--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রটন বীম থেৰাপী হৈছে কেঞ্চাৰ চিকিৎসাৰ এটা অত্যাধুনিক বিকিৰণ (Radia-tion) পদ্ধতি, য'ত এক্স-ৰেৰ সলনি উচ্চ শক্তিসম্পন্ন প্রটন কণিকা ব্যৱহাৰ কৰি টিউমাৰ বা কেঞ্চাৰ কোষ ধ্বংস কৰা হয়।

ডিজিটেল ডেস্ক : ভাৰতৰ ৰাজহুৱা চিকিৎসা খণ্ডত ইতিহাস ৰচিবলৈ সাজু হৈছে অসম। আগন্তুক সাত দিনৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আৰম্ভ হ'ব প্রটন বীম থেৰাপী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়াযোগে এই কথা ৰাজহুৱা কৰি প্ৰকাশ কৰা মতে প্ৰটন বীম থেৰাপী এটা অত্যাধুনিক চিকিৎসা। ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত এনে সুবিধা থকা অসম হ'ব দেশৰ ভিতৰতে প্রথম। 


উল্লেখযোগ্য যে প্রটন বীম থেৰাপী হৈছে কেঞ্চাৰ চিকিৎসাৰ এটা অত্যাধুনিক বিকিৰণ (Radia-tion) পদ্ধতি, য'ত এক্স-ৰেৰ সলনি উচ্চ শক্তিসম্পন্ন প্রটন কণিকা ব্যৱহাৰ কৰি টিউমাৰ বা কেঞ্চাৰ কোষ ধ্বংস কৰা হয়। এই পদ্ধতিৰে প্ৰটন কণিকাসমূহক বিশেষ যন্ত্ৰৰ সহায়ত দ্রুতগতিৰে টিউমাৰৰ নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হয়। এই কণিকাসমূহে টিউমাৰৰ ভিতৰত সৰ্বাধিক শক্তিৰে কাম কৰে ফলত আশে-পাশে থকা সুস্থ কলাৰ ক্ষতি তুলনামূলকভাৱে কম হয়। মগজুৰ টিউমাৰ, মেৰুদণ্ড, চকু, মূৰ-ডিঙিৰ কেঞ্চাৰ আদিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰটন বীম থেৰাপী উপযোগী। 


সাধাৰণভাৱে ক'বলৈ গ'লে, প্রটন বীম থেৰাপী হৈছে এক উন্নত আৰু অত্যন্ত নির্ভুল কেঞ্চাৰ চিকিৎসা পদ্ধতি। কিন্তু এই চিকিৎসাৰ খৰচ যথেষ্ট বেছি। যাৰ বাবে এই চিকিৎসা সকলো চিকিৎসালয়তে উপলব্ধ নহয়। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী