--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাত বিজেপিৰ শক্তি এতিয়া  হ্ৰাস পাইছে, কাৰণ কেইবাগৰাকীও  মনোনীত সদস্যক্ৰমে ৰাকেশ সিনহা, ৰাম ছাকাল, সোনাল মানসিং, আৰু মহেশ জেঠমালানীয়ে   কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু এতিয়া অৱসৰ গ্ৰহণ কৰিছে। এইসকল সাংসদৰ অৱসৰৰ ফলত বিজেপিৰ শক্তি এতিয়া ৰাজ্যসভাত  ৮৬ লৈ আৰু সামগ্ৰিকভাবে  ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শক্তি ১০১লৈ হ্ৰাস পাইছে। 

যিটো সংখ্যা বৰ্তমানৰ সংখ্যাগৰিষ্ঠতাৰ সীমাৰ তলত ২৪৫ জনীয়া ৰাজ্যসভাত সংখ্যাগৰিষ্ঠাৰ বাবে প্ৰয়োজনীয় সংখ্যা হৈছে ১১৩। ৰাজ্যসভাত  কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকত ৮৭ গৰাকী সাংসদ আছে।  ইয়াৰে কংগ্ৰেছৰ ২৬, বংগৰ শাসকীয় দল তৃণমূলৰ ১৩ আৰু আম আদমি পাৰ্টি তথা  ডিএমকেৰ  ১০গৰাকীকৈ সাংসদ আছে।   বিজেপি বা কংগ্ৰেছৰে সৈতে মিত্ৰতা নথকা দলসমূহ - যেনে তেলেংগানাৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছ - মনোনীত সাংসদ আৰু নিৰ্দলীয়ৰ হাতত বাকী আসন আছে। ইয়াৰ অৰ্থ হ'ল উচ্চ সদনত বিধেয়ক গৃহীত কৰিবলৈ চৰকাৰ এতিয়া নিৰ্ভৰশীল এনডিএৰ অংশীদাৰ  নোহোৱা দলসমূহ - যেনে তামিলনাডুৰ  এআইএডিএমকে আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছ পাৰ্টি আদি দলসমূহ।ৰাজ্যসভাত ৱাইএছআৰচিপিৰ ১১ আৰু এআইএডিএমকেৰ ৪গৰাকী সাংসদ আছে।

  ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বিজেডিয়েও বিজেপিক ইমানদিনে সমৰ্থন আগবঢ়াইছিল যদিও মে'-জুন মাহত অনুষ্ঠিত  ওড়িশাৰ বিধানসভাৰ  নিৰ্বাচনত বিজেপিয়ে বিজেডিক বাৰুকৈয়ে এসেকা দিয়াৰ পিছত এতিয়া ৰাজ্যসভাৰ মজিয়াত দলটোৰ সাংসদে হয়তো বিজেপিক সমৰ্থন নকৰিব। বিজেডিৰ ৰাজ্যসভা ৯ জন সাংসদ আছে। অৱশ্যে ৰাজ্যসভাৰ খালী হ’বলগীয়া ২০ খন আসনৰ ভিতৰৰে  বিজেপিয়ে কিমান খন আসন নিজৰ হাতত ৰাখিব পাৰে তাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰিছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি