--°C
Loading...
Listen to Article
2 min read
80%
সময়ৰ ডেউকাত উঠি পুনৰ আমাৰ মাজলৈ আহিল এটা নতুন বর্ষ। সোঁৱৰণীৰ মেটমৰা বোজা বান্ধি গুচি গ'ল ২০২২। সময়ৰ বুকুত লীন হ'ল পুনৰ এটা বৰ্ষ। কিছু আশা, কিছু সপোন, কিছু হেঁপাহৰ মুঠি মুঠি ৰং আমাৰ জীৱনত ছটিয়াই দিলেহি পুনৰ এক নতুন সময়ে। পুৰণিক বিদায় জনোৱাৰ ক্ষণ বৰ কষ্টদায়ক। তথাপি প্ৰকৃতিৰ নিয়ম মানি নতুনক আদৰাটোৱেই যে অৱধাৰিত নিয়ম। 

'We must all obey the great law of change.
This is the most powerful law of nature.' -Edmund Burke

সঁচাকৈয়ে প্ৰকৃতিৰ এই শক্তিশালী নিয়ম মানিবলৈ আমি বাধ্য। প্ৰকৃতিৰ পৰিৱৰ্তনৰ এই শক্তিশালী নিয়মেই আমাক শিকাই যায় নতুনক আঁকোৱালি লোৱা আৰু নতুনক আদৰি লোৱা। সময়ৰ পৰিৱৰ্তন এক প্রাকৃতিক নিয়ম। পৃথিৱীৰ এয়াই সত্য ৰূপ। ইয়াক বাধা দিব নোৱাৰি। সময়ৰ চক্রবং গতিত সকলো সলনি হয়। আজি যি নতুন, কাইলৈ সেয়াই হ'ব পুৰণি। নতুনৰ আগমন আৰু পুৰণিৰ প্ৰস্থানতেই পৰিচালিত হয় পৃথিবীৰ গতিশীল যাত্রা। সেয়ে স্বাগতম জনাইছোঁ তোমাক নৱবৰ্ষ ২০২৩। 

আগৰ দৰেই আজিও বেলিটোৱে পৃথিৱীত পোহৰ বিলাইছে। আজিও নদীখন একেদৰেই বৈ আছে, সকলো একেই আছে, সময়ৰ চক্রবৎ গতিত মাথো সলনি হ'ল চন আৰু কেলেণ্ডাৰখন। আজি যিহেতু নতুন দিন, সেয়ে পুৰণি সকলো কথা একাষৰীয়াকৈ ৰাখি কথা পাতিম কেৱল নতুনৰ। 

'নৱবর্ষ'— এই শব্দটোৱেই ইমান কোমল যে শুনিলেই কলিজা জুৰ পৰে। নতুন নতুন গোন্ধ চৌপাশে ওপঙি থাকে বতাহত। পোহৰ সন্ধানী বাট এটাই আমাক হাত বাউলি মাতি থাকে, যি বাটেৰে আগুৱাই গ'লে আমি দেখা পাম যেন নিজক উন্মোচন কৰা পোহৰৰ ফল্গুধাৰা। নতুন সময়ে আমাক সজীৱ কৰে। নতুন সময়ে ন ন প্ৰতিশ্ৰুতিৰে বিগত বছৰৰ আধৰুৱা কামবোৰ নতুন বছৰত সম্পূৰ্ণ কৰিব লাগিবই বুলি প্ৰেৰণা যোগায়। 

নতুনত্বই মানুহৰ জীৱনলৈ উৎফুল্লতা কঢ়িয়াই আনে। উদ্যম জগাই তোলে, কাৰণ নতুন শব্দটোতেই সোমাই থাকে এক শিহৰণ। নতুন সকলো বস্তুৱেই মানুহৰ ভাল লাগে। নতুনে সহজে মানুহক আকৰ্ষণ কৰে। সেয়ে নতুন বছৰটো আকর্ষণীয় কৰি তোলাৰ দায়িত্ব আমি নিজেই ল'ব লাগিব। আশা, প্রত্যাশ হেঁপাহ, সপোন, মৰম ভালপোৱাৰ এধানি এধানি ৰং ছটিয়াই আমি আমাৰ জীৱনটো ধুনীয়া কৰি তুলিব লাগিব। নিজৰ জীৱনটো ধুনীয়া কৰিব পাৰিলেহে আমি আনৰ জীৱনটোত ৰং সিঁচিব পাৰিম। 

এই যে আমি এটা নতুন বছৰ আমাৰ মাজত পালো সেয়া ঈশ্বৰৰ আশীর্বাদ। জীৱন জীয়াবলৈ পুনৰ এটা বছৰ আমাক উপহাৰ দিলে সময়ে। এই মূল্যৱান উপহাৰৰ সঠিক মূল্যায়ন কৰিবলৈ আহক আমি জীৱনৰ দুৰ্যোৰ প্ৰেমিক হওঁ, প্ৰাণভৰি ভালপাওঁ জীৱনক। জীৱনটোক পৰিপূৰ্ণভাৱে উপভোগ কৰিব পাৰিলে সুখ-মুখ, হাঁহি-কান্দোন, প্ৰাপ্তি-অপ্রাপ্তি নিজেই গৌণ হৈ ধৰা দিব। 

জীৱন ধুনীয়া বুলি ভাবিব পাৰিলেই পৃথিৱীখন ধুনীয়া হৈ চকুত ধৰা দিব। নৱবৰ্ষত মানুহে ইজনে সিজনৰ সুখ, শান্তি, সমৃদ্ধিৰ কামনা কৰি, উত্তৰণৰ চিন্তা কৰি শুভেচ্ছা জ্ঞাপন কৰে। নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন নৱবৰ্ষৰ অবিচ্ছেদ্য অংগ।

এইবাৰ আহকচোন নৱবৰ্ষৰ নৱপ্ৰভাতত আনৰ লগতে আমি নিজকো শুভেচ্ছা জনাওঁ- সকলোৰে প্ৰতি শুভ চিন্তা, সদ্ভাৱ, ভালপোৱা, আন্তৰিকতা ৰাখি সমাজত প্রেমৰ বীজ সিঁচিম। নিজৰ লগতে আনৰ বাবেও জীয়াবলৈ চেষ্টা কৰিম। ভালবোৰ বিলাই দিম যিমান পাৰি সিমান। নিজে ভাল থাকিম, আনকো ভালে ৰাখিম। নিজ জাতি,মাটি, ভাষা, কৃষ্টি-সংস্কৃতি ভালপোৱা মানুহ হিচাপে নিজক গঢ়িম... মুঠতে আমি ধুনীয়া পৃথিৱীখনক কুশলে ৰাখিম।

২০২৩ বৰ্ষত সমাজখনক অস্থিৰ কৰি ৰখা সকলোবোৰ দিশেই মষিমূৰ হওক। নিপাত যাওক দুঃসময়। যন্ত্রণাকাতৰ সময়ৰ কোলাত ফুলি উঠক শান্তিৰ সুগন্ধি ফুল। আকাশে বতাহে অণুৰনিত হওক সুদিনৰ জয়গান। শুভ নৱবর্ষ-২০২৩...

@কস্তুৰী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই