--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ গাতে লাগি থকা উত্তৰ প্ৰদেশৰ নয়ডা ছেক্টৰ-৯৪ত এখন তীব্ৰ বেগী লেম্বৰগিনিয়ে দুজন শ্ৰমিকক মহতিয়াই নিয়া ঘটনাই চৰ্চা লাভ কৰিছে। 

এই দুৰ্ঘটনাত জড়িত লেম্বৰগিনিখন বিখ্যাত ইউটিউবাৰ মৃদুল তিৱাৰীৰ বুলি জানিব পৰা গৈছে, যাক আৰক্ষীয়ে জেৰা কৰিবলৈ সাজু হৈছে। থানা ১২৬ নং ছেক্টৰে মৃদুলক থানালৈ ফোন কৰি দুৰ্ঘটনাৰ সময়ত গাড়ীখন কাৰ অনুমতি লৈ চলাইছিল আৰু ইয়াৰ আঁৰত কি সত্য আছে সেই কথা জানিবলৈ চেষ্টা কৰিব।

ফুটপাথত বহি থকা শ্ৰমিকক তীব্ৰ বেগেৰে আহি থকা লেম্বৰগিনি গাড়ীখনে খুন্দা মাৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন শ্ৰমিক।তেওঁলোকক ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে চালকজনক আটক কৰি গাড়ীখন জিম্মাত লৈছে। ৰাজস্থানৰ আজমেৰ নিবাসী ২৩ বছৰীয়া দীপক কুমাৰে গাড়ীখন চলাইছিল। আৰক্ষীয়ে জনোৱা মতে, দীপকে যান-বাহন ক্ৰয়-বিক্ৰয়ৰ দালাল হিচাপে কাম কৰে। ইটাৱাৰ বাসিন্দা ইউটিউবাৰ মৃদুল তিৱাৰীৰ পৰা তেওঁ এই লেম্বৰগিনিখন কিনিবলৈ আহিছিল। বৰ্তমান মৃদুল নয়ডাৰ ছুপাৰন’ভা ছ’চাইটিত থাকে আৰু তেওঁৰ বহুতো বিলাসী গাড়ীও আছে। টেষ্ট ড্ৰাইভিং কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

গাড়ী চালকজনে জেৰাৰ সময়ত কয় যে গাড়ীখন হঠাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ শ্ৰমিকসকলক খুন্দা মাৰে। ভাৰতত দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ মূল্য ৪ কোটিৰ পৰা ৯ কোটি টকালৈকে। গাড়ী চালকজনে পলাবলৈ চেষ্টা চলাইছিল যদিও সেই স্থানত উপস্থিত থকা লোকসকলে তেওঁক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আহত শ্ৰমিক কেইজন ঝাৰখণ্ডৰ বাসিন্দা ৰামভু আৰু দেজাইন ৰবিদাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দেশৰ শীৰ্ষ দহজন সফল ইউটিউবাৰৰ ভিতৰত মৃদুলৰ নাম অন্তৰ্ভুক্ত। ইটাৱা জিলাৰ লভেডীত জন্মগ্ৰহণ কৰা মৃদুল তিৱাৰী ছ’চিয়েল মিডিয়াত এগৰাকী সুপৰিচিত ব্যক্তি। ইনষ্টাগ্ৰামত তেওঁৰ ৩৫ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আৰু ইউটিউবত ১৯ মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। আৰক্ষীয়ে এই বিষয়ত মৃদুলক জেৰাও কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ