--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাহজোৰা ত্যাগ, সংযম আৰু ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ। দেশজুৰি ইছলামধৰ্মী লোকসকলে পালন কৰিছে ঈদ ৷ আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ ছবি। 

কেৱল ভাৰতবাসীয়েই নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগ লগেই ত্যাগ আৰু ভাতৃত্ববোধৰ বাণী বিলাই উদযাপন কৰে পৱিত্ৰ ঈদ-উল-ফিতৰ । ভ্ৰাতৃত্ববোধ আৰু ঐক্যৰ নিদৰ্শন দাঙি ধৰা এই উৎসৱ সমগ্ৰ দেশৰ মুছলমান ভাই-ভনীসকলে অতি উৎসাহ আৰু আনন্দেৰে উদযাপন কৰে।

পৱিত্ৰ ঈদ উপলক্ষে আজি পুৱা দেশৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকল একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে আনজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাটো পৰিলক্ষিত হয় ৷ ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল-মাখল পৰিৱেশ। 

আনহাতে ঈদ উপলক্ষে বজাৰসমূহত উপলব্ধ হৈছে বিভিন্ন সুস্বাদু মিঠাই। লগতে ইছলামধৰ্মীসকলে পৰিধান কৰিছে নতুন সাজ-পোছাক। এক কথাত ক’বলৈ গ’লে দৰিদ্ৰ আৰু নিঃস্বসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ সৈতে সুখৰ ভাগ-বতৰা কৰাৰ এক সুযোগ ঈদ। এই উৎসৱে আমাক শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু সমাজৰ সমৃদ্ধি আৰু সমৃদ্ধিৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।

উৎস- দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প