--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতৰ প্ৰখ্যাত চিত্ৰ-নাট্যকাৰ আৰু কবি জাভেদ আখটাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা আৰএছএছক তালিবানৰে তুলনা কৰি তিক্ত সমালোচনাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ প্ৰকাশিত এক সম্পাদকীয়ৰ প্ৰতিবেদনত আখটাৰৰ মন্তব্যৰ সমালোচনা কৰা হৈছে। তালিবানৰে আৰ এছ এছৰ তুলনা হিন্দু সংস্কৃতিৰ বাবে এক পৰিতাপৰ বিষয় বুলিও প্ৰতিবেদনখনত উল্লেখ আছে। এটা সাক্ষাৎকাৰত আৰ এছ এছক তালিবানৰ সৈতে তুলনা কৰি তেওঁ কয়, ‘যিদৰে তালিবানে ইছলাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰে, ঠিক তেনেদৰে আন এটা গোটে হিন্দু ৰাজ্য প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ মানসিকতা একে।

তেওঁলোক মুছলমান, খ্ৰীষ্টান, ইহুদী বা হিন্দু- যিয়েই নহওক।’ সমালোচনাৰ সন্মুখীন হ’ব লাগিব বুলি জানি পৰৱৰ্তী সময়ত এটা প্ৰৱন্ধৰ জৰিয়তে স্পষ্টীকৰণ দিছিল তেওঁ। প্ৰবন্ধটোত তেওঁ কয়, 'মই জানো ইয়াৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লাগিব। সেয়েহে মই প্ৰবন্ধটোৰ জৰিয়তে ইয়াৰ উত্তৰ দিব বিচাৰো। মই সাক্ষাৎকাৰটোত কৈছিলো যে পৃথিৱীৰ বেছিভাগ হিন্দু মানুহেই সুন্দৰ আৰু সহনশীল। মই বাৰে বাৰে কৈছো যে ভাৰত কেতিয়াও আফগানিস্তান হ’ব নোৱাৰে। কাৰণ, ভাৰতীয়সকল মৌলবাদী নহয়। তেওঁলোকৰ ডিএনএত ভাৰসাম্য বজাই ৰখাৰ গুণ আছে।’ ভাৰতীয় হিন্দুসকলৰ প্ৰশংসাত অটল প্ৰতিথযথা শিল্পীগৰাকীয়ে লগতে কয়, ‘ দক্ষিণপন্থী কিছু ব্যক্তিৰ সৈতে তালিবানী মানসিকতাৰ সাদৃশ্য আছে।

এই কথাটোত সৰহ সংখ্যকে খং কৰিলেও এয়াই প্ৰকৃত সত্য।’ আনহাতে, তালিবানী সন্ত্ৰাস তথা কাৰ্যকলাপক নিন্দনীয় আখ্যা দি তেওঁ কয়, যিসকলে আৰ এছ এছ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক সমৰ্থন কৰে তেওঁলোকৰ মানসিকতাও তালিবানতকৈ পৃথক নহয় । সম্প্ৰতি জাভেদ আখতাৰৰ মন্তব্যত ক্ষোভিত আৰএছএছকে ধৰি কেইবাটাও দল-সংগঠন। পৰৱৰ্তী সময়ত শেহতীয়া পৰিস্থিতিয়ে কি ৰূপ লয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক