--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  হ’ব বিনয়মোহন কাট্ৰা। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে জাৰি কৰা  বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে তৰণজিৎ সন্ধুৱে এই পদত অধিষ্ঠিত হৈ আছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ সেই পদৰ পৰা পদত্যাগ কৰিছিল। এইবাৰ প্ৰাক্তন বৈদেশিক সচিব বিনয় মোহনক আমেৰিকাত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হৈছে।  যাক বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বিনয় মোহনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 

 ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, বিনয় মোহন কাট্ৰাক আমেৰিকাত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ অতি সোনকালে নতুন কৰ্তব্যত যোগদান কৰিব।   ১৯৮৮ চনত বিনয় মোহনে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ তিনি দশক ধৰি বিভিশ্বৰ বিভিন্ন দেশত  কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। পূৰ্বে তেওঁ নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। 

২০১৭ চনৰ আগষ্টৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰীলৈ তেওঁ ফ্ৰান্সত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কূটনীতিবিদ হিচাপে  বিনয় মোহনে আমেৰিকা, চীন আৰু ইউৰোপৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ  কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১৫ চনৰ অক্টোবৰৰ পৰা ২০১৭ চনৰ আগষ্ট মাহলৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ যুটীয়া সচিব  হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ১৪ জুলাইত ভাৰতৰ বিদায়ী বৈদেশিক সচিবগৰাকীক  প্ৰশংসা কৰি তেওঁৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত লিখিছিল, “বৈদেশিক নীতি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু ত্যাগৰ বাবে বিদায়ী বৈদেশিক সচিব বিনয় মোহন কাট্ৰাক  ধন্যবাদ নাইছো। যোৱা ১০ বছৰত তেওঁ আমাৰ কৌশল আৰু নীতি নিৰ্ধাৰণত  সহায় কৰিছে। ভৱিষ্যতৰ বাবে তেওঁক শুভেচ্ছা জনাইছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক