--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত বলীউডৰ জনপ্ৰিয় যুটি আছিল ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ। ৯০ৰ দশকত দুয়োৰে প্ৰেম কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অনুৰাগীসকলে আশা কৰিছিল যে দুয়োৰে বিয়া সোনকালে হ’ব কিন্তু হঠাতে তেওঁলোকৰ সম্পৰ্কত ধৰিলে ঘূণে  ৷ কিছুদিনৰ আগতে এটা সাক্ষাৎকাৰত আৰবাজ খানে ছলমান আৰু ঐশ্বৰ্যৰ বিয়া নোহোৱাৰ আঁৰৰ কাৰণটো কৈছিল।

ঐশ্বৰ্য ৰায় তেওঁৰ সৌন্দৰ্য্যৰ বাবে বিখ্যাত। তেওঁ এগৰাকী সফল মডেল আছিল আৰু অতি সোনকালেই বলীউডতো নিজৰ স্থান দখল কৰিছিল। ঐশ্বৰ্য আৰু ছলমানে একেলগে হম দিল দে চুকে ছানামত কাম কৰিছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী।

ছলমান খান ঐশ্বৰ্য ৰায়ৰ প্ৰেমত উন্মাদ হৈ পৰিছিল। ভাইজানে ঐশ্বৰ্যৰ লগত ওৰে জীৱন সংগী হোৱাৰ সপোন দেখিছিল৷ কিন্তু ঐশ্বৰ্য ৰায়ে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়াটো বিচাৰিছিল আৰু বিয়াৰ বাবে প্ৰস্তুত নাছিল। ইয়াৰ বাবেই তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ ধৰিলে কাৰণ ছলমানে তেওঁলোকৰ সম্পৰ্কক আগুৱাই নিব বিচাৰিছিল।

এইটোৱেই আছিল আচল কাৰণ 

বলীউড লাইফৰ প্ৰতিবেদন অনুসৰি আৰবাজ খানে কৈছিল যে ঐশ্বৰ্য ৰায়ৰ দ্বিধাবোধ ছলমানৰ আচৰণত দেখা পোৱা গৈছিল । তেওঁৰ স্বভাৱ অতি উগ্ৰ হৈ পৰিছিল আৰু খংটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। খবৰ অনুসৰি ঐশ্বৰ্যই শ্বুটিং কৰি থকা এখন ছবিৰ চেটতো ছলমান খানে হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছত তেওঁক প্ৰজেক্টটোৰ পৰা আঁতৰাই দিয়া হয়।

খবৰ অনুসৰি ঐশ্বৰ্য ৰায়ৰ পিতৃয়ে ছলমান খানৰ সৈতে থকা সম্পৰ্কক সমৰ্থন কৰা নাছিল। ছলমানৰ ব্যক্তিত্ব ভাল পোৱা নাছিল ৷ ঐশ্বৰ্যৰ পিতৃয়ে কন্যাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল আৰু ছলমানক তেওঁৰ বাবে উপযুক্ত সংগী বুলি গণ্য কৰা নাছিল।

খবৰ অনুসৰি, ঐশ্বৰ্যই ছলমানৰ পৰিয়ালৰ সৈতে বহু সময় কটাইছিল কিন্তু ছলমানৰ সৈতে বিয়া হ’বলৈহে সাজু নাছিল। যাৰ বাবে দুয়োজনৰ মাজত সদায় বিবাদ সৃষ্টি হ’বলৈ ধৰিলে ৷ শেষত তেওঁলোকৰ সম্পৰ্কটো অতি বেয়া স্তৰত ভাঙি থাকিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ