--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপৃথিৱীৰ পৰা বহু নিলগত আৰু সূৰ্যৰ নিচেই কাষতে থকা বুধ গ্ৰহৰ বিষয়ে বিশ্ববাসীয়ে খুব কমকৈহে জানে। বুধ গ্ৰহৰ ৰহস্য ভেদ কৰাৰ বাবে গ্ৰহটো অভিমুখে প্ৰেৰণ কৰা হৈছে এখন মহাকাশ যান।বেপিকোলোমোবো নামৰ মহাকাশযানখনে বুধ গ্ৰহৰ বহু ছবি তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছে। 

বুধৰ ওপৰেৰে উৰি যোৱাৰ সময়তে যান খনে  সূৰ্যৰ আটাইতকৈ ওচৰত থকা এটা গ্ৰহটোৰ গহ্বৰযুক্ত পৃষ্ঠৰ ছবি তুলিবলৈ সক্ষম হৈছে।  বৃহস্পতিবাৰে বেপিকোলোমোবো মহাকাশযানখনে গ্ৰহটোৰ পৃষ্ঠৰ ওপৰেৰে ২০০ কিলোমিটাৰ ওচৰলৈ আহিছিল।
 ২০২৫ চনত যান খনে বুধৰ কক্ষপথত প্ৰৱেশ কৰাৰ আগতে বুধৰ চাৰিওফালে মুঠ ছয়বাৰ উৰিব। এনেদৰে উৰি থকাৰ সময়তে যান খনে গ্ৰহটোৰ নানান ছবি তুলিব। যিবোৰ ছবি বিশ্ববাসীয়ে আগতে কেতিয়াও দেখা নাই। 



মহাকাশযানখনে বুধৰ ছবি ল'বলৈ তিনিটা নিৰীক্ষণ কেমেৰা (এমচিএএম) ব্যৱহাৰ কৰিছে।  ফ্লাইবাইৰ প্ৰাথমিক উদ্দেশ্য হৈছে বুধলৈ ভৱিষ্যত অভিযানৰ বাবে বিস্তৃত আৰু দীঘলীয়া গৱেষণা কৰা, গ্ৰহটোলৈ যাব পৰা সঠিক পথ  নিশ্চিত কৰা আদি । ইউৰোপীয়  মহাকাশ সংস্থা আৰু জাপানী মহাকাশ সংস্থা, জেএএক্সএ,  যুটীয়াভাৱে নিৰ্মাণ কৰা মহাকাশযানখনে সৌৰজগতৰ আচৰিত গ্ৰহটোৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

 শেহতীয়া ছবি বোৰত বুধৰ পৃষ্ঠ বহু দ দ গহ্বৰে আৱৰি ৰথা দেখা গৈছে।কি কাৰণত তেনে গহ্বৰৰ সৃষ্টি হৈছে সেয়াও জনাৰ চেষ্টা চলোৱা হ’ব। শেহতীয়াকৈ মহাকাশযানখনে প্ৰতি ছেকেণ্ডত ১.৩ কিলোমিটাৰ গতিৰে বুধৰ কাষত বিচৰণ কৰি আছে। ইউৰোপীয় মহাকাশ সংস্থাই কৈছে যে বুধৰ কক্ষপথত যানখনে প্ৰৱেশ কৰাটো এটা প্ৰত্যাহ্বানমূলক কাম।

 বেপিকলম্বোৱে পৃথিৱীৰ পৰা উৎক্ষেপণ কৰাৰ লগে লগে ইয়াত সৃষ্টি হোৱা কক্ষীয় শক্তি হ্ৰাস কৰিব লগা হৈছিল, যাৰ অৰ্থ হৈছে ই প্ৰথমে আমাৰ গৃহ গ্ৰহৰ সৈতে একে কক্ষপথত উৰিছিল । গহ্বৰৰ ভিতৰত পানী থাকিব পাৰে নেকি সেই বিষয়তো যান খনে গৱেষণা চলাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি