--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰ পতি ড'নাল্ড ট্রাম্পে মঙলবাৰে দেশখনৰ ভোটাৰ সন্দৰ্ভত এক কার্যবাহী আদেশত স্বাক্ষৰ কৰে। এতিয়াৰ পৰা দেশখনৰ ভোটাৰক তেওঁলোক যে আমেৰিকাৰ নাগৰিক সেয়া প্রমাণ কৰাৰ আৰু নিৰ্বাচনৰ দিনটোৰ পাছত লাভ কৰা মেইল ইন বেলট প্রদেশসমূহে গণনা কৰিব নোৱাৰিব। এই আদেশ অনুসৰি নিয়ম পালন নকৰা প্ৰদেশসমূহৰ পৰা চৰকাৰী পুঁজি কৰ্তন কৰা হ'ব। 

ৰাষ্ট্ৰপতি ট্রাম্পে লগতে আমেৰিকাৰ নিৰ্বাচন ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তোলে আৰু ২০২০ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ আঁৰত ব্যাপক অনিয়ম থকা বুলি অভিযোগ উত্থাপন কৰে। এই আদেশক আইনী প্রত্যাহবান জনোৱাৰ সম্ভাৱনা প্রকাশ পাইছে। লিছা গিলবার্ট নামৰ এজন স্বেচ্ছাসেবী সংগঠনৰ সদস্যই এই আদেশত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এয়া গণতন্ত্ৰৰ ওপৰত আক্রমণ আৰু এক স্বৈৰাচাৰী ক্ষমতাৰ খেল। 

ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ আদেশত দেশখনৰ নিৰ্বাচনী ব্যৱস্থাক সংস্কাৰ সাধন কৰিবলৈ ভাৰত আৰু ব্রাজিলৰ উদাহৰণ দিয়ে। আদেশটোত কোৱা হয় যে ভাৰত আৰু ব্রাজিলৰ ভোটাৰ চিনাক্তকৰণ কৰিবলৈ বায় 'মেট্রিক তথ্যকোষ সংযুক্ত কৰে। আদেশটোত বেলট পেপাৰ ৰাজহুৱাভাৱে গণনা কৰাৰ বাবে জাৰ্মানি আৰু কানাডাকো প্রশংসা কৰে ৰাষ্ট্ৰপতি ট্রাম্পে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ