--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ পুনৰুদ্ধাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা লক্ষ্ণৌৰ অধিবক্তা অশোক পাণ্ডেক তিৰস্কাৰ ন্যায়াধীশৰ। আদালতে তেওঁৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবলৈও অস্বীকাৰ কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাৱইয়ে অধিবক্তা অশোক পাণ্ডেক ধমক দি আনকি আদালতৰ কক্ষৰ পৰা ওলাই যাবলৈও কয়। ন্যায়াধীশগৰাকীয়ে অশোক পাণ্ডেক ধমক দি কয় আপুনি যাবনে নে মই মাৰ্শ্বালক মাতিম? 

জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে অধিবক্তা পাণ্ডেৰ আবেদন নাকচ কৰি ১ লাখ টকাৰ গধুৰ জৰিমনা বিহিছিল। ইয়াৰ পিছত তেওঁ পুনৰ আদালতৰ কাষ চাপি জৰিমনা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। এই গোচৰৰ শুনানি হ’ব মঙলবাৰে (৯ জুলাই) উচ্চতম ন্যায়ালয়ত। এই সময়ত ন্যায়াধীশ গাৱইয়ে কেৱল জৰিমনা প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰাই নহয়, অধিবক্তা অশোক পাণ্ডেকো তীব্ৰ ধমক দিয়ে।

শুনানিৰ সময়ত আদালতৰ কক্ষৰ পৰিৱেশ ইমানেই বেয়া হৈছিল যে ন্যায়াধীশে আনকি অধিবক্তাজনক সকীয়াই দিছিল। অধিবক্তা অশোক পাণ্ডেই যুক্তি দাঙি ধৰাৰ সময়ত ন্যায়াধীশ গাৱৈৰ খং উঠিছিল। তেওঁ কয়, "আপুনি যদি এটা শব্দও কয় তেন্তে আমি আপোনাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিম। ইমানবোৰ আবেদন দাখিল কৰাৰ আগতে আপুনি ১০০ বাৰ চিন্তা কৰা উচিত আছিল।"

ন্যায়াধীশ গাৱইয়ে অধিবক্তা অশোক পাণ্ডেক প্ৰশ্ন কৰে যে আপুনি এতিয়ালৈকে কিমান আবেদন দাখিল কৰিছে আৰু আদালতে আপোনাৰ ওপৰত কিমান জৰিমনা বিহিছে। ন্যায়াধীশৰ প্ৰশ্নৰ উত্তৰত অধিবক্তা পাণ্ডেই কয় যে, "মই ২০০টা পিআইএল দাখিল কৰিছো। সংবিধান বিচাৰপীঠৰ সিদ্ধান্তক লৈ মোৰ বিশ্বাস আছে। অনুগ্ৰহ কৰি জৰিমনা প্ৰত্যাহাৰ কৰক।"

এই কথা শুনি ন্যায়াধীশ গাৱই ক্ষুব্ধ হৈ পৰিল। তেওঁ কয়, "আপুনি যদি ইয়াৰ পৰা ওলাই নাযায় তেন্তে আমি লাজত পৰিম। ইয়াৰ পিছতো যেতিয়া অধিবক্তা অশোক পাণ্ডে আদালতৰ কক্ষৰ পৰা ওলাই যাবলৈ সাজু নহ’ল, তেতিয়া ন্যায়াধীশৰ বৰ খং উঠিল। তেওঁ ক'লে, আপুনি যাবনে নে মই মাৰ্শ্বালক মাতিম?

দৰাচলতে চলিত বৰ্ষৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ পুনৰুদ্ধাৰৰ প্ৰত্যাহ্বান জনাই আবেদন নাকচ কৰিছিল। ইয়াৰ সমান্তৰালকৈ আদালতে আবেদনকাৰী অশোক পাণ্ডেক ১ লাখ টকাৰ জৰিমনাও আৰোপ কৰিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়ত ন্যায়াধীশ বি আৰ গাৱই আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে এই আবেদন আইনৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ বুলি কৈছিল। সদস্যপদ পুনৰুদ্ধাৰক প্ৰত্যাহ্বান জনাই পাণ্ডেৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতে তেওঁৰ উদ্দেশ্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক