--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : অহা পোন্ধৰ দিনৰ ভিতৰতে মহাৰাষ্ট্ৰৰ আৰু দুগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব। এই দাবী কৰিছে মহাৰাষ্ট্ৰ বিজেপিৰ মুৰব্বী চন্দ্ৰকান্ত পাটিলে। ফলত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও তেওঁ দাবী কৰে। মুম্বা্ইৰ নিলম্বিত তথা নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়া শচীন ৱাজেই এখন পত্ৰৰ জৰিয়তে তোলা বিস্ফোৰক অভিযোগৰ পাছতে এই মন্তব্য কৰিছে পাটিলে।

আৰু পঢ়িব পাৰিব : আলফাৰ ভাবুকি : কলকাতালৈ স্থানান্তৰ হ’ব ‘টাটা টী’ৰ কাৰ্যালয়

ৱাজেই অভিযোগ কৰিছিল যে, ৰাজ্যখনৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখে মুম্বাই আৰক্ষীত তেওঁৰ চাকৰি অটুট ৰাখিবলৈ তেওঁৰ পৰা ২ কোটি টকা দাবী কৰিছিল। আন এগৰাকী মন্ত্ৰী অনিল পৰৱে তেওঁক ঠিকাদাৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া বুলিও তেওঁ অভিযোগ কৰিছিল।

আৰু পঢ়িব পাৰিব : কৰ’নাৰ ভয়াবহতা : ভেকচিন লোৱাৰ পাছতো ৩৭ চিকিৎসক আক্ৰান্ত ক’ভিডত

উল্লেখ্য যে, মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বী পৰমবীৰ সিঙে অনা আন এটা দুৰ্নীতিৰ অভিযোগত চিবিআই তদন্তৰ সন্মুখীন হোৱা গৃহমন্ত্ৰী অনিল দেশমুখে সোমবাৰে পদত্যাগ কৰিছিল। এনে অস্থিৰতাৰ মাজতে বিস্ফোৰক দাবী কৰি চন্দ্ৰকান্ত পাটিলে কয়, ‘দুজন ৰাজ্যিক মন্ত্ৰীয়ে অহা ১৫দিনৰ ভিতৰত পদত্যাগ কৰিবলৈ বাধ্য হ’ব। কিছুসংখ্যক লোকে তেওঁলোকৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব আৰু তেওঁলোকে পদত্যাগ কৰিব লাগিব।’ পাটিলে অৱশ্যে কোনো মন্ত্ৰীৰে নাম লোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ