--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাত বিজেপিৰ শক্তি এতিয়া  হ্ৰাস পাইছে, কাৰণ কেইবাগৰাকীও  মনোনীত সদস্যক্ৰমে ৰাকেশ সিনহা, ৰাম ছাকাল, সোনাল মানসিং, আৰু মহেশ জেঠমালানীয়ে   কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু এতিয়া অৱসৰ গ্ৰহণ কৰিছে। এইসকল সাংসদৰ অৱসৰৰ ফলত বিজেপিৰ শক্তি এতিয়া ৰাজ্যসভাত  ৮৬ লৈ আৰু সামগ্ৰিকভাবে  ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শক্তি ১০১লৈ হ্ৰাস পাইছে। 

যিটো সংখ্যা বৰ্তমানৰ সংখ্যাগৰিষ্ঠতাৰ সীমাৰ তলত ২৪৫ জনীয়া ৰাজ্যসভাত সংখ্যাগৰিষ্ঠাৰ বাবে প্ৰয়োজনীয় সংখ্যা হৈছে ১১৩। ৰাজ্যসভাত  কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকত ৮৭ গৰাকী সাংসদ আছে।  ইয়াৰে কংগ্ৰেছৰ ২৬, বংগৰ শাসকীয় দল তৃণমূলৰ ১৩ আৰু আম আদমি পাৰ্টি তথা  ডিএমকেৰ  ১০গৰাকীকৈ সাংসদ আছে।   বিজেপি বা কংগ্ৰেছৰে সৈতে মিত্ৰতা নথকা দলসমূহ - যেনে তেলেংগানাৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছ - মনোনীত সাংসদ আৰু নিৰ্দলীয়ৰ হাতত বাকী আসন আছে। ইয়াৰ অৰ্থ হ'ল উচ্চ সদনত বিধেয়ক গৃহীত কৰিবলৈ চৰকাৰ এতিয়া নিৰ্ভৰশীল এনডিএৰ অংশীদাৰ  নোহোৱা দলসমূহ - যেনে তামিলনাডুৰ  এআইএডিএমকে আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছ পাৰ্টি আদি দলসমূহ।ৰাজ্যসভাত ৱাইএছআৰচিপিৰ ১১ আৰু এআইএডিএমকেৰ ৪গৰাকী সাংসদ আছে।

  ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বিজেডিয়েও বিজেপিক ইমানদিনে সমৰ্থন আগবঢ়াইছিল যদিও মে'-জুন মাহত অনুষ্ঠিত  ওড়িশাৰ বিধানসভাৰ  নিৰ্বাচনত বিজেপিয়ে বিজেডিক বাৰুকৈয়ে এসেকা দিয়াৰ পিছত এতিয়া ৰাজ্যসভাৰ মজিয়াত দলটোৰ সাংসদে হয়তো বিজেপিক সমৰ্থন নকৰিব। বিজেডিৰ ৰাজ্যসভা ৯ জন সাংসদ আছে। অৱশ্যে ৰাজ্যসভাৰ খালী হ’বলগীয়া ২০ খন আসনৰ ভিতৰৰে  বিজেপিয়ে কিমান খন আসন নিজৰ হাতত ৰাখিব পাৰে তাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰিছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন