--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জঙৰ একনায়কত্ববাদীৰ পুনৰ আন এক প্ৰমাণ পোৱা গ’ল।  কিম জঙৰ নিষ্ঠুৰতাৰ কথা সৰ্বজন বিদিত।শেহতীয়াকৈ  দক্ষিণ কোৰিয়াৰ  নাটক চোৱাৰ ‘অপৰাধ’তে কিমৰ সেনাই  ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰিলে ৩০জন কিশোৰক। ঘটনাটো পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছে। 

দক্ষিণ কোৰিয়াৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে কঠোৰ নিয়মৰ বাবে উত্তৰ কোৰিয়া বহিঃজগতৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছে। কিন্তু নিয়মৰ সুৰুঙা থকাৰ পিছতো  চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াৰ পৰা কেতিয়াবা উত্তৰ কোৰিয়ালৈ বিভিন্ন ধৰণৰ বিদেশী ভিডিঅ’ চোৰাংভাৱে নিয়া হয়।  সেই ৩০ জন কিশোৰ-কিশোৰীয়ে বিদেশী নাটকৰ ভিডিঅ’ চাই ধৰা পৰিছিল। একনায়কত্ববাদী কিমৰ বিচাৰত ৩০ জনকে  মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ইয়াৰ পিছত তেওঁলোকক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা হয়।

এই প্ৰসংগত দক্ষিণ কোৰিয়াৰ এজন বিষয়াই এই নিষ্ঠুৰতাক গৰিহণা দি  কয়, "উত্তৰ কোৰিয়াত ৩ খন আইন আছে, যিবোৰক 'ক'লা আইন' হিচাপে জনা যায়।" ইয়াৰে এখন  হ’ল উত্তৰ কোৰিয়াৰ সংস্কৃতি ৰক্ষাৰ বাবে  থকা আইন।  যদি কোনো ধৰণে নিয়ম ভংগ হয় তেন্তে ‘অপৰাধী’ক কঠোৰ শাস্তি বিহা হয়।" বিষয়াগৰাকীয়ে কয় যে বাহিৰৰ জগতখনৰ সংস্কৃতিয়ে যাতে নিজৰ দেশৰ  সংস্কৃতিক স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে  কিমে দক্ষিণ কোৰিয়াকে ধৰি   বিদেশী নাটক আদি নিষিদ্ধ কৰিছে। সেই নিয়ম উলংঘা কৰাৰ বাবে সেই ৩০ জন কিশোৰক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা হৈছে’’।মন কৰিবলগীয়া যে উত্তৰ কোৰিয়াৰ কিম জঙে  কাপোৰৰ পৰা আৰম্ভ কৰি চুলি কটালৈকে সকলোতে নিজৰ অদ্ভুত নিয়ম প্ৰচলন কৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
থাইলেণ্ডৰ নতুন প্রধানমন্ত্রী আনুটিন চার্নভিৰাকুলৰ কাৰ্যভাৰ গ্ৰহণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ