--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : অহা পোন্ধৰ দিনৰ ভিতৰতে মহাৰাষ্ট্ৰৰ আৰু দুগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব। এই দাবী কৰিছে মহাৰাষ্ট্ৰ বিজেপিৰ মুৰব্বী চন্দ্ৰকান্ত পাটিলে। ফলত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও তেওঁ দাবী কৰে। মুম্বা্ইৰ নিলম্বিত তথা নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়া শচীন ৱাজেই এখন পত্ৰৰ জৰিয়তে তোলা বিস্ফোৰক অভিযোগৰ পাছতে এই মন্তব্য কৰিছে পাটিলে।

আৰু পঢ়িব পাৰিব : আলফাৰ ভাবুকি : কলকাতালৈ স্থানান্তৰ হ’ব ‘টাটা টী’ৰ কাৰ্যালয়

ৱাজেই অভিযোগ কৰিছিল যে, ৰাজ্যখনৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখে মুম্বাই আৰক্ষীত তেওঁৰ চাকৰি অটুট ৰাখিবলৈ তেওঁৰ পৰা ২ কোটি টকা দাবী কৰিছিল। আন এগৰাকী মন্ত্ৰী অনিল পৰৱে তেওঁক ঠিকাদাৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া বুলিও তেওঁ অভিযোগ কৰিছিল।

আৰু পঢ়িব পাৰিব : কৰ’নাৰ ভয়াবহতা : ভেকচিন লোৱাৰ পাছতো ৩৭ চিকিৎসক আক্ৰান্ত ক’ভিডত

উল্লেখ্য যে, মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বী পৰমবীৰ সিঙে অনা আন এটা দুৰ্নীতিৰ অভিযোগত চিবিআই তদন্তৰ সন্মুখীন হোৱা গৃহমন্ত্ৰী অনিল দেশমুখে সোমবাৰে পদত্যাগ কৰিছিল। এনে অস্থিৰতাৰ মাজতে বিস্ফোৰক দাবী কৰি চন্দ্ৰকান্ত পাটিলে কয়, ‘দুজন ৰাজ্যিক মন্ত্ৰীয়ে অহা ১৫দিনৰ ভিতৰত পদত্যাগ কৰিবলৈ বাধ্য হ’ব। কিছুসংখ্যক লোকে তেওঁলোকৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব আৰু তেওঁলোকে পদত্যাগ কৰিব লাগিব।’ পাটিলে অৱশ্যে কোনো মন্ত্ৰীৰে নাম লোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ