--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকাৰ ওপৰত শেন দৃষ্টি পৰিছে আল-কায়দাৰ। অতি শীঘ্ৰে আল-কায়দাৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই স্পৰ্শকাতৰ বিষয়টোক কেন্দ্ৰ কৰি জাৰি কৰিছে কেতবোৰ সতৰ্কবাণী। প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালক লেফটেনেণ্ট জেনেৰেল স্কট বেৰিয়েৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বাৰ্ষিক সন্মিলনত সদৰী কৰে যে, ‘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব পৰাকৈ শক্তি সঞ্চয় কৰিবলৈ আল-কায়দাক আৰু এবছৰ বা দুবছৰ লাগিব পাৰে।’

আনহাতে, বিষয়টো সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা চিআইএৰ উপ-সঞ্চালক ডেভিদ কোহেনৰ মতে, আফগানিস্তানত ইতিমধ্যে আল-কায়দাৰ কিছুমান ৰাজনৈতিক কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে আমেৰিকাই। কিন্তু আমেৰিকাৰ বাবে আল-কায়দা কিমান বিপদজনক হ'ব পাৰে সেয়া গণনা কৰাৰ সময় এতিয়াও হোৱা নাই বুলি সংস্থাটোৱে সদৰী কৰিছে।


নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, আল-কায়দাৰ কেইবাজনো নেতাই আমেৰিকাত ইতিমধ্যে প্ৰৱেশ কৰিছে। আমেৰিকাই আল-কায়দাৰ প্ৰতিষ্ঠাপক ওচামা বিন লাদেনৰ মুখ্য নিৰাপত্তা বিষয়া আমিন আল হকে আমেৰিকাত প্ৰৱেশ কৰা ভিডিঅ' চিচিটিভি কেমেৰাত বন্দী কৰিছে।
আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰই অনাগত সময়ত ভয়াৱহ আক্ৰমণৰ সন্মুখীন হোৱাৰ লগতে আল-কায়দা, হাক্কানি নেটৱৰ্ক আৰু অন্যান্য উগ্ৰপন্থী গোটসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰমণ চলাবলৈ একত্ৰিত হ'ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে দেশখনৰ শীৰ্ষ-বিষয়াই। অৱশ্যে, আফগানিস্তানত উদ্ভৱ হোৱা উগ্ৰবাদী সমস্যাৰ এই ভয়াৱহতাক আমেৰিকা যুক্তৰাষ্ট্ৰই কিদৰে নিয়ন্ত্ৰণ কৰে সেয়াহে চিন্তা কৰিবলগীয়া!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক