--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টয়লেটত বিভিন্ন মানুহৰ বিভিন্ন অভ্যাস গঢ় লৈ উঠে। কিছুমানে টয়লেটত বহি আলোচনী পঢ়ে, কিছুমানে বাতৰি-কাকত পঢ়ে আৰু কিছুমানে গান শুনি ভাল পায়। বেছিভাগ মানুহেই বাথৰুমত বা টয়লেটত বহি বা কাৰোবাৰ লগত ফোনত কথা পাতি ফোনটো ব্যৱহাৰ কৰে। 

কিছুমানে টয়লেটত বহি মোবাইল টিপি থাকি ভালপায়, তেওঁলোকে ছচিয়েল মিডিয়াত বিচৰণ কৰি থাকে বা কিছুমানে মোবাইলত গেম খেলি থাকে। মানুহে কয় যে এই কাম কৰি তেওঁলোকে নিজৰ আজৰি সময়ৰ সদ্ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে টয়লেটত বহি ফোন ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে বাথৰুমত বা টয়লেটত ফোন ব্যৱহাৰ কৰাটো অতি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ বাবেই মানুহে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে কি কি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় জানো আহক।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে টয়লেটত বহি ফোন ব্যৱহাৰ কৰিলে পাইলছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। পাইলছৰ সমস্যাটো অতি বিষাদজনক আৰু কেতিয়াবা ৰক্তক্ষৰণো হয়। আপোনাৰ মলদ্বাৰ বা মলদ্বাৰৰ শিৰাৰ থুপবোৰ ফুলি গ’লে এনে হয়। সাধাৰণতে ই মলদ্বাৰৰ সিৰাৰ ‘ভেৰিকোজ ভেইন’ ৰোগ। মলদ্বাৰৰ ভিতৰত বা মলদ্বাৰৰ বাহিৰতো অৰ্শ ৰোগ হ’ব পাৰে।

কোনো ঘৰতে শৌচাগাৰ সাধাৰণ ঠাই বুলি গণ্য কৰা নহয়। ইয়াত বহু ধৰণৰ বেক্টেৰিয়া থাকে। এনে পৰিস্থিতিত বাথৰুমত বহি ফোনটো ব্যৱহাৰ কৰিলে বাথৰুমত উপস্থিত থকা বেক্টেৰিয়াই আপোনাৰ ফোনক আঁকোৱালি ল’ব পাৰে। ইয়াৰ পিছত ফোনটোৰ পৰা বেক্টেৰিয়া আপোনাৰ শৰীৰত প্ৰৱেশ কৰাটো অতি সহজ হৈ পৰে। যাৰ বাবে আপুনি সহজেই যিকোনো ৰোগত আক্ৰান্ত হ’ব পাৰে।

বাথৰুমলৈ যোৱাৰ সময়ত ফোনটো লগত লৈ নাযাব। ইয়াৰ ফলত পাইলছৰ আশংকা কম হোৱাৰ লগতে বেক্টেৰিয়াৰ বৃদ্ধিৰ আশংকাও হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু