--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমানদিনলৈকে এছিয়াৰ কোনো এখন দেশতেই ভাঙৰ খেতি বৈধ হিচাবে গণ্য কৰা হোৱা নাছিল। কিন্তু শেহতীয়াকৈ ভাং খেতিক বৈধতা প্ৰদান কৰা এছিয়া  মহাদেশৰ প্ৰথম খন দেশ হিচাবে পৰিগণিত হ’ল থাইলেণ্ড।নিচাৰ লগতে বহু ঔষধি গুণো নিহিত হৈ থকা ভাং খেতি বৈধ কৰিবলৈ দেশ খনৰ বহু লোকে দাবী জনাই আহিছিল। তেনে দাবীৰ পৰিপ্ৰেক্ষিততে  থাইলেণ্ডৰ চৰকাৰে  ভাঙৰ খেতি বৈধ হিচাবে ঘোষণা  কৰিছে। 

চৰকাৰে কৈছে যে ভাং কেৱল খেতিৰ বাবেই নহয়, এক উপকাৰী দৰব হিচাবেও ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ভাং খেতি বৈধ কৰিলেও ৰাজহুৱা স্থানত ইয়াৰ  ব্যৱহাৰৰ ক্ষেত্ৰত থকা  নিষেধাজ্ঞা পূৰ্বৰ দৰেই বাহাল থাকিব।

ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহু দেশত ভাং খেতি বৈধ ঘোষণা কৰা হৈছে।  ভাং  খেতিৰ  উৎপাদন বৃদ্ধিত উদগনি দিবলৈ কৃষকসকলক ১০ লাখ পুলি বিতৰণ কৰাৰ সিদ্ধান্তও লৈছে থাইলেণ্ডৰ চৰকাৰে । স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

থাইলেণ্ডত ভাঙক  ভেষজ হিচাপেও বহুলভাৱে ব্যৱহাৰ কৰা হয়। নতুন চৰকাৰী অধিসূচনা অনুসৰি, চিকিৎসাৰ বাবে উপকাৰী খাদ্য আৰু পানীয়ত ভাং ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু আসক্তিৰ বাবে  ভাঙৰ  ব্যৱহাৰ আগৰ দৰেই অবৈধ হৈ থাকিব। থাইলেণ্ডৰ আইন অনুসৰি, ৰাজহুৱা স্থানত ভাঙৰ ব্যৱহাৰ কৰিলে  তিনি মাহৰ কাৰাবাস আৰু  ৬০ হাজাৰ থাই মুদ্ৰাৰ  জৰিমনা বিহা হ'ব পাৰে।

থাইলেণ্ডৰ বিত্ত মন্ত্ৰীয়ে কয়, "নিচাৰ বাবে ভাং ব্যৱহাৰৰ বিৰুদ্ধে এতিয়াও আইন আছে। যদি এনে হয়, উপযুক্ত ব্যৱস্থা লোৱা হ'ব। বিদেশী পৰ্যটকসকলে নাভাবিব যে  থাইলেণ্ডলৈ আহিলে তেওঁলোকে বিনা বাধাই ভাং খাব পাৰিব। " 

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ