--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাহজোৰা ত্যাগ, সংযম আৰু ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ। দেশজুৰি ইছলামধৰ্মী লোকসকলে পালন কৰিছে ঈদ ৷ আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ ছবি। 

কেৱল ভাৰতবাসীয়েই নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগ লগেই ত্যাগ আৰু ভাতৃত্ববোধৰ বাণী বিলাই উদযাপন কৰে পৱিত্ৰ ঈদ-উল-ফিতৰ । ভ্ৰাতৃত্ববোধ আৰু ঐক্যৰ নিদৰ্শন দাঙি ধৰা এই উৎসৱ সমগ্ৰ দেশৰ মুছলমান ভাই-ভনীসকলে অতি উৎসাহ আৰু আনন্দেৰে উদযাপন কৰে।

পৱিত্ৰ ঈদ উপলক্ষে আজি পুৱা দেশৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকল একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে আনজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাটো পৰিলক্ষিত হয় ৷ ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল-মাখল পৰিৱেশ। 

আনহাতে ঈদ উপলক্ষে বজাৰসমূহত উপলব্ধ হৈছে বিভিন্ন সুস্বাদু মিঠাই। লগতে ইছলামধৰ্মীসকলে পৰিধান কৰিছে নতুন সাজ-পোছাক। এক কথাত ক’বলৈ গ’লে দৰিদ্ৰ আৰু নিঃস্বসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ সৈতে সুখৰ ভাগ-বতৰা কৰাৰ এক সুযোগ ঈদ। এই উৎসৱে আমাক শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু সমাজৰ সমৃদ্ধি আৰু সমৃদ্ধিৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।

উৎস- দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি