সৃষ্টিৰ ক্ষণৰ পৰাই আৰম্ভ সময়ৰ, যাৰ কোনো অন্ত নাই। দিন যায় নিশা
আহে, মাহ বাগৰি বছৰেও মেলানি মাগে। আকৌ পাওঁ এটা নতুন বছৰ। এয়া যেন চিৰন্তন সত্য,
কিন্তু তাৰ মাজতে আমি নতুন বছৰত নতুন উদ্যম পাওঁ, ন উৎসাহ আৰু প্ৰেৰণাৰে আগবাঢ়ি
যাবলৈ চেষ্টা কৰোঁ। ইয়াৰ মাজতে আমি পুৰণি বছৰক বিদায় দি এটি নতুন বছৰ আদৰি
লওঁ।
সময় গতিশীল, সময় বাগৰাৰ লগে লগে আজি কিছু বছৰ আগলৈকে বন্ধু-বান্ধৱ
তথা নিজৰ আপোনজনলৈ বুলি আৱেগৰ ভাষাৰে শুভেচ্ছাবাণী জনাই পঠিওৱা হৈছিল এখনি
গ্ৰীটিংছ কাৰ্ড৷ সেই সময়ত আজিৰ দৰে হোৱাটএপছ মেছেজ নাছিল৷ সকলো দোকানত প্ৰায় পাঁচ টকাৰ
পৰা আৰম্ভ কৰি বহু দামী দামী গ্ৰীটিংছ কাৰ্ড উপলব্ধ আছিল। বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত
অধিক জনপ্ৰিয় আছিল এই গ্ৰীটিংছ কাৰ্ড। কিন্তু এতিয়া সময়ৰ সৈতে সকলো পৰিৱৰ্তন হৈ গ্ৰীটিংছ
কাৰ্ডবোৰ যেন এতিয়া স্মৃতি হৈ ৰ’ল৷
সেই স্মৃতি কঢ়িয়াই সন্মুখত এটা নতুন বছৰক লৈ আমি আগবাঢ়ি যাব লাগিব
কিছু আশা-প্ৰত্যাশাৰে মাজেৰেই। সকলো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি আমি কৰিব লাগিব
আলোকমুখী এক যাত্ৰা। এই আলোকৰ যাত্ৰাই হৈছে জীৱন, যি
জীৱনৰ মাদকতাই সুকীয়া।
সময়...কেতিয়াবা সুখৰ,
কেতিয়াবা হয় দুখৰ। কেতিয়াবা হেৰুওৱা আৰু কেতিয়াবা প্ৰাপ্তিৰ, কেতিয়াবা আশা আৰু
কেতিয়াবা নিৰাশাৰ। দৰাচলতে সময়বোৰ সময় হৈ থাকে। আমি মাথোঁ আমাৰ অনুভৱেৰে নামাকৰণ
কৰো সময়ক। নৱবৰ্ষৰ এই প্ৰাকক্ষণত আপোনালোক সকলোলৈ থাকিল আমাৰ আন্তৰিক অভিনন্দন।