব্যতিক্ৰমীভাৱে ভাৰতৰ বাবে মুকলি কৰিছে নিজৰ আকাশক্ষেত্ৰ। দেশখনৰ মাশ্বহাদ মহানগৰৰ পৰা প্ৰায় ১,০০০ ভাৰতীয় নাগৰিকক ৩খন চাৰ্টাৰ বিমানেৰে উদ্ধাৰৰ বাবেই ইৰানে আকাশক্ষেত্ৰ বন্ধৰ নিষেধাজ্ঞা ভাৰতৰ বাবে উঠাই দিছে।


উল্লেখযোগ্য যে এই ১,০০০ ভাৰতীয় নাগৰিকৰ বেছিভাগেই হৈছে শিক্ষার্থী।


ভাৰতত থকা ইৰানৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ ডেপুটী চীফ অব্ মিছন মহম্মদ জাৱাদ হোছেইনীয়ে কয় যে ভাৰতীয়ক উদ্ধাৰৰ বাবে আগন্তুক দিনত অধিক বিমানৰ চলাচল হ'ব পাৰে। হোছেইনীয়ে কয়, 'আমি ভাৰতীয় নাগৰিকক আমাৰ নিজৰ মানুহ বুলিয়ে ভাবোঁ। তেওঁলোক ইৰানী লোকৰ দৰেই।' তেওঁ আৰু কয়, 'প্রায় ১,০০০ ভাৰতীয়ক প্রথমে তেহৰানৰ কৰা কোমলৈ আৰু কোমৰ পৰা মাশ্বহাদলৈ স্থানান্তৰ কৰা হৈছিল।'


উক্ত মাশ্বহাদ মহানগৰৰ পৰা প্ৰথমখন বিমান শুকুৰবাৰে ৰাতি ভাৰতত উপস্থিত হোৱাৰ কথা। আন-দুখন বিমান শনিবাৰে দুপৰীয়াৰ ভিতৰত ভাৰতত উপস্থিত হ'ব। উল্লেখযোগ্য যে ইৰানৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ যোৱা বুধবাৰে ভাৰতে অপাৰেশ্যন সিন্ধু আৰম্ভ কৰিছিল। এই অভিযানৰ অধীনত ইতিমধ্যে ১৯ জুনত ১১০জন ভাৰতীয় শিক্ষার্থী বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছিল। হোছেইনীয়ে জনোৱা মতে ইৰানত প্রায়, ১০,০০০ ভাৰতীয় বাস কৰি আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ