--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রটন বীম থেৰাপী হৈছে কেঞ্চাৰ চিকিৎসাৰ এটা অত্যাধুনিক বিকিৰণ (Radia-tion) পদ্ধতি, য'ত এক্স-ৰেৰ সলনি উচ্চ শক্তিসম্পন্ন প্রটন কণিকা ব্যৱহাৰ কৰি টিউমাৰ বা কেঞ্চাৰ কোষ ধ্বংস কৰা হয়।

ডিজিটেল ডেস্ক : ভাৰতৰ ৰাজহুৱা চিকিৎসা খণ্ডত ইতিহাস ৰচিবলৈ সাজু হৈছে অসম। আগন্তুক সাত দিনৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আৰম্ভ হ'ব প্রটন বীম থেৰাপী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়াযোগে এই কথা ৰাজহুৱা কৰি প্ৰকাশ কৰা মতে প্ৰটন বীম থেৰাপী এটা অত্যাধুনিক চিকিৎসা। ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত এনে সুবিধা থকা অসম হ'ব দেশৰ ভিতৰতে প্রথম। 


উল্লেখযোগ্য যে প্রটন বীম থেৰাপী হৈছে কেঞ্চাৰ চিকিৎসাৰ এটা অত্যাধুনিক বিকিৰণ (Radia-tion) পদ্ধতি, য'ত এক্স-ৰেৰ সলনি উচ্চ শক্তিসম্পন্ন প্রটন কণিকা ব্যৱহাৰ কৰি টিউমাৰ বা কেঞ্চাৰ কোষ ধ্বংস কৰা হয়। এই পদ্ধতিৰে প্ৰটন কণিকাসমূহক বিশেষ যন্ত্ৰৰ সহায়ত দ্রুতগতিৰে টিউমাৰৰ নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হয়। এই কণিকাসমূহে টিউমাৰৰ ভিতৰত সৰ্বাধিক শক্তিৰে কাম কৰে ফলত আশে-পাশে থকা সুস্থ কলাৰ ক্ষতি তুলনামূলকভাৱে কম হয়। মগজুৰ টিউমাৰ, মেৰুদণ্ড, চকু, মূৰ-ডিঙিৰ কেঞ্চাৰ আদিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰটন বীম থেৰাপী উপযোগী। 


সাধাৰণভাৱে ক'বলৈ গ'লে, প্রটন বীম থেৰাপী হৈছে এক উন্নত আৰু অত্যন্ত নির্ভুল কেঞ্চাৰ চিকিৎসা পদ্ধতি। কিন্তু এই চিকিৎসাৰ খৰচ যথেষ্ট বেছি। যাৰ বাবে এই চিকিৎসা সকলো চিকিৎসালয়তে উপলব্ধ নহয়। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান