--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানে মানুহৰ জীৱন যাত্ৰা অধিক সহজ আৰু আৰামদায়ক কৰি তুলিছে৷ প্ৰযুক্তিৰ উন্নতি হৈছে আৰু তাৰ সৈতে সংগতি ৰাখি মানুহেও প্ৰযুক্তিৰ সহায়ত নিজৰ বাবে প্পয়োজনীয় বহু কথাই জানিবলৈ সক্ষম হৈছে৷ বহু মহিলা-যুৱতী আছে যিসকলে ঋতুস্ৰাৱৰ তাৰিখ, সময় আদি পাহৰি যায়৷ ফলত বহু সময়ত তেওঁলোকে অসুবিধাৰো সন্মুখীন হ’বলগীয়া হয়৷ এনে অসুবিধা দূৰ কৰিবলৈ এতিয়া জনপ্ৰিয় মেচেজিং এপ হোৱাটছএপে মহিলা ব্যৱহাৰকাৰীসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সুবিধা সংযোগ কৰিবলৈ ওলাইছে।

পৰৱৰ্তী ঋতুস্ৰাৱ কেতিয়া হ’ব হোৱাটছএপেই  মনত পেলাই দিব।জানিব পৰা মতে হোৱাটছএপত  চিৰোনা নামৰ এটা নতুন চেটবট সংযোগ কৰা হৈছে। 

যিয়ে মহিলাসকলক ঋতুস্ৰাৱৰ সময়ৰ বিষয়ে অৱগত কৰাত সহায় কৰিব। এই নতুন সেৱাটো আৰম্ভ কৰিবলৈ হোৱাটছএপে চিৰোনা হাইজিন প্ৰাইভেট লিমিটেডৰ সৈতে চুক্তি কৰিছে।

 কিন্তু  এই সেৱা কেনেদৰে লাভ কৰিব পৰা যাব ?ইয়াৰ বাবে +919718866644 নম্বৰলৈ  'হাই' লিখি  হোৱাটছএপ কৰিব লাগিব। এই সেৱা লাভ কৰিবলৈ কিছুমান ব্যক্তিগত তথ্যও প্ৰদান কৰিব লাগিব। 

যেনে ঋতুস্ৰাৱৰ তাৰিখ, ই কিমান দিন থাকে, ঋতুস্ৰাৱ নিয়মীয়া হয় নে নহয় ইত্যাদি। আপুনি এই তথ্য প্ৰদান কৰাৰ পিছত পৰৱৰ্তী সময়ৰ পৰা হোৱাটছএপে সকলো প্ৰয়োজনীয় কথা মনত পেলাই দি থাকিব৷

 ফলস্বৰূপে যিসকলৰ প্ৰয়োজন তেওঁলোকে আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব।হোৱাটছএপৰ তৰফৰ পৰা কোৱা হৈছে  যে  যিমান সঠিকভাৱে নিজৰ বিষয়ে তথ্য দিব পাৰিব, চিৰোনাই সিমানেই সঠিকভাৱে উত্তৰ দিবলৈ সক্ষম হ'ব। 

ইয়াৰ মাজতে, যদি কাৰোৱাৰ ঋতুস্ৰাৱ কোনো কাৰণত অনিয়মীয়া হৈ পৰে, তেনেহ'লে সেই বিষয়ে পিছত আপডেট দিব লাগিব। ব্যস্ততাৰ মাজত বহুলোকে নিজৰ যত্ন ল'বলৈ পাহৰি যায়। এই চেটবটটো নিঃসন্দেহে সেই ব্যস্ত মহিলাসকলৰ বাবে অতি উপযোগী হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement