--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতৰ প্ৰখ্যাত চিত্ৰ-নাট্যকাৰ আৰু কবি জাভেদ আখটাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা আৰএছএছক তালিবানৰে তুলনা কৰি তিক্ত সমালোচনাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ প্ৰকাশিত এক সম্পাদকীয়ৰ প্ৰতিবেদনত আখটাৰৰ মন্তব্যৰ সমালোচনা কৰা হৈছে। তালিবানৰে আৰ এছ এছৰ তুলনা হিন্দু সংস্কৃতিৰ বাবে এক পৰিতাপৰ বিষয় বুলিও প্ৰতিবেদনখনত উল্লেখ আছে। এটা সাক্ষাৎকাৰত আৰ এছ এছক তালিবানৰ সৈতে তুলনা কৰি তেওঁ কয়, ‘যিদৰে তালিবানে ইছলাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰে, ঠিক তেনেদৰে আন এটা গোটে হিন্দু ৰাজ্য প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ মানসিকতা একে।

তেওঁলোক মুছলমান, খ্ৰীষ্টান, ইহুদী বা হিন্দু- যিয়েই নহওক।’ সমালোচনাৰ সন্মুখীন হ’ব লাগিব বুলি জানি পৰৱৰ্তী সময়ত এটা প্ৰৱন্ধৰ জৰিয়তে স্পষ্টীকৰণ দিছিল তেওঁ। প্ৰবন্ধটোত তেওঁ কয়, 'মই জানো ইয়াৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লাগিব। সেয়েহে মই প্ৰবন্ধটোৰ জৰিয়তে ইয়াৰ উত্তৰ দিব বিচাৰো। মই সাক্ষাৎকাৰটোত কৈছিলো যে পৃথিৱীৰ বেছিভাগ হিন্দু মানুহেই সুন্দৰ আৰু সহনশীল। মই বাৰে বাৰে কৈছো যে ভাৰত কেতিয়াও আফগানিস্তান হ’ব নোৱাৰে। কাৰণ, ভাৰতীয়সকল মৌলবাদী নহয়। তেওঁলোকৰ ডিএনএত ভাৰসাম্য বজাই ৰখাৰ গুণ আছে।’ ভাৰতীয় হিন্দুসকলৰ প্ৰশংসাত অটল প্ৰতিথযথা শিল্পীগৰাকীয়ে লগতে কয়, ‘ দক্ষিণপন্থী কিছু ব্যক্তিৰ সৈতে তালিবানী মানসিকতাৰ সাদৃশ্য আছে।

এই কথাটোত সৰহ সংখ্যকে খং কৰিলেও এয়াই প্ৰকৃত সত্য।’ আনহাতে, তালিবানী সন্ত্ৰাস তথা কাৰ্যকলাপক নিন্দনীয় আখ্যা দি তেওঁ কয়, যিসকলে আৰ এছ এছ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক সমৰ্থন কৰে তেওঁলোকৰ মানসিকতাও তালিবানতকৈ পৃথক নহয় । সম্প্ৰতি জাভেদ আখতাৰৰ মন্তব্যত ক্ষোভিত আৰএছএছকে ধৰি কেইবাটাও দল-সংগঠন। পৰৱৰ্তী সময়ত শেহতীয়া পৰিস্থিতিয়ে কি ৰূপ লয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?