--°C
Loading...
Listen to Article
2 min read
80%
সময়ৰ ডেউকাত উঠি পুনৰ আমাৰ মাজলৈ আহিল এটা নতুন বর্ষ। সোঁৱৰণীৰ মেটমৰা বোজা বান্ধি গুচি গ'ল ২০২২। সময়ৰ বুকুত লীন হ'ল পুনৰ এটা বৰ্ষ। কিছু আশা, কিছু সপোন, কিছু হেঁপাহৰ মুঠি মুঠি ৰং আমাৰ জীৱনত ছটিয়াই দিলেহি পুনৰ এক নতুন সময়ে। পুৰণিক বিদায় জনোৱাৰ ক্ষণ বৰ কষ্টদায়ক। তথাপি প্ৰকৃতিৰ নিয়ম মানি নতুনক আদৰাটোৱেই যে অৱধাৰিত নিয়ম। 

'We must all obey the great law of change.
This is the most powerful law of nature.' -Edmund Burke

সঁচাকৈয়ে প্ৰকৃতিৰ এই শক্তিশালী নিয়ম মানিবলৈ আমি বাধ্য। প্ৰকৃতিৰ পৰিৱৰ্তনৰ এই শক্তিশালী নিয়মেই আমাক শিকাই যায় নতুনক আঁকোৱালি লোৱা আৰু নতুনক আদৰি লোৱা। সময়ৰ পৰিৱৰ্তন এক প্রাকৃতিক নিয়ম। পৃথিৱীৰ এয়াই সত্য ৰূপ। ইয়াক বাধা দিব নোৱাৰি। সময়ৰ চক্রবং গতিত সকলো সলনি হয়। আজি যি নতুন, কাইলৈ সেয়াই হ'ব পুৰণি। নতুনৰ আগমন আৰু পুৰণিৰ প্ৰস্থানতেই পৰিচালিত হয় পৃথিবীৰ গতিশীল যাত্রা। সেয়ে স্বাগতম জনাইছোঁ তোমাক নৱবৰ্ষ ২০২৩। 

আগৰ দৰেই আজিও বেলিটোৱে পৃথিৱীত পোহৰ বিলাইছে। আজিও নদীখন একেদৰেই বৈ আছে, সকলো একেই আছে, সময়ৰ চক্রবৎ গতিত মাথো সলনি হ'ল চন আৰু কেলেণ্ডাৰখন। আজি যিহেতু নতুন দিন, সেয়ে পুৰণি সকলো কথা একাষৰীয়াকৈ ৰাখি কথা পাতিম কেৱল নতুনৰ। 

'নৱবর্ষ'— এই শব্দটোৱেই ইমান কোমল যে শুনিলেই কলিজা জুৰ পৰে। নতুন নতুন গোন্ধ চৌপাশে ওপঙি থাকে বতাহত। পোহৰ সন্ধানী বাট এটাই আমাক হাত বাউলি মাতি থাকে, যি বাটেৰে আগুৱাই গ'লে আমি দেখা পাম যেন নিজক উন্মোচন কৰা পোহৰৰ ফল্গুধাৰা। নতুন সময়ে আমাক সজীৱ কৰে। নতুন সময়ে ন ন প্ৰতিশ্ৰুতিৰে বিগত বছৰৰ আধৰুৱা কামবোৰ নতুন বছৰত সম্পূৰ্ণ কৰিব লাগিবই বুলি প্ৰেৰণা যোগায়। 

নতুনত্বই মানুহৰ জীৱনলৈ উৎফুল্লতা কঢ়িয়াই আনে। উদ্যম জগাই তোলে, কাৰণ নতুন শব্দটোতেই সোমাই থাকে এক শিহৰণ। নতুন সকলো বস্তুৱেই মানুহৰ ভাল লাগে। নতুনে সহজে মানুহক আকৰ্ষণ কৰে। সেয়ে নতুন বছৰটো আকর্ষণীয় কৰি তোলাৰ দায়িত্ব আমি নিজেই ল'ব লাগিব। আশা, প্রত্যাশ হেঁপাহ, সপোন, মৰম ভালপোৱাৰ এধানি এধানি ৰং ছটিয়াই আমি আমাৰ জীৱনটো ধুনীয়া কৰি তুলিব লাগিব। নিজৰ জীৱনটো ধুনীয়া কৰিব পাৰিলেহে আমি আনৰ জীৱনটোত ৰং সিঁচিব পাৰিম। 

এই যে আমি এটা নতুন বছৰ আমাৰ মাজত পালো সেয়া ঈশ্বৰৰ আশীর্বাদ। জীৱন জীয়াবলৈ পুনৰ এটা বছৰ আমাক উপহাৰ দিলে সময়ে। এই মূল্যৱান উপহাৰৰ সঠিক মূল্যায়ন কৰিবলৈ আহক আমি জীৱনৰ দুৰ্যোৰ প্ৰেমিক হওঁ, প্ৰাণভৰি ভালপাওঁ জীৱনক। জীৱনটোক পৰিপূৰ্ণভাৱে উপভোগ কৰিব পাৰিলে সুখ-মুখ, হাঁহি-কান্দোন, প্ৰাপ্তি-অপ্রাপ্তি নিজেই গৌণ হৈ ধৰা দিব। 

জীৱন ধুনীয়া বুলি ভাবিব পাৰিলেই পৃথিৱীখন ধুনীয়া হৈ চকুত ধৰা দিব। নৱবৰ্ষত মানুহে ইজনে সিজনৰ সুখ, শান্তি, সমৃদ্ধিৰ কামনা কৰি, উত্তৰণৰ চিন্তা কৰি শুভেচ্ছা জ্ঞাপন কৰে। নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন নৱবৰ্ষৰ অবিচ্ছেদ্য অংগ।

এইবাৰ আহকচোন নৱবৰ্ষৰ নৱপ্ৰভাতত আনৰ লগতে আমি নিজকো শুভেচ্ছা জনাওঁ- সকলোৰে প্ৰতি শুভ চিন্তা, সদ্ভাৱ, ভালপোৱা, আন্তৰিকতা ৰাখি সমাজত প্রেমৰ বীজ সিঁচিম। নিজৰ লগতে আনৰ বাবেও জীয়াবলৈ চেষ্টা কৰিম। ভালবোৰ বিলাই দিম যিমান পাৰি সিমান। নিজে ভাল থাকিম, আনকো ভালে ৰাখিম। নিজ জাতি,মাটি, ভাষা, কৃষ্টি-সংস্কৃতি ভালপোৱা মানুহ হিচাপে নিজক গঢ়িম... মুঠতে আমি ধুনীয়া পৃথিৱীখনক কুশলে ৰাখিম।

২০২৩ বৰ্ষত সমাজখনক অস্থিৰ কৰি ৰখা সকলোবোৰ দিশেই মষিমূৰ হওক। নিপাত যাওক দুঃসময়। যন্ত্রণাকাতৰ সময়ৰ কোলাত ফুলি উঠক শান্তিৰ সুগন্ধি ফুল। আকাশে বতাহে অণুৰনিত হওক সুদিনৰ জয়গান। শুভ নৱবর্ষ-২০২৩...

@কস্তুৰী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু