--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জঙৰ একনায়কত্ববাদীৰ পুনৰ আন এক প্ৰমাণ পোৱা গ’ল।  কিম জঙৰ নিষ্ঠুৰতাৰ কথা সৰ্বজন বিদিত।শেহতীয়াকৈ  দক্ষিণ কোৰিয়াৰ  নাটক চোৱাৰ ‘অপৰাধ’তে কিমৰ সেনাই  ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰিলে ৩০জন কিশোৰক। ঘটনাটো পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছে। 

দক্ষিণ কোৰিয়াৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে কঠোৰ নিয়মৰ বাবে উত্তৰ কোৰিয়া বহিঃজগতৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছে। কিন্তু নিয়মৰ সুৰুঙা থকাৰ পিছতো  চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াৰ পৰা কেতিয়াবা উত্তৰ কোৰিয়ালৈ বিভিন্ন ধৰণৰ বিদেশী ভিডিঅ’ চোৰাংভাৱে নিয়া হয়।  সেই ৩০ জন কিশোৰ-কিশোৰীয়ে বিদেশী নাটকৰ ভিডিঅ’ চাই ধৰা পৰিছিল। একনায়কত্ববাদী কিমৰ বিচাৰত ৩০ জনকে  মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ইয়াৰ পিছত তেওঁলোকক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা হয়।

এই প্ৰসংগত দক্ষিণ কোৰিয়াৰ এজন বিষয়াই এই নিষ্ঠুৰতাক গৰিহণা দি  কয়, "উত্তৰ কোৰিয়াত ৩ খন আইন আছে, যিবোৰক 'ক'লা আইন' হিচাপে জনা যায়।" ইয়াৰে এখন  হ’ল উত্তৰ কোৰিয়াৰ সংস্কৃতি ৰক্ষাৰ বাবে  থকা আইন।  যদি কোনো ধৰণে নিয়ম ভংগ হয় তেন্তে ‘অপৰাধী’ক কঠোৰ শাস্তি বিহা হয়।" বিষয়াগৰাকীয়ে কয় যে বাহিৰৰ জগতখনৰ সংস্কৃতিয়ে যাতে নিজৰ দেশৰ  সংস্কৃতিক স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে  কিমে দক্ষিণ কোৰিয়াকে ধৰি   বিদেশী নাটক আদি নিষিদ্ধ কৰিছে। সেই নিয়ম উলংঘা কৰাৰ বাবে সেই ৩০ জন কিশোৰক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা হৈছে’’।মন কৰিবলগীয়া যে উত্তৰ কোৰিয়াৰ কিম জঙে  কাপোৰৰ পৰা আৰম্ভ কৰি চুলি কটালৈকে সকলোতে নিজৰ অদ্ভুত নিয়ম প্ৰচলন কৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন