--°C
Loading...
Listen to Article
2 min read
80%

গোৱালপাৰা : গোৱালপাৰা জিলাৰ ধূপধৰাত আলফাৰ নামত ধন দাবী ভুৱা আলফাৰ৷ বগা কাগজত আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এজন লোক। ধূপধৰাৰ মিলন সংঘ প্ৰাংগণত থকা দ্ৰোণ মেডিকেল ষ্টোৰৰ স্বত্ত্বাধিকাৰী পিংকু পোড্ডাৰক তিনি লাখ টকা দাবীৰে কোনো নথকা অৱস্থাত দ্ৰোণ মেডিকেল ষ্ট'ৰত ধন দাবী পত্ৰখন দলিয়াই থৈ গৈছিল গৌতম গুপ্তা নামৰ লোকজনে।

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সন্মুখত নতুন প্ৰত্যাহ্বান, সিংঘুত উত্তপ্ত পৰিস্থিত


আলফাৰ নামত ধনদাবী কৰা লোকজনৰ ঘৰ পশ্চিমবংগত৷ পূৰ্বে লোকজনে ধূপধৰাত ভাৰাতীয়া হিচাপে আছিল যদিও বৰ্তমান অভয়াপুৰীত ভাৰাতীয়া হিচাপে থাকে বুলি জানিব পৰা গৈছে৷ মাঘবিহুৰ সময়ৰ পৰাই ধূপধৰাৰ পূৰ্বৰ ভাড়াঘৰৰ মালিকৰ ঘৰত আহি আছিল লোকজন৷ ফাৰ্মাচীখনৰ স্বত্ত্বাধিকাৰীক দাবী কৰা ধন কাষৰ ডাষ্টবিনত থ'বৰ বাবে পত্ৰখনত লিখিছিল৷

আৰু পঢ়িব পাৰিব : ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

মেডিকেল ষ্টোৰখনত থকা চিচিটিভিত এই ধন দাবী পত্ৰখন গৌতম গুপ্তাই পেলাই থৈ যোৱা বুলি ধৰা পৰে৷ পিংকু পোড্ডাৰে বিষয়টি সন্দৰ্ভত মিলন সংঘৰ বিষয়ববীয়াক অৱগত কৰায় আৰু ঘটনা সম্পৰ্কে ধূপধৰা আৰক্ষী থানাত অৱগত কৰোৱাৰ পিছতে ধূপধৰাৰ আৰক্ষীৰ দল এটাই ধূপধৰাৰ কলিতাপাৰাৰ পৰা গৌতম গুপ্তাক আটক কৰি নিয়ে৷ প্ৰাথমিক তদন্তৰ পাছতে পিংকু পোড্ডাৰে দিয়া এজাহাৰৰ ভিক্তিত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে গৌতম গুপ্তাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ