--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তিয়ঁহ বাকলিৰ সৈতে খালে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, ছালফাৰ, ছিলিকন, ক্লৰিণ আদি পোৱা যায়।তিয়ঁহ বিভিন্ন ধৰণে খাব পাৰি। আমি কেঁচাই খাব পাৰো আৰু চালাড, ব্যঞ্জন আদিতো ব্যৱহাৰ কৰিব পাৰো।

ডিজিটেল ডেস্ক: তিয়ঁহ হৈছে এবিধ ঔষধি পাচলি। অসমৰ মানুহৰ প্ৰায় প্ৰতিখন বাৰীতে তিয়ঁহৰ গছ থাকেই। ভাৰতৰ সকলো ঠাইতে সহজলভ্য এবিধ পাছলি হল তিয়ঁহ। তিয়ঁহ খালে শৰীৰ শিতল হয় আৰু কঠোৰ পৰিশ্ৰমৰ ভাগৰ দূৰ হয়। তিয়ঁহত আমাৰ শৰীৰৰ বাবে মূল্যবান খনিজ পোৱা যায় আৰু সেইবোৰ বাকলিৰ তলতে থাকে।


সেয়ে তিয়ঁহ বাকলিৰ সৈতে খালে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, ছালফাৰ, ছিলিকন, ক্লৰিণ আদি পোৱা যায়।তিয়ঁহ বিভিন্ন ধৰণে খাব পাৰি। আমি কেঁচাই খাব পাৰো আৰু চালাড, ব্যঞ্জন আদিতো ব্যৱহাৰ কৰিব পাৰো। তিয়ঁহৰ ৰস আদি তৈয়াৰ কৰিও খাব পাৰি। চালাড হিচাপে তিয়ঁহ অতি জনপ্ৰিয়।


তিয়ঁহৰ নানা উপকাৰিতাৰ কথা জানো আহক।


১) শৰীৰৰ ভিটামিনৰ শূন্যতা দূৰ কৰাৰ ক্ষেত্ৰত তিয়ঁহৰ ভূমিকা অপৰিসীম। কিয়নো তিয়ঁহত এ, বি আৰু চি ভিটামিন থাকে।


২) তিয়ঁহ, শৰীৰৰ খাৰ অম্লৰ ভাৰসাম্য ৰক্ষা কৰা উৎকৃষ্ট খাদ্য। তিয়ঁহ নিয়মিত খালে প্ৰস্ৰাৱৰ গতিবেগৰ ভাৰসাম্য ৰক্ষা হয়।


৩) তিয়ঁহ কেচাঁয়ে খালে হজম শক্তি বাঢ়ে আৰু শৰীৰৰ অপ্ৰয়োজনীয় দৈহিক ওজন কমায়।


৪) নিয়মীয়াকৈ তিয়ঁহ খালে ব্লাড প্ৰেছাৰ লগতে ডায়েবেটিজ নিয়ন্ত্ৰণত থাকে।


৫) তিয়ঁহ ছালৰ বাবেও অতি উপকাৰী। তিয়ঁহ চকলিয়াই চকু, গাল, মুখ ডিঙিত ব্যৱহাৰ কৰিলে শালমইনা নোলায়। দাগ দূৰ হয়, ছাল সোতোৰা নপৰে আৰু মুখৰ শুকান ভাব আতঁৰে।


৬) স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো খাদ্য কণিকা তিয়ঁহত পোৱা যায়। ৰান্ধিয়েই খাওক বা কেচাঁয়ে খাওক গনি শেষ কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ এই তিয়ঁহ। 


৭) তিয়ঁহত যথেষ্ট পৰিমাণে পানী পোৱা যায়। সেয়েহে গৰমৰ দিনত তিয়ঁহ খাই তৃপ্তি পোৱা যায়।


৮) ছাল আৰু চুলিৰ সমস্যা সমাধান কৰিবলৈ তিয়ঁহৰ পৰা তৈয়াৰ কৰা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে।


৯) তিয়ঁহ চকল কৰি কাটি তাত নেমুৰ ৰস আৰু নিমখ ছটিয়াই খালে হজম শক্তি বাঢ়ে। 


১০) মধুমেহ ৰোগীৰ বাবেও তিয়ঁহ এবিধ উপাদেয় খাদ্য। মধুমেহ ৰোগীয়ে তিয়ঁহত নেমুৰ ৰস সানি খাব লাগে।


১১) চকুৰ তলি ক’লা পৰিলে বঁটা তিয়ঁহ বা তিয়ঁহ চকলকৈ কাটি চকুত কিছু সময় ৰাখিলে চকুৰ ক’লা পৰা নাইকিয়া হয় আৰু তাৰ পৰা ভাল ফলাফল পোৱা যায়। 


১২) ই শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ (Toxins) উলিয়াই দি শৰীৰ বিষমুক্ত কৰে।


১৩) তিয়ঁহত থকা 'ফিচেটিন' (Fisetin) উপাদানে মগজুৰ স্বাস্থ্য ৰক্ষা কৰে আৰু স্মৃতিশক্তি বৃদ্ধি কৰে।


উল্লেখ্য যে তিয়ঁহ কটাৰ সময়ত মূৰবোৰ ঘঁহিলে এক বগা ফেনযুক্ত পদাৰ্থ ওলায়। যাক চিইউকাৰবিটাচিন বুলি জনা যায়। তিয়ঁহ কটাৰ সময়ত সেই বগা ফেনযুক্ত পদাৰ্থ খিনি মোহাৰি পেলাই তিয়ঁহ কাটি ভালকৈ ধুই খাব লাগে। আৰু ৰাতি তিয়ঁহ খোৱাৰ পৰা বিৰত থাকিব লাগে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement