--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টয়লেটত বিভিন্ন মানুহৰ বিভিন্ন অভ্যাস গঢ় লৈ উঠে। কিছুমানে টয়লেটত বহি আলোচনী পঢ়ে, কিছুমানে বাতৰি-কাকত পঢ়ে আৰু কিছুমানে গান শুনি ভাল পায়। বেছিভাগ মানুহেই বাথৰুমত বা টয়লেটত বহি বা কাৰোবাৰ লগত ফোনত কথা পাতি ফোনটো ব্যৱহাৰ কৰে। 

কিছুমানে টয়লেটত বহি মোবাইল টিপি থাকি ভালপায়, তেওঁলোকে ছচিয়েল মিডিয়াত বিচৰণ কৰি থাকে বা কিছুমানে মোবাইলত গেম খেলি থাকে। মানুহে কয় যে এই কাম কৰি তেওঁলোকে নিজৰ আজৰি সময়ৰ সদ্ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে টয়লেটত বহি ফোন ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে বাথৰুমত বা টয়লেটত ফোন ব্যৱহাৰ কৰাটো অতি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ বাবেই মানুহে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে কি কি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় জানো আহক।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে টয়লেটত বহি ফোন ব্যৱহাৰ কৰিলে পাইলছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। পাইলছৰ সমস্যাটো অতি বিষাদজনক আৰু কেতিয়াবা ৰক্তক্ষৰণো হয়। আপোনাৰ মলদ্বাৰ বা মলদ্বাৰৰ শিৰাৰ থুপবোৰ ফুলি গ’লে এনে হয়। সাধাৰণতে ই মলদ্বাৰৰ সিৰাৰ ‘ভেৰিকোজ ভেইন’ ৰোগ। মলদ্বাৰৰ ভিতৰত বা মলদ্বাৰৰ বাহিৰতো অৰ্শ ৰোগ হ’ব পাৰে।

কোনো ঘৰতে শৌচাগাৰ সাধাৰণ ঠাই বুলি গণ্য কৰা নহয়। ইয়াত বহু ধৰণৰ বেক্টেৰিয়া থাকে। এনে পৰিস্থিতিত বাথৰুমত বহি ফোনটো ব্যৱহাৰ কৰিলে বাথৰুমত উপস্থিত থকা বেক্টেৰিয়াই আপোনাৰ ফোনক আঁকোৱালি ল’ব পাৰে। ইয়াৰ পিছত ফোনটোৰ পৰা বেক্টেৰিয়া আপোনাৰ শৰীৰত প্ৰৱেশ কৰাটো অতি সহজ হৈ পৰে। যাৰ বাবে আপুনি সহজেই যিকোনো ৰোগত আক্ৰান্ত হ’ব পাৰে।

বাথৰুমলৈ যোৱাৰ সময়ত ফোনটো লগত লৈ নাযাব। ইয়াৰ ফলত পাইলছৰ আশংকা কম হোৱাৰ লগতে বেক্টেৰিয়াৰ বৃদ্ধিৰ আশংকাও হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement