--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে যিকোনো মুছলমান বিবাহ বিচ্ছেদ হোৱা মহিলাই চি আৰ পি চিৰ ১২৫ নং ধাৰা অনুসৰি স্বামীৰ পৰা ভৰণ-পোষণ লাভ কৰাৰ অধিকাৰ আছে। ইয়াৰ বাবে তেওঁ ভৰণ-পোষণৰ বাবে আবেদন দাখিল কৰিব পাৰে।

ন্যায়াধীশ বিৱি নাগাৰাথনা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহে ৰায়দান কৰাৰ সময়ত কয় যে মুছলমান মহিলাসকলে ভৰণ-পোষণৰ বাবে নিজৰ আইনী অধিকাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ সৈতে জড়িত আবেদন দাখিল কৰিব পাৰে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ১২৫ নং ধাৰাত।

উচ্চতম ন্যায়ালয়ে কয় যে এই ধাৰা সকলো বিবাহিত মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য, তেওঁৰ ধৰ্ম লাগিলে যিয়েই হওক। মুছলমান মহিলাসকলেও এই ব্যৱস্থাৰ সহায় ল’ব পাৰে। আদালতে পুনৰ কয় যে এগৰাকী মুছলমান মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে ১২৫ নং CrPC ধাৰাত ভৰণ-পোষণৰ বাবে আবেদন দাখিল কৰিব পাৰে।

যদিও, ন্যায়াধীশ বিৱি নাগাৰাথ্না আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহে পৃথক পৃথক ৰায় দিছিল, কিন্তু দুয়োৰে মতামত একে। আদালতে কয় যে মুছলিম মহিলা (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন ১৯৮৬ য়ে প্ৰকৃততে ধৰ্মনিৰপেক্ষ আইনক বাইপাছ কৰিব নোৱাৰে।

বহু ক্ষেত্ৰত বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই মেইণ্টেনেন্স এলাৱেন্স নাপায় বা পালেও ইদ্দাতৰ সময়লৈকেহে হয়। ইদ্দাত ইছলামিক পৰম্পৰা। এই অনুসৰি যদি কোনো মহিলাৰ স্বামীৰ দ্বাৰা বিবাহ বিচ্ছেদ হয় বা মৃত্যু হয়, তেন্তে মহিলাগৰাকীয়ে ‘ইদ্দাত’ৰ সময়ছোৱাত পুনৰ বিবাহ কৰিব নোৱাৰে। ইদ্দাতৰ সময়সীমা প্ৰায় ৩ মাহলৈকে থাকে। এই সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই পুনৰ বিবাহপাশত আবদ্ধ হ’ব পাৰে।

কিন্তু ২০২২ চনৰ এপ্ৰিল মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ সিদ্ধান্তত কৈছিল যে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই ইদ্দাতৰ সময়সীমাৰ পিছতো ৰক্ষণাবেক্ষণ ভাট্টা লাভ কৰাৰ অধিকাৰী আৰু পুনৰ বিবাহ নোহোৱালৈকে এই ভাট্টা লাভ কৰি থাকিব।

একেদৰে চলিত বৰ্ষৰ জানুৱাৰী মাহত এটা গোচৰত বম্বে উচ্চ ন্যায়ালয়ে কৈছিল যে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই পুনৰ বিবাহ কৰিলেও তেওঁ পূৰ্বৰ স্বামীৰ পৰা ভৰণ-পোষণ লাভ কৰাৰ অধিকাৰ আছে।


আব্দুল ছামাদ নামৰ এজন মুছলমান লোকে তেলেংগানা উচ্চ ন্যায়ালয়ে পত্নীক ভৰণ-পোষণৰ ধন দিবলৈ দিয়া নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। ব্যক্তিজনে উচ্চতম ন্যায়ালয়ত যুক্তি দিছিল যে এগৰাকী বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই চি আৰ পি চিৰ ১২৫ নং ধাৰাত আবেদন দাখিল কৰাৰ অধিকাৰ নাই। মহিলাগৰাকীয়ে মুছলিম মহিলা আইন ১৯৮৬ৰ বিধানসমূহ মানি চলিব লাগিব। এনে পৰিস্থিতিত আদালতৰ সন্মুখত প্ৰশ্ন উত্থাপন হৈছিল যে এই গোচৰত মুছলিম মহিলা আইন, ১৯৮৬ বা চি আৰ পি চিৰ ১২৫ ধাৰাক অগ্ৰাধিকাৰ দিয়া উচিত।

চি আৰ পি চিৰ ১২৫ নং ধাৰা কি?

চি আৰ পি চিৰ ১২৫ নং ধাৰাত পত্নী, সন্তান আৰু পিতৃ-মাতৃৰ ভৰণ-পোষণৰ সন্দৰ্ভত বিতং তথ্য দিয়া হৈছে। এই ধাৰা অনুসৰি স্বামী, পিতৃ বা সন্তানৰ ওপৰত নিৰ্ভৰশীল পত্নী, পিতৃ-মাতৃ বা সন্তানে তেতিয়াহে ভৰণ-পোষণৰ দাবী কৰিব পাৰিব যেতিয়া তেওঁলোকৰ জীৱিকাৰ আন কোনো উপায় উপলব্ধ নহয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা