--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় অধিকাৰ বিষয়ৰ আমেৰিকাৰ এক আয়োগে ভাৰতৰ বহিঃ চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ উইঙ(ৰ)ৰ বিৰুদ্ধে নিষেধাজ্ঞা অৰোপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে আমেৰিকা চৰকাৰক। শিখ বিচ্ছিন্নতাবাদীৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ বাবে ইউ এছ কমিছন অন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্রীডমে (ইউ এছ চি আই আৰ এফ) এই অনুমোদন জনাইছে। 

শিখ বিচ্ছিন্নতাবাদী নেতা গুৰুপটৱন্ত সিং পান্নুৰ হত্যাৰ ষড়যন্ত্ৰৰ সৈতে ৰ জড়িত থকাৰ অভিযোগৰ সন্দৰ্ভতে আয়োগে এই পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে খালিস্তানী নেতা গুৰুপটৱন্ত সিং পান্নুৰ হত্যাৰ ষড়যন্ত্ৰত ৰ-ৰ প্ৰাক্তন এজেন্ট বিকাশ যাদৱক আমেৰিকাই অভিযুক্ত কৰিছিল ।আয়োগে মঙলবাৰে প্ৰকাশ কৰা বার্ষিক প্রতিবেদনত ভাৰতৰ সংখ্যালঘুসকলে নিকৃষ্ট ব্যৱহাৰৰ সন্মুখীন হোৱা বুলিও অভিযোগ কৰা হৈছে। আনহাতে ভাৰতক ধর্মীয় স্বাধীনতাৰ ক্ষেত্ৰত 'বিশেষ উদ্বেগৰ দেশ বুলি' আখ্যা দিবলৈও আমেৰিকা চৰকাৰক এই আয়োগে পৰামৰ্শ আগবঢ়ায়। 

আয়োগে প্রতিবেদনত কয়, 'ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণ আৰু বৈষম্য বৃদ্ধি পাই থকাৰ বাবে ২০২৪ চনত ভাৰতত ধৰ্মীয় অধিকাৰৰ অৱস্থা শোচনীয় হৈ আছে।' ইয়াত অভিযোগ কৰা হৈছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) যোৱা বছৰ লোক সভাৰ নিৰ্বাচনৰ সময়ত মুছলমান আৰু আন ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ঘৃণাপূর্ণ কথা আৰু অপতথ্যৰ প্ৰচাৰ কৰিছিল। ইফালে ইউ এছ চি আই আৰ এফৰ প্ৰতিবেদনক নাকচ কৰি আজি ভাৰতে প্রতিক্রিয়া প্রকাশ কৰি কয় যে ইউ এছ চি আই আৰ এফক 'উদ্বেগৰ প্রতিষ্ঠান' আখ্যা দিব লাগে। ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কয় যে ইউ এছ চি আই আৰ এফৰ শেহতীয়া প্ৰতিবেদনত ইয়াৰ 'পক্ষপাতমূলক আৰু ৰাজনৈতিকভাৱে প্ৰৰোচিত মূল্যায়ন'ৰ প্ৰণালী অব্যাহত আছে ।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ