--°C
Loading...
Listen to Article
2 min read
80%

সৃষ্টিৰ ক্ষণৰ পৰাই আৰম্ভ সময়ৰ, যাৰ কোনো অন্ত নাই। দিন যায় নিশা আহে, মাহ বাগৰি বছৰেও মেলানি মাগে। আকৌ পাওঁ এটা নতুন বছৰ। এয়া যেন চিৰন্তন সত্য, কিন্তু তাৰ মাজতে আমি নতুন বছৰত নতুন উদ্যম পাওঁ, ন উৎসাহ আৰু প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। ইয়াৰ মাজতে আমি পুৰণি বছৰক বিদায় দি এটি নতুন বছৰ আদৰি লওঁ।

সময় গতিশীল, সময় বাগৰাৰ লগে লগে আজি কিছু বছৰ আগলৈকে বন্ধু-বান্ধৱ তথা নিজৰ আপোনজনলৈ বুলি আৱেগৰ ভাষাৰে শুভেচ্ছাবাণী জনাই পঠিওৱা হৈছিল এখনি গ্ৰীটিংছ কাৰ্ড৷ সেই সময়ত আজিৰ দৰে হোৱাটএপছ মেছেজ নাছিল৷ সকলো দোকানত প্ৰায় পাঁচ টকাৰ পৰা আৰম্ভ কৰি বহু দামী দামী গ্ৰীটিংছ কাৰ্ড উপলব্ধ আছিল। বিশেষকৈ যুৱপ্ৰজন্ম‌ৰ মাজত অধিক জনপ্ৰিয় আছিল এই গ্ৰীটিংছ কাৰ্ড। কিন্তু এতিয়া সময়ৰ সৈতে সকলো পৰিৱৰ্তন হৈ গ্ৰীটিংছ কাৰ্ডবোৰ যেন এতিয়া স্মৃতি হৈ ৰ’ল৷

সেই স্মৃতি কঢ়িয়াই সন্মুখত এটা নতুন বছৰক লৈ আমি আগবাঢ়ি যাব লাগিব কিছু আশা-প্ৰত্যাশাৰে মাজেৰেই। সকলো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি আমি কৰিব লাগিব আলোকমুখী এক যাত্ৰা। এই আলোকৰ যাত্ৰাই হৈছে জীৱন, যি জীৱনৰ মাদকতাই সুকীয়া।

সময়...কেতিয়াবা সুখৰ, কেতিয়াবা হয় দুখৰ। কেতিয়াবা হেৰুওৱা আৰু কেতিয়াবা প্ৰাপ্তিৰ, কেতিয়াবা আশা আৰু কেতিয়াবা নিৰাশাৰ। দৰাচলতে সময়বোৰ সময় হৈ থাকে। আমি মাথোঁ আমাৰ অনুভৱেৰে নামাকৰণ কৰো সময়ক। নৱবৰ্ষৰ এই প্ৰাকক্ষণত আপোনালোক সকলোলৈ থাকিল আমাৰ আন্তৰিক অভিনন্দন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক