--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যখনৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র তিনিমাহ বাকী থকা অৱস্থাত দাখিল কৰা অন্তৰ্ৱৰ্তী বাজেটত মহিলা, যুৱক আৰু বিভিন্ন খণ্ডৰ শ্রমিকলৈ বিভিন্ন সুবিধা প্ৰদানৰ প্রস্তাৱ লোৱা হৈছে।

ডিজিটেল ডেস্ক : পশ্চিম বংগ চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৪.০৬ লাখ কোটি টকাৰ অন্তৰ্ৱৰ্তী বাজেট দাখিল কৰে।


ৰাজ্যখনৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র তিনিমাহ বাকী থকা অৱস্থাত দাখিল কৰা অন্তৰ্ৱৰ্তী বাজেটত মহিলা, যুৱক আৰু বিভিন্ন খণ্ডৰ শ্রমিকলৈ বিভিন্ন সুবিধা প্ৰদানৰ প্রস্তাৱ লোৱা হৈছে। 


মহিলাসকলৰ বাবে থকা 'লক্ষ্মীৰ ভাণ্ডাৰ' আঁচনিত চলিত মাহৰ পৰা ৫০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আঁচনিৰ বাবে চৰকাৰে ১৫ হাজাৰ কোটি টকা ঘোষণা কৰিছে। ইফালে ৰাজ্যখনৰ বিত্তমন্ত্রী চন্দ্রিমা ভট্টাচাৰ্যই বাজেট দাখিল কৰি কয় যে চৰকাৰে ২১ৰ পৰা ৪০ বছৰৰ ভিতৰৰ নিবনুৱা যুৱ সম্প্ৰদায়ৰ বাবে 'বেংগলৰ যুৱ সাথি' নামেৰে এখন আঁচনি আৰম্ভ কৰিব আৰু সংস্থাপন লাভ নকৰালৈকে যুৱ সম্প্রদায়ক মাহে ১,৫০০ টকাকৈ প্রদান কৰিব। 


তদুপৰি অংগনৱাড়ীকর্মী-সহায়িকাসকলৰ মাহেকীয়া ভাত্তাও ১,০০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি তেওঁলোকৰ মৃত্যুৰ পাছত সতি-সন্ততিলৈ ৫ লাখ কৈ টকা প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে। আশাকর্মীসকলকো অতিৰিক্ত ১০০০ টকাকৈ প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই বাজেটখনক জনমুখী বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ