--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অনুষ্ঠানটোত প্রতিৰক্ষা বিভাগৰ মুৰব্বী (চি ডি এছ) জেনেৰেল অনিল চৌহান, নৌ-সেনাৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্রিপাঠীয়েও অংশগ্ৰহণ কৰে।

ডিজিটেল ডেস্ক : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে বিশাখা পট্টনমত ভাৰতৰ অত্যাধুনিক যুঁজাৰু জাহাজ, 'আই এন এছ তাৰাগিৰি' আনুষ্ঠানিকভাৱে নৌ সেনাত অন্তর্ভুক্ত কৰে।


অনুষ্ঠানটোত প্রতিৰক্ষা বিভাগৰ মুৰব্বী (চি ডি এছ) জেনেৰেল অনিল চৌহান, নৌ-সেনাৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্রিপাঠীয়েও অংশগ্ৰহণ কৰে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ সুৰক্ষা আৰু শক্তি বৃদ্ধিত নৌ সেনাত আই এন এছ তাৰাগিৰিৰ অন্তর্ভুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। 


নতুন যুঁজাৰু জাহাজখনৰ অন্তর্ভুক্তিয়ে ভাৰতীয় নৌ-সেনাৰ যুদ্ধ প্রস্তুতিতো সহায় কৰিব। ইফালে, 'আই-এন-এছ তাৰাগিৰি'ৰ মুকলিৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ পাৰমাণৱিক শক্তিসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন আই এন এছ অৰিধমানো নৌ সেনাত অন্তর্ভুক্ত কৰে। এইখন হৈছে ভাৰতৰ তৃতীয়খন পাৰমাণৱিক শক্তিসম্পন্ন বেলিস্টিক মিছাইল ছাবমেৰিন। 


ইয়াৰ পূৰ্বৰ এই সুবিধাযুক্ত ছাবমেৰিন দুখন হৈছে আই এন এছ অৰিহাণ্ট আৰু আই এন এছ আৰিঘাট। ছাবমেৰিনখন মুকলিৰ পাছতে ৰাজনাথ সিঙে 'এক্স'ত উল্লেখ কৰে যে অৰিধমান কেৱল শব্দ নহয়, ই এটা শক্তি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু