--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰতি বছৰে ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱস পালন কৰা হয়।২০১২ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰতিষ্ঠা কৰা আন্তৰ্জাতিক সুখ দিৱসৰ লক্ষ্য হৈছে মানুহে নিজৰ জীৱনত সুখ আৰু মংগলৰ গুৰুত্ব উপলব্ধি কৰা। এই উপলক্ষে আজি (২০ মাৰ্চ) অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিয়িং ৰিচাৰ্চ চেণ্টাৰ, গ্যালাপ আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ দ্বাৰা পৰিচালিত বিশ্ব সুখৰ প্ৰতিবেদন প্ৰকাশ পায়। প্ৰতিবেদনত সামাজিক সমৰ্থন, আয়, আয়ুস, আৰু দুৰ্নীতিৰ মাত্ৰা আদিকে ধৰি বিভিন্ন মাপকাঠীৰ ভিত্তিত দেশসমূহৰ ৰেটিং দিয়া হৈছে।

সুখী দেশৰ তালিকাত প্ৰথম স্থানত আছে ফিনলেণ্ড। একেৰাহে ৮ বাৰৰ বাবে ফিনলেণ্ডে এই স্থান দখল কৰিবলৈ সক্ষম হয়। সুখী দেশৰ তালিকাত থকা শীৰ্ষ ১০ খন দেশৰ নাম তলত উল্লেখ কৰা হ’ল-


১)ফিনলেণ্ড
২)ডেনমাৰ্ক
৩)আইচলেণ্ড
৪)ছুইডেন
৫)নেডাৰলেণ্ড
৬)কোষ্টা ৰিকা
৭)ন’ৰৱে
৮)ইজৰাইল
৯)লাক্সেমবাৰ্গ
১০)মেক্সিকো

আন্তৰ্জাতিক সুখ দিৱস উপলক্ষে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘই ২০২৫ চনৰ বিশ্ব সুখ প্ৰতিবেদন( world happiness index) প্ৰকাশ কৰে। এই প্ৰতিবেদনত ১৪৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছে ১১৮ নম্বৰত।

ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ২০২৫ অনুসৰি ভাৰত ১৪৭খন দেশৰ ভিতৰত ১১৮ নম্বৰ স্থানত অব্যাহত আছে। ইফালে যুক্তৰাজ্য ২৩, আমেৰিকা ২৪, চীন ৬৮, নেপাল ৯২, পাকিস্তান ১০৯ নম্বৰত। ২০২৫ চনৰ বিশ্ব সুখ প্ৰতিবেদনত আফগানিস্তানে শেষ স্থান লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ