--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে অহা বানে কুমেই নদীৰ উজনিৰ অংশত ভয়াৱহ ৰূপ ধাৰণ কৰে। ইয়াৰ উপৰি পাৰছী-পাৰলো চক্ৰ আৰু ডামিনী মহকুমা আটাইতকৈ বেছি প্রভাৱিত হৈছে।

ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশত দেওবাৰে নিশাৰ তিনিখন জিলাত ব্যাপক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। বিষয়াসকলে প্রকাশ কৰা অনুসৰি কালি নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কুমেই নদী ফেনে-ফোটোকাৰে বাঢ়ি আহে আৰু দাঁতি কাষৰৰ অঞ্চলবোৰ বুৰাই পেলায়। কেইবাঠাইতো ঘৰ-বাৰী, গির্জাঘৰ বানত উটি যায়। ৰাজ্যখনৰ জৰুৰীকালীন পৰিচালন কেন্দ্রই (এছই অ'চি) কালি জনোৱা মতে শেহতীয়া বানত এতিয়ালৈকে সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৯জন লোক আহত হৈছে।


ৰাজ্যখনৰ ২৬খন জিলাৰ ৪২৫খন গাঁৱৰ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত পৰিছে। কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে অহা বানে কুমেই নদীৰ উজনিৰ অংশত ভয়াৱহ ৰূপ ধাৰণ কৰে। ইয়াৰ উপৰি পাৰছী-পাৰলো চক্ৰ আৰু ডামিনী মহকুমা আটাইতকৈ বেছি প্রভাৱিত হৈছে। ডামিনীৰ হুৰী-ডামিনী সংযোগী দলংখন বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাত পথ যোগাযোগ ব্যাহত হৈ পৰে। পাৰছী-পাৰলোত দুটা ঘৰ আৰু এটা গির্জাঘৰৰো ক্ষতি সাধন হৈছে। 


আনহাতে পামন গাঁৱক সংযোজিত কৰা এখন দলঙো উটি যায়। ছেইণ্ট থমাছ স্কুল সম্পূৰ্ণৰূপে পানীৰ তলত। ইয়াৰ উপৰি কেইবাটাও পথ, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি হয়। ইফালে বানত এখন দলং উটি যোৱাৰ ফলত আই টি বি পিৰ শিবিৰৰ সৈতে পথ যোগাযোগ ব্যাহত হৈ পৰে। 


কুৰুং কুমেই জিলা পৰিষদৰ প্রাক্তন অধ্যক্ষ সংঘ তাজিকে জনোৱা মতে ধাৰাসাৰ বৰষুণৰ ফলত দেওবাৰে শেষ নিশা প্রায় ৩ বজাত সমগ্ৰ পাৰছি-পার্লো চক্ৰ আৰু ডামিনী মহকুমা বানত বুৰ যায়। গাঁওসমূহত পানী সোমোৱাৰ লগতে পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে। বি আৰ অ'ই নিৰ্মাণ কৰা লুকছাং উপত্যকা দলংখন বানত উটি যায়।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ