--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  হ’ব বিনয়মোহন কাট্ৰা। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে জাৰি কৰা  বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে তৰণজিৎ সন্ধুৱে এই পদত অধিষ্ঠিত হৈ আছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ সেই পদৰ পৰা পদত্যাগ কৰিছিল। এইবাৰ প্ৰাক্তন বৈদেশিক সচিব বিনয় মোহনক আমেৰিকাত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হৈছে।  যাক বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বিনয় মোহনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 

 ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, বিনয় মোহন কাট্ৰাক আমেৰিকাত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ অতি সোনকালে নতুন কৰ্তব্যত যোগদান কৰিব।   ১৯৮৮ চনত বিনয় মোহনে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ তিনি দশক ধৰি বিভিশ্বৰ বিভিন্ন দেশত  কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। পূৰ্বে তেওঁ নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। 

২০১৭ চনৰ আগষ্টৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰীলৈ তেওঁ ফ্ৰান্সত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কূটনীতিবিদ হিচাপে  বিনয় মোহনে আমেৰিকা, চীন আৰু ইউৰোপৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ  কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১৫ চনৰ অক্টোবৰৰ পৰা ২০১৭ চনৰ আগষ্ট মাহলৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ যুটীয়া সচিব  হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ১৪ জুলাইত ভাৰতৰ বিদায়ী বৈদেশিক সচিবগৰাকীক  প্ৰশংসা কৰি তেওঁৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত লিখিছিল, “বৈদেশিক নীতি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু ত্যাগৰ বাবে বিদায়ী বৈদেশিক সচিব বিনয় মোহন কাট্ৰাক  ধন্যবাদ নাইছো। যোৱা ১০ বছৰত তেওঁ আমাৰ কৌশল আৰু নীতি নিৰ্ধাৰণত  সহায় কৰিছে। ভৱিষ্যতৰ বাবে তেওঁক শুভেচ্ছা জনাইছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা