--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে কোম্পানীটোৱে এতিয়া 'Scheduled Message' নামৰ এটা বিশেষ ফিচাৰৰ কাম কৰি আছে।

ডিজিটেল ডেস্কঃ জনপ্ৰিয় মেছেজিং প্লেটফৰ্ম WhatsApp-এ নিজৰ ব্যৱহাৰকাৰীসকলৰ অভিজ্ঞতা অধিক সহজ কৰি তুলিবলৈ এক নতুন ফিচাৰ আনিবলৈ সাজু হৈছে।


বিশেষকৈ আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে কোম্পানীটোৱে এতিয়া 'Scheduled Message' নামৰ এটা বিশেষ ফিচাৰৰ কাম কৰি আছে।


কি এই নতুন Scheduled Message ফিচাৰ?



WABetaInfo-ৰ এক প্ৰতিবেদন অনুসৰি, হোৱাটছএপে এনে এটা প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে কোনো ব্যক্তিলৈ পঠিয়াব লগা বাৰ্তা বা মেছেজ এটা আগতীয়াকৈ টাইপ কৰি থৈ তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰি দিব পাৰিব। নিৰ্ধাৰিত সময় হোৱাৰ লগে লগে মেছেজটো স্বয়ংক্ৰিয়ভাৱে প্ৰেৰণ হ’ব।


এই সুবিধাটো বৰ্তমান iOS বিটা আপডেট (সংস্কৰণ 26.7.10.72) ত পৰীক্ষামূলকভাৱে উপলব্ধ কৰা হৈছে।


এই ফিচাৰটো কেনেকৈ কাম কৰিব?


মেছেজ টাইপিং: ব্যৱহাৰকাৰীয়ে প্ৰথমে মেছেজটো টাইপ কৰিব লাগিব।


সময় নিৰ্ধাৰণ: তাৰ পিছত ডেলিভাৰীৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ আৰু সঠিক সময় বাচনি কৰিব লাগিব।


ব্যৱস্থাপনা: ব্যৱহাৰকাৰীয়ে 'চেট ইনফ' স্ক্ৰীণ'ৰ এক বিশেষ অংশত তেওঁলোকে ছিডিউল কৰি থোৱা মেছেজসমূহ চাব পাৰিব।


সংশোধন বা বিলোপ: মেছেজটো প্ৰেৰণ হোৱাৰ আগতে ব্যৱহাৰকাৰীয়ে বিচাৰিলে সেয়া ডিলিট কৰিব পাৰিব অথবা সময় সলনি কৰিব পাৰিব।


ব্যৱহাৰকাৰীৰ বাবে ইয়াৰ গুৰুত্ব:


এই ফিচাৰটো বিশেষকৈ সেইসকল লোকৰ বাবে উপযোগী হ'ব যিসকলে ব্যস্ততাৰ বাবে প্ৰয়োজনীয় সময়ত শুভেচ্ছা বা গুৰুত্বপূৰ্ণ আপডেট দিবলৈ পাহৰি যায়। জন্মদিনৰ শুভেচ্ছা, অফিচৰ কামৰ সোঁৱৰণী বা গ্ৰুপৰ কোনো গুৰুত্বপূৰ্ণ ঘোষণাৰ বাবে এই ফিচাৰটো অতি ফলপ্ৰসূ হ’ব।


হোৱাটছএপৰ আন এক নতুন ফিচাৰ:


ছিডিউল মেছেজৰ উপৰিও হোৱাটছএপে শেহতীয়াভাৱে 'গ্ৰুপ মেছেজ হিষ্ট্ৰী' (Group Message History) নামৰ এক সুবিধা মুকলি কৰিছে। ইয়াৰ দ্বাৰা কোনো এটা গ্ৰুপত নতুনকৈ যোগদান কৰা সদস্যই আগৰ ২৫ ৰ পৰা ১০০ টা পুৰণি মেছেজ চাবলৈ সক্ষম হ’ব, যাৰ ফলত তেওঁলোকে চলি থকা আলোচনাটোৰ প্ৰসংগ সহজে বুজি পাব।


গোপনীয়তাৰ ক্ষেত্ৰতো হোৱাটছএপে বিশেষ গুৰুত্ব দিছে। এই সকলোবোৰ সুবিধা End-to-End Encrypted, যাৰ অৰ্থ হ’ল আপোনাৰ বাৰ্তালাপ সম্পূৰ্ণৰূপে ব্যক্তিগত আৰু সুৰক্ষিত থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ