--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকাৰ ওপৰত শেন দৃষ্টি পৰিছে আল-কায়দাৰ। অতি শীঘ্ৰে আল-কায়দাৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই স্পৰ্শকাতৰ বিষয়টোক কেন্দ্ৰ কৰি জাৰি কৰিছে কেতবোৰ সতৰ্কবাণী। প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালক লেফটেনেণ্ট জেনেৰেল স্কট বেৰিয়েৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বাৰ্ষিক সন্মিলনত সদৰী কৰে যে, ‘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব পৰাকৈ শক্তি সঞ্চয় কৰিবলৈ আল-কায়দাক আৰু এবছৰ বা দুবছৰ লাগিব পাৰে।’

আনহাতে, বিষয়টো সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা চিআইএৰ উপ-সঞ্চালক ডেভিদ কোহেনৰ মতে, আফগানিস্তানত ইতিমধ্যে আল-কায়দাৰ কিছুমান ৰাজনৈতিক কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে আমেৰিকাই। কিন্তু আমেৰিকাৰ বাবে আল-কায়দা কিমান বিপদজনক হ'ব পাৰে সেয়া গণনা কৰাৰ সময় এতিয়াও হোৱা নাই বুলি সংস্থাটোৱে সদৰী কৰিছে।


নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, আল-কায়দাৰ কেইবাজনো নেতাই আমেৰিকাত ইতিমধ্যে প্ৰৱেশ কৰিছে। আমেৰিকাই আল-কায়দাৰ প্ৰতিষ্ঠাপক ওচামা বিন লাদেনৰ মুখ্য নিৰাপত্তা বিষয়া আমিন আল হকে আমেৰিকাত প্ৰৱেশ কৰা ভিডিঅ' চিচিটিভি কেমেৰাত বন্দী কৰিছে।
আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰই অনাগত সময়ত ভয়াৱহ আক্ৰমণৰ সন্মুখীন হোৱাৰ লগতে আল-কায়দা, হাক্কানি নেটৱৰ্ক আৰু অন্যান্য উগ্ৰপন্থী গোটসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰমণ চলাবলৈ একত্ৰিত হ'ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে দেশখনৰ শীৰ্ষ-বিষয়াই। অৱশ্যে, আফগানিস্তানত উদ্ভৱ হোৱা উগ্ৰবাদী সমস্যাৰ এই ভয়াৱহতাক আমেৰিকা যুক্তৰাষ্ট্ৰই কিদৰে নিয়ন্ত্ৰণ কৰে সেয়াহে চিন্তা কৰিবলগীয়া!


FOLLOW US F
POPULAR
FEATURE
TRENDY
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ