--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ গাতে লাগি থকা উত্তৰ প্ৰদেশৰ নয়ডা ছেক্টৰ-৯৪ত এখন তীব্ৰ বেগী লেম্বৰগিনিয়ে দুজন শ্ৰমিকক মহতিয়াই নিয়া ঘটনাই চৰ্চা লাভ কৰিছে। 

এই দুৰ্ঘটনাত জড়িত লেম্বৰগিনিখন বিখ্যাত ইউটিউবাৰ মৃদুল তিৱাৰীৰ বুলি জানিব পৰা গৈছে, যাক আৰক্ষীয়ে জেৰা কৰিবলৈ সাজু হৈছে। থানা ১২৬ নং ছেক্টৰে মৃদুলক থানালৈ ফোন কৰি দুৰ্ঘটনাৰ সময়ত গাড়ীখন কাৰ অনুমতি লৈ চলাইছিল আৰু ইয়াৰ আঁৰত কি সত্য আছে সেই কথা জানিবলৈ চেষ্টা কৰিব।

ফুটপাথত বহি থকা শ্ৰমিকক তীব্ৰ বেগেৰে আহি থকা লেম্বৰগিনি গাড়ীখনে খুন্দা মাৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন শ্ৰমিক।তেওঁলোকক ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে চালকজনক আটক কৰি গাড়ীখন জিম্মাত লৈছে। ৰাজস্থানৰ আজমেৰ নিবাসী ২৩ বছৰীয়া দীপক কুমাৰে গাড়ীখন চলাইছিল। আৰক্ষীয়ে জনোৱা মতে, দীপকে যান-বাহন ক্ৰয়-বিক্ৰয়ৰ দালাল হিচাপে কাম কৰে। ইটাৱাৰ বাসিন্দা ইউটিউবাৰ মৃদুল তিৱাৰীৰ পৰা তেওঁ এই লেম্বৰগিনিখন কিনিবলৈ আহিছিল। বৰ্তমান মৃদুল নয়ডাৰ ছুপাৰন’ভা ছ’চাইটিত থাকে আৰু তেওঁৰ বহুতো বিলাসী গাড়ীও আছে। টেষ্ট ড্ৰাইভিং কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

গাড়ী চালকজনে জেৰাৰ সময়ত কয় যে গাড়ীখন হঠাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ শ্ৰমিকসকলক খুন্দা মাৰে। ভাৰতত দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ মূল্য ৪ কোটিৰ পৰা ৯ কোটি টকালৈকে। গাড়ী চালকজনে পলাবলৈ চেষ্টা চলাইছিল যদিও সেই স্থানত উপস্থিত থকা লোকসকলে তেওঁক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আহত শ্ৰমিক কেইজন ঝাৰখণ্ডৰ বাসিন্দা ৰামভু আৰু দেজাইন ৰবিদাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দেশৰ শীৰ্ষ দহজন সফল ইউটিউবাৰৰ ভিতৰত মৃদুলৰ নাম অন্তৰ্ভুক্ত। ইটাৱা জিলাৰ লভেডীত জন্মগ্ৰহণ কৰা মৃদুল তিৱাৰী ছ’চিয়েল মিডিয়াত এগৰাকী সুপৰিচিত ব্যক্তি। ইনষ্টাগ্ৰামত তেওঁৰ ৩৫ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আৰু ইউটিউবত ১৯ মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। আৰক্ষীয়ে এই বিষয়ত মৃদুলক জেৰাও কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা