--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইষ্টানবুলৰ মেয়ৰ তথা তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টায়ীপ এডোগানৰ শীৰ্ষ প্রতিদ্বন্দ্বীক কাৰাৰুদ্ধ কৰা কাৰ্যই বৃদ্ধি কৰা প্ৰতিবাদ দমন কৰিবলৈ তুৰস্কৰ চৰকাৰে কেইবাজনো সাংবাদিকক ঘৰৰ পৰাই আটক কৰে। সোমবাৰে এটা সংবাদ মাধ্যম কর্মী সংস্থাই এই কথা জনায়। 

নিষ্পত্তি নোহোৱা দুৰ্নীতিৰ অভিযোগৰ এটা গোচৰত দেওবাৰে এখন আদালতে আনুষ্ঠানিকভাৱে মেয়ৰ একৰেম ইমামগলুক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক কাৰাৰুদ্ধ কৰাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে বুধবাৰে ইষ্টানবুলৰ মেয়ৰজনক গ্ৰেপ্তাৰ কৰাৰ পাছত তুৰস্কৰ ৰাজপথত যি ধর্ণা প্রদর্শন হয়, তেনে ধর্ণা দেশখনত এটা দশকতকৈও অধিক কাল দেখিবলৈ পোৱা হোৱা নাছিল।

এনে প্রতিবাদে গণতন্ত্র আৰু আইনৰ শাসনৰ বিষয়ে উদ্বেগ বৃদ্ধি কৰিছে। প্রতিবাদ বৃদ্ধি পোৱাৰ বাবেই চৰকাৰে কমেও ৮জন সাংবাদিক আৰু ফটো সাংবাদিকক আটক কৰি 'সংবাদ মাধ্যমৰ স্বাধীনতা তথা সত্য জনাৰ জনতাৰ অধিকাৰত আক্ৰমণ কৰিছে' বুলি ডিস্ক-বাচিন-ইজ নামৰ সংস্থাটোৱে অভিযোগ কৰে। সংস্থাটোৱে সামাজিক মাধ্যম এক্সত উক্ত সাংবাদিকসকলক তৎক্ষণাৎ মুক্তি দিবলৈ দাবী জনাই চৰকাৰক কয়, 'আপোনালোকে সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰি সত্যক লুকুৱাব নোৱাৰিব।' 

উল্লেখযোগ্য যে মেয়ৰজনক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ দিনাৰ পৰা (১৯ মার্চ) আৰক্ষীয়ে মুঠ ১,৩৩৩জন লোকক আটক কৰিছে। গৃহ মন্ত্রী আলী য়েৰলিকায়াই এই কথা জনায়। আনহাতে, এই সময়ছোৱাত হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ ১২৩জন লোক আহত হৈছে বুলি জনায় মন্ত্রীজনে কয় যে এচিড, অগ্নিবোমা আৰু ছুৰীৰ দৰে বিপজ্জনক সামগ্রীও আৰক্ষীয়ে জব্দ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ