--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰ পতি ড'নাল্ড ট্রাম্পে মঙলবাৰে দেশখনৰ ভোটাৰ সন্দৰ্ভত এক কার্যবাহী আদেশত স্বাক্ষৰ কৰে। এতিয়াৰ পৰা দেশখনৰ ভোটাৰক তেওঁলোক যে আমেৰিকাৰ নাগৰিক সেয়া প্রমাণ কৰাৰ আৰু নিৰ্বাচনৰ দিনটোৰ পাছত লাভ কৰা মেইল ইন বেলট প্রদেশসমূহে গণনা কৰিব নোৱাৰিব। এই আদেশ অনুসৰি নিয়ম পালন নকৰা প্ৰদেশসমূহৰ পৰা চৰকাৰী পুঁজি কৰ্তন কৰা হ'ব। 

ৰাষ্ট্ৰপতি ট্রাম্পে লগতে আমেৰিকাৰ নিৰ্বাচন ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তোলে আৰু ২০২০ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ আঁৰত ব্যাপক অনিয়ম থকা বুলি অভিযোগ উত্থাপন কৰে। এই আদেশক আইনী প্রত্যাহবান জনোৱাৰ সম্ভাৱনা প্রকাশ পাইছে। লিছা গিলবার্ট নামৰ এজন স্বেচ্ছাসেবী সংগঠনৰ সদস্যই এই আদেশত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এয়া গণতন্ত্ৰৰ ওপৰত আক্রমণ আৰু এক স্বৈৰাচাৰী ক্ষমতাৰ খেল। 

ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ আদেশত দেশখনৰ নিৰ্বাচনী ব্যৱস্থাক সংস্কাৰ সাধন কৰিবলৈ ভাৰত আৰু ব্রাজিলৰ উদাহৰণ দিয়ে। আদেশটোত কোৱা হয় যে ভাৰত আৰু ব্রাজিলৰ ভোটাৰ চিনাক্তকৰণ কৰিবলৈ বায় 'মেট্রিক তথ্যকোষ সংযুক্ত কৰে। আদেশটোত বেলট পেপাৰ ৰাজহুৱাভাৱে গণনা কৰাৰ বাবে জাৰ্মানি আৰু কানাডাকো প্রশংসা কৰে ৰাষ্ট্ৰপতি ট্রাম্পে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ