--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে অহা বানে কুমেই নদীৰ উজনিৰ অংশত ভয়াৱহ ৰূপ ধাৰণ কৰে। ইয়াৰ উপৰি পাৰছী-পাৰলো চক্ৰ আৰু ডামিনী মহকুমা আটাইতকৈ বেছি প্রভাৱিত হৈছে।

ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশত দেওবাৰে নিশাৰ তিনিখন জিলাত ব্যাপক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। বিষয়াসকলে প্রকাশ কৰা অনুসৰি কালি নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কুমেই নদী ফেনে-ফোটোকাৰে বাঢ়ি আহে আৰু দাঁতি কাষৰৰ অঞ্চলবোৰ বুৰাই পেলায়। কেইবাঠাইতো ঘৰ-বাৰী, গির্জাঘৰ বানত উটি যায়। ৰাজ্যখনৰ জৰুৰীকালীন পৰিচালন কেন্দ্রই (এছই অ'চি) কালি জনোৱা মতে শেহতীয়া বানত এতিয়ালৈকে সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৯জন লোক আহত হৈছে।


ৰাজ্যখনৰ ২৬খন জিলাৰ ৪২৫খন গাঁৱৰ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত পৰিছে। কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে অহা বানে কুমেই নদীৰ উজনিৰ অংশত ভয়াৱহ ৰূপ ধাৰণ কৰে। ইয়াৰ উপৰি পাৰছী-পাৰলো চক্ৰ আৰু ডামিনী মহকুমা আটাইতকৈ বেছি প্রভাৱিত হৈছে। ডামিনীৰ হুৰী-ডামিনী সংযোগী দলংখন বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাত পথ যোগাযোগ ব্যাহত হৈ পৰে। পাৰছী-পাৰলোত দুটা ঘৰ আৰু এটা গির্জাঘৰৰো ক্ষতি সাধন হৈছে। 


আনহাতে পামন গাঁৱক সংযোজিত কৰা এখন দলঙো উটি যায়। ছেইণ্ট থমাছ স্কুল সম্পূৰ্ণৰূপে পানীৰ তলত। ইয়াৰ উপৰি কেইবাটাও পথ, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি হয়। ইফালে বানত এখন দলং উটি যোৱাৰ ফলত আই টি বি পিৰ শিবিৰৰ সৈতে পথ যোগাযোগ ব্যাহত হৈ পৰে। 


কুৰুং কুমেই জিলা পৰিষদৰ প্রাক্তন অধ্যক্ষ সংঘ তাজিকে জনোৱা মতে ধাৰাসাৰ বৰষুণৰ ফলত দেওবাৰে শেষ নিশা প্রায় ৩ বজাত সমগ্ৰ পাৰছি-পার্লো চক্ৰ আৰু ডামিনী মহকুমা বানত বুৰ যায়। গাঁওসমূহত পানী সোমোৱাৰ লগতে পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে। বি আৰ অ'ই নিৰ্মাণ কৰা লুকছাং উপত্যকা দলংখন বানত উটি যায়।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু