পুৱাটোৱে এখন খিৰিকী খুলি দিয়ক৷ ৰ’দৰ খিৰিকী৷ সেই খিৰিকীৰে নিগৰি নামত এহালি আশাৰ ৰ’দ৷ ভালপোৱাৰ ৰ’দ৷ জীৱন-সপক্ষৰ ৰ’দ৷ উন্মীলিত হেজাৰ চকুৰ ছায়াত সেই ৰ’দ ফুলি উঠক৷ নিজৰে নিজানত নিৰলে গজি উঠক ভালপোৱাৰ এপাহ কোমল ফুল৷ জীৱনক ভাল পাবলৈ উদ্বুদ্ধ কৰক প্ৰথম পুৱাটোৱে৷ বিষণ্ণতাৰ আখৰ মচি আজি পুৱাটোৱে জীৱনক জীয়ন দিয়াৰ কবিতা এটি ৰচক৷ জীয়াই থকাটোৱেই জীৱন নহয়! পৰিপূৰ্ণভাৱে জীয়াই থাকি জীৱনটোক উপভোগ কৰিবলৈ আহ্বান জনাওক কোমল পুৱাটোৱে৷ নতুন বৰ্ষটোৰ পহিলা পুৱাটোৱে আমাৰ মনত প্ৰোথিত কৰক ভালপোৱাৰ বীজ৷ মানুহক ভালপোৱাৰ অমোঘ মন্ত্ৰ শিকাওক প্ৰথম পুৱাটোৱে৷
আমাৰ প্ৰত্যয়- জীৱন আৰু মানুহক ভালপোৱাই আমাৰ হৃদয় নিভৃতৰ স্বপ্নৰাগ৷ আমাৰ হৃদয় বাগিচাত গজি উঠা অহংকাৰ, আত্মম্ভৰিতা, দ্বেষ, অমৰত্বৰ বিয়াকুল বাসনাক পৰিহাৰ কৰি ভালপোৱাৰে উদ্বুদ্ধ হৈ জীৱনক সমৃদ্ধিশালী কৰি তুলিবলৈ পাঠ দিয়ক এই নতুন পুৱাটোৱে৷ হাতবাউলি থকা প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি জীৱনক স্বাচ্ছন্দ্যময় কৰি তুলিবলৈ আমাক অনুপ্ৰাণিত কৰক নতুনৰ ৰ’দ নিগৰা পুৱাটোৱে৷
আচলতে, নতুন বুলি কোনো কথা নাই৷ মানুহে নিজৰ সুবিধানুযায়ী ভাগ লৈছে সময়ক৷ দিন, মাহ, বছৰ, যুগ৷ ২০২৩ বৰ্ষৰ আজি প্ৰথমটো দিন৷
আমি ধাৰণা কৰি ল’ব পাৰোঁ যে নতুন বছৰৰ প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ততে সংপৃক্ত হৈ থাকে নতুন প্ৰশ্নৰ উন্মেষ আৰু সেইবোৰৰ উত্তৰো হয়তো পুৰণিৰ বুকুতেই৷ নতুন বছৰৰ নতুন শিক্ষাৰে আত্মাৱিষ্কাৰৰ কথাও ভাবিব পাৰি৷ এনেদৰেও ভাবিব পাৰি যে এই পুৱাটোৱে আমাৰ সন্মুখত তুলি ধৰিছে কিছু প্ৰাচীন বৰ্ণলিপি আৰু আমি লিখি গৈছোঁ আমাৰ জীৱনৰ নতুন দস্তাবেজ৷ প্ৰাচীন এই বৰ্ণলিপিৰেই আমি লিখিব পাৰোঁ মানুহক ভালপোৱাৰ অংগীকাৰৰ নতুন মন্ত্ৰ৷ আজিৰ পৰা আমি এটা কথাই চিন্তা কৰিম৷ সেয়া হ’ল— পুৰণিৰ পৰা শিক্ষা লৈ নতুন সময় সাৱধানে, সৰলতাৰে পাৰ কৰিম৷ ভালপোৱা আৰু ইতিবাচকতাৰে পাৰ কৰিম৷ ভালপোৱাৰ মোৰ উশাহৰ নদীৰ তলসুঁতীয়া ঢৌ৷ নাহৰ পাতেৰে নিজৰি সৰি পৰা এটোপ চেঁচা নিয়ৰ৷