--°C
Loading...
Listen to Article
2 min read
80%
পুৱাটোৱে এখন খিৰিকী খুলি দিয়ক৷ ৰ’দৰ খিৰিকী৷ সেই খিৰিকীৰে নিগৰি নামত এহালি আশাৰ ৰ’দ৷ ভালপোৱাৰ ৰ’দ৷ জীৱন-সপক্ষৰ ৰ’দ৷ উন্মীলিত হেজাৰ চকুৰ ছায়াত সেই ৰ’দ ফুলি উঠক৷ নিজৰে নিজানত নিৰলে গজি উঠক ভালপোৱাৰ এপাহ কোমল ফুল৷ জীৱনক ভাল পাবলৈ উদ্বুদ্ধ কৰক প্ৰথম পুৱাটোৱে৷ বিষণ্ণতাৰ আখৰ মচি আজি পুৱাটোৱে জীৱনক জীয়ন দিয়াৰ কবিতা এটি ৰচক৷ জীয়াই থকাটোৱেই জীৱন নহয়! পৰিপূৰ্ণভাৱে জীয়াই থাকি জীৱনটোক উপভোগ কৰিবলৈ আহ্বান জনাওক কোমল পুৱাটোৱে৷ নতুন বৰ্ষটোৰ পহিলা পুৱাটোৱে আমাৰ মনত প্ৰোথিত কৰক ভালপোৱাৰ বীজ৷ মানুহক ভালপোৱাৰ অমোঘ মন্ত্ৰ শিকাওক প্ৰথম পুৱাটোৱে৷ 

আমাৰ প্ৰত্যয়- জীৱন আৰু মানুহক ভালপোৱাই আমাৰ হৃদয় নিভৃতৰ স্বপ্নৰাগ৷ আমাৰ হৃদয় বাগিচাত গজি উঠা অহংকাৰ, আত্মম্ভৰিতা, দ্বেষ, অমৰত্বৰ বিয়াকুল বাসনাক পৰিহাৰ কৰি ভালপোৱাৰে উদ্বুদ্ধ হৈ জীৱনক সমৃদ্ধিশালী কৰি তুলিবলৈ পাঠ দিয়ক এই নতুন পুৱাটোৱে৷ হাতবাউলি থকা প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি জীৱনক স্বাচ্ছন্দ্যময় কৰি তুলিবলৈ আমাক অনুপ্ৰাণিত কৰক নতুনৰ ৰ’দ নিগৰা পুৱাটোৱে৷ 

আচলতে, নতুন বুলি কোনো কথা নাই৷ মানুহে নিজৰ সুবিধানুযায়ী ভাগ লৈছে সময়ক৷ দিন, মাহ, বছৰ, যুগ৷ ২০২৩ বৰ্ষৰ আজি প্ৰথমটো দিন৷ 

আমি ধাৰণা কৰি ল’ব পাৰোঁ যে নতুন বছৰৰ প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ততে সংপৃক্ত হৈ থাকে নতুন প্ৰশ্নৰ উন্মেষ আৰু সেইবোৰৰ উত্তৰো হয়তো পুৰণিৰ বুকুতেই৷ নতুন বছৰৰ নতুন শিক্ষাৰে আত্মাৱিষ্কাৰৰ কথাও ভাবিব পাৰি৷ এনেদৰেও ভাবিব পাৰি যে এই পুৱাটোৱে আমাৰ সন্মুখত তুলি ধৰিছে কিছু প্ৰাচীন বৰ্ণলিপি আৰু আমি লিখি গৈছোঁ আমাৰ জীৱনৰ নতুন দস্তাবেজ৷ প্ৰাচীন এই বৰ্ণলিপিৰেই আমি লিখিব পাৰোঁ মানুহক ভালপোৱাৰ অংগীকাৰৰ নতুন মন্ত্ৰ৷ আজিৰ পৰা আমি এটা কথাই চিন্তা কৰিম৷ সেয়া হ’ল— পুৰণিৰ পৰা শিক্ষা লৈ নতুন সময় সাৱধানে, সৰলতাৰে পাৰ কৰিম৷ ভালপোৱা আৰু ইতিবাচকতাৰে পাৰ কৰিম৷ ভালপোৱাৰ মোৰ উশাহৰ নদীৰ তলসুঁতীয়া ঢৌ৷ নাহৰ পাতেৰে নিজৰি সৰি পৰা এটোপ চেঁচা নিয়ৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক