--°C
Loading...
Listen to Article
2 min read
80%

গোৱালপাৰা : গোৱালপাৰা জিলাৰ ধূপধৰাত আলফাৰ নামত ধন দাবী ভুৱা আলফাৰ৷ বগা কাগজত আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এজন লোক। ধূপধৰাৰ মিলন সংঘ প্ৰাংগণত থকা দ্ৰোণ মেডিকেল ষ্টোৰৰ স্বত্ত্বাধিকাৰী পিংকু পোড্ডাৰক তিনি লাখ টকা দাবীৰে কোনো নথকা অৱস্থাত দ্ৰোণ মেডিকেল ষ্ট'ৰত ধন দাবী পত্ৰখন দলিয়াই থৈ গৈছিল গৌতম গুপ্তা নামৰ লোকজনে।

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সন্মুখত নতুন প্ৰত্যাহ্বান, সিংঘুত উত্তপ্ত পৰিস্থিত


আলফাৰ নামত ধনদাবী কৰা লোকজনৰ ঘৰ পশ্চিমবংগত৷ পূৰ্বে লোকজনে ধূপধৰাত ভাৰাতীয়া হিচাপে আছিল যদিও বৰ্তমান অভয়াপুৰীত ভাৰাতীয়া হিচাপে থাকে বুলি জানিব পৰা গৈছে৷ মাঘবিহুৰ সময়ৰ পৰাই ধূপধৰাৰ পূৰ্বৰ ভাড়াঘৰৰ মালিকৰ ঘৰত আহি আছিল লোকজন৷ ফাৰ্মাচীখনৰ স্বত্ত্বাধিকাৰীক দাবী কৰা ধন কাষৰ ডাষ্টবিনত থ'বৰ বাবে পত্ৰখনত লিখিছিল৷

আৰু পঢ়িব পাৰিব : ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

মেডিকেল ষ্টোৰখনত থকা চিচিটিভিত এই ধন দাবী পত্ৰখন গৌতম গুপ্তাই পেলাই থৈ যোৱা বুলি ধৰা পৰে৷ পিংকু পোড্ডাৰে বিষয়টি সন্দৰ্ভত মিলন সংঘৰ বিষয়ববীয়াক অৱগত কৰায় আৰু ঘটনা সম্পৰ্কে ধূপধৰা আৰক্ষী থানাত অৱগত কৰোৱাৰ পিছতে ধূপধৰাৰ আৰক্ষীৰ দল এটাই ধূপধৰাৰ কলিতাপাৰাৰ পৰা গৌতম গুপ্তাক আটক কৰি নিয়ে৷ প্ৰাথমিক তদন্তৰ পাছতে পিংকু পোড্ডাৰে দিয়া এজাহাৰৰ ভিক্তিত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে গৌতম গুপ্তাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু