--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যখনৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র তিনিমাহ বাকী থকা অৱস্থাত দাখিল কৰা অন্তৰ্ৱৰ্তী বাজেটত মহিলা, যুৱক আৰু বিভিন্ন খণ্ডৰ শ্রমিকলৈ বিভিন্ন সুবিধা প্ৰদানৰ প্রস্তাৱ লোৱা হৈছে।

ডিজিটেল ডেস্ক : পশ্চিম বংগ চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৪.০৬ লাখ কোটি টকাৰ অন্তৰ্ৱৰ্তী বাজেট দাখিল কৰে।


ৰাজ্যখনৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র তিনিমাহ বাকী থকা অৱস্থাত দাখিল কৰা অন্তৰ্ৱৰ্তী বাজেটত মহিলা, যুৱক আৰু বিভিন্ন খণ্ডৰ শ্রমিকলৈ বিভিন্ন সুবিধা প্ৰদানৰ প্রস্তাৱ লোৱা হৈছে। 


মহিলাসকলৰ বাবে থকা 'লক্ষ্মীৰ ভাণ্ডাৰ' আঁচনিত চলিত মাহৰ পৰা ৫০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আঁচনিৰ বাবে চৰকাৰে ১৫ হাজাৰ কোটি টকা ঘোষণা কৰিছে। ইফালে ৰাজ্যখনৰ বিত্তমন্ত্রী চন্দ্রিমা ভট্টাচাৰ্যই বাজেট দাখিল কৰি কয় যে চৰকাৰে ২১ৰ পৰা ৪০ বছৰৰ ভিতৰৰ নিবনুৱা যুৱ সম্প্ৰদায়ৰ বাবে 'বেংগলৰ যুৱ সাথি' নামেৰে এখন আঁচনি আৰম্ভ কৰিব আৰু সংস্থাপন লাভ নকৰালৈকে যুৱ সম্প্রদায়ক মাহে ১,৫০০ টকাকৈ প্রদান কৰিব। 


তদুপৰি অংগনৱাড়ীকর্মী-সহায়িকাসকলৰ মাহেকীয়া ভাত্তাও ১,০০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি তেওঁলোকৰ মৃত্যুৰ পাছত সতি-সন্ততিলৈ ৫ লাখ কৈ টকা প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে। আশাকর্মীসকলকো অতিৰিক্ত ১০০০ টকাকৈ প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই বাজেটখনক জনমুখী বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু