--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে যিকোনো মুছলমান বিবাহ বিচ্ছেদ হোৱা মহিলাই চি আৰ পি চিৰ ১২৫ নং ধাৰা অনুসৰি স্বামীৰ পৰা ভৰণ-পোষণ লাভ কৰাৰ অধিকাৰ আছে। ইয়াৰ বাবে তেওঁ ভৰণ-পোষণৰ বাবে আবেদন দাখিল কৰিব পাৰে।

ন্যায়াধীশ বিৱি নাগাৰাথনা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহে ৰায়দান কৰাৰ সময়ত কয় যে মুছলমান মহিলাসকলে ভৰণ-পোষণৰ বাবে নিজৰ আইনী অধিকাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ সৈতে জড়িত আবেদন দাখিল কৰিব পাৰে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ১২৫ নং ধাৰাত।

উচ্চতম ন্যায়ালয়ে কয় যে এই ধাৰা সকলো বিবাহিত মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য, তেওঁৰ ধৰ্ম লাগিলে যিয়েই হওক। মুছলমান মহিলাসকলেও এই ব্যৱস্থাৰ সহায় ল’ব পাৰে। আদালতে পুনৰ কয় যে এগৰাকী মুছলমান মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে ১২৫ নং CrPC ধাৰাত ভৰণ-পোষণৰ বাবে আবেদন দাখিল কৰিব পাৰে।

যদিও, ন্যায়াধীশ বিৱি নাগাৰাথ্না আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহে পৃথক পৃথক ৰায় দিছিল, কিন্তু দুয়োৰে মতামত একে। আদালতে কয় যে মুছলিম মহিলা (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন ১৯৮৬ য়ে প্ৰকৃততে ধৰ্মনিৰপেক্ষ আইনক বাইপাছ কৰিব নোৱাৰে।

বহু ক্ষেত্ৰত বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই মেইণ্টেনেন্স এলাৱেন্স নাপায় বা পালেও ইদ্দাতৰ সময়লৈকেহে হয়। ইদ্দাত ইছলামিক পৰম্পৰা। এই অনুসৰি যদি কোনো মহিলাৰ স্বামীৰ দ্বাৰা বিবাহ বিচ্ছেদ হয় বা মৃত্যু হয়, তেন্তে মহিলাগৰাকীয়ে ‘ইদ্দাত’ৰ সময়ছোৱাত পুনৰ বিবাহ কৰিব নোৱাৰে। ইদ্দাতৰ সময়সীমা প্ৰায় ৩ মাহলৈকে থাকে। এই সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই পুনৰ বিবাহপাশত আবদ্ধ হ’ব পাৰে।

কিন্তু ২০২২ চনৰ এপ্ৰিল মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ সিদ্ধান্তত কৈছিল যে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই ইদ্দাতৰ সময়সীমাৰ পিছতো ৰক্ষণাবেক্ষণ ভাট্টা লাভ কৰাৰ অধিকাৰী আৰু পুনৰ বিবাহ নোহোৱালৈকে এই ভাট্টা লাভ কৰি থাকিব।

একেদৰে চলিত বৰ্ষৰ জানুৱাৰী মাহত এটা গোচৰত বম্বে উচ্চ ন্যায়ালয়ে কৈছিল যে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই পুনৰ বিবাহ কৰিলেও তেওঁ পূৰ্বৰ স্বামীৰ পৰা ভৰণ-পোষণ লাভ কৰাৰ অধিকাৰ আছে।


আব্দুল ছামাদ নামৰ এজন মুছলমান লোকে তেলেংগানা উচ্চ ন্যায়ালয়ে পত্নীক ভৰণ-পোষণৰ ধন দিবলৈ দিয়া নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। ব্যক্তিজনে উচ্চতম ন্যায়ালয়ত যুক্তি দিছিল যে এগৰাকী বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই চি আৰ পি চিৰ ১২৫ নং ধাৰাত আবেদন দাখিল কৰাৰ অধিকাৰ নাই। মহিলাগৰাকীয়ে মুছলিম মহিলা আইন ১৯৮৬ৰ বিধানসমূহ মানি চলিব লাগিব। এনে পৰিস্থিতিত আদালতৰ সন্মুখত প্ৰশ্ন উত্থাপন হৈছিল যে এই গোচৰত মুছলিম মহিলা আইন, ১৯৮৬ বা চি আৰ পি চিৰ ১২৫ ধাৰাক অগ্ৰাধিকাৰ দিয়া উচিত।

চি আৰ পি চিৰ ১২৫ নং ধাৰা কি?

চি আৰ পি চিৰ ১২৫ নং ধাৰাত পত্নী, সন্তান আৰু পিতৃ-মাতৃৰ ভৰণ-পোষণৰ সন্দৰ্ভত বিতং তথ্য দিয়া হৈছে। এই ধাৰা অনুসৰি স্বামী, পিতৃ বা সন্তানৰ ওপৰত নিৰ্ভৰশীল পত্নী, পিতৃ-মাতৃ বা সন্তানে তেতিয়াহে ভৰণ-পোষণৰ দাবী কৰিব পাৰিব যেতিয়া তেওঁলোকৰ জীৱিকাৰ আন কোনো উপায় উপলব্ধ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ