--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দিব বহুকেইজন গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে৷ দুলীয়াজানত মনোনয়ন দিব লুৰীণজ্যোতি গগৈয়ে৷ ইপিনে অগপৰ সভাপতি অতুল বৰাৰ সৈতে বোকাখাতত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ গহপুৰত মনোনয়ন দিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ লগত উপস্থিত থাকিব জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, ৰকিবুল হুছেইনসহ বহু নেতা৷

আৰু পঢ়িব পাৰিব : আজি শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব অখিল গগৈৰ…

ঢকুৱাখনাত মনোনয়ন দিব নৱ কুমাৰ দলেই৷ নৱ দলেকো সংগ দিব মুখ্যমন্ত্ৰী সোণোৱালে৷ গোলাঘাটত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী অজন্তা নেওগে, মাৰ্ঘেৰিটাত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই, গোলাঘাট, নাজিৰাত উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা, যোৰহাটত মনোনয়ন দিব কংগ্ৰেছৰ ৰানা গোস্বামীয়ে, লখিমপুৰত মনোনয়ন দিব অগপৰ উত্পল দত্তই, বিজেপিৰ মানৱ ডেকা, কংগ্ৰেছৰ ডাঃ জয়প্ৰকাশ দাসেও দিব মনোনয়ন৷

ইপিনে বিহপুৰীয়াত মনোনয়ন দিব কংগ্ৰেছৰ ভূপেন বৰাই, নাওবৈচাত মনোনয়ন দিব অগপৰ জয়ন্ত খাউণ্ডে, চতিয়াত মনোনয়ন দিব বিজেপিৰ পদ্ম হাজৰিকাই, ধেমাজিত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে, জোনাইত মনোনয়ন দিব বিজেপিৰ ভুৱন পেগুৱে, কলিয়াবৰত মনোনয়ন দিব অগপৰ বিধায়ক কেশৱ মহন্তই, মাজুলীত মনোনয়ন দিব এজেপিৰ শিশুধৰ দলেই, সৰুপথাৰত মনোনয়ন দিব বিজেপিৰ বিশ্বজিৎ ফুকনে, কলিয়াবৰ, সৰুপথাৰত উপস্থিত থাকিব ৰঞ্জিত কুমাৰ দাস৷

আৰু পঢ়িব পাৰিব : বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল: বিজেপিৰ প্ৰাৰ্থীৰ সাক্ষাৎ অতুল বৰা

মাৰ্ঘেৰিটাত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই৷ শিৱসাগৰত আজি অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল৷ অখিলৰ হৈ মনোনয়ন দিব ৰাইজৰ দলৰ নেতৃবৰ্গই৷ আজি গোলাঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰো মনোনয়ন, খুমটাইত মনোনয়ন দিব এজেপিৰ পৱন শইকীয়াই, থাওৰাত মনোনয়ন দিব কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁয়ে, থাওৰাৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰো আজি মনোনয়ন, আমগুৰিত মনোনয়ন দিব অংকিতা দত্ত, প্ৰদীপ হাজৰিকাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ