--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমানদিনলৈকে এছিয়াৰ কোনো এখন দেশতেই ভাঙৰ খেতি বৈধ হিচাবে গণ্য কৰা হোৱা নাছিল। কিন্তু শেহতীয়াকৈ ভাং খেতিক বৈধতা প্ৰদান কৰা এছিয়া  মহাদেশৰ প্ৰথম খন দেশ হিচাবে পৰিগণিত হ’ল থাইলেণ্ড।নিচাৰ লগতে বহু ঔষধি গুণো নিহিত হৈ থকা ভাং খেতি বৈধ কৰিবলৈ দেশ খনৰ বহু লোকে দাবী জনাই আহিছিল। তেনে দাবীৰ পৰিপ্ৰেক্ষিততে  থাইলেণ্ডৰ চৰকাৰে  ভাঙৰ খেতি বৈধ হিচাবে ঘোষণা  কৰিছে। 

চৰকাৰে কৈছে যে ভাং কেৱল খেতিৰ বাবেই নহয়, এক উপকাৰী দৰব হিচাবেও ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ভাং খেতি বৈধ কৰিলেও ৰাজহুৱা স্থানত ইয়াৰ  ব্যৱহাৰৰ ক্ষেত্ৰত থকা  নিষেধাজ্ঞা পূৰ্বৰ দৰেই বাহাল থাকিব।

ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহু দেশত ভাং খেতি বৈধ ঘোষণা কৰা হৈছে।  ভাং  খেতিৰ  উৎপাদন বৃদ্ধিত উদগনি দিবলৈ কৃষকসকলক ১০ লাখ পুলি বিতৰণ কৰাৰ সিদ্ধান্তও লৈছে থাইলেণ্ডৰ চৰকাৰে । স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

থাইলেণ্ডত ভাঙক  ভেষজ হিচাপেও বহুলভাৱে ব্যৱহাৰ কৰা হয়। নতুন চৰকাৰী অধিসূচনা অনুসৰি, চিকিৎসাৰ বাবে উপকাৰী খাদ্য আৰু পানীয়ত ভাং ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু আসক্তিৰ বাবে  ভাঙৰ  ব্যৱহাৰ আগৰ দৰেই অবৈধ হৈ থাকিব। থাইলেণ্ডৰ আইন অনুসৰি, ৰাজহুৱা স্থানত ভাঙৰ ব্যৱহাৰ কৰিলে  তিনি মাহৰ কাৰাবাস আৰু  ৬০ হাজাৰ থাই মুদ্ৰাৰ  জৰিমনা বিহা হ'ব পাৰে।

থাইলেণ্ডৰ বিত্ত মন্ত্ৰীয়ে কয়, "নিচাৰ বাবে ভাং ব্যৱহাৰৰ বিৰুদ্ধে এতিয়াও আইন আছে। যদি এনে হয়, উপযুক্ত ব্যৱস্থা লোৱা হ'ব। বিদেশী পৰ্যটকসকলে নাভাবিব যে  থাইলেণ্ডলৈ আহিলে তেওঁলোকে বিনা বাধাই ভাং খাব পাৰিব। " 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ