--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পাঞ্জাবী অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধু জড়িত নাছিল ২৬ জানুৱাৰীত দিল্লীত হোৱা হিংসাত্মক ঘটনাত। কৃষক আন্দোলনৰ সময়ত লালকিল্লাত হোৱা হিংসাত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিনেতাজনৰ অধিবক্তাই এই দাবী কৰিছে। বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতত তেওঁক জামিন আবেদন দাখিলৰ সময়ত এই দাবী কৰে অধিবক্তাজনে।

আৰু পঢ়িব পাৰিব : সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা

তেওঁৰ অধিবক্তাই সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰে যে, দীপ সিদ্ধুৱে কেৱল ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল আৰু তাৰ পাছতে তেওঁৰ নাম গণৰাজ্য দিৱসৰ হিংসাৰ মূল অভিযুক্তৰ ৰূপত সংবাদ মাধ্যমত প্ৰকাশ হয়। অধিবক্তাই লগতে স্পষ্ট কৰি দিয়ে যে, সকলো ভুলেই অপৰাধ নহয়। ন্যায়ালয়ে সিদ্ধুৰ জামিনৰ শুনানি ১২ এপ্ৰিললৈ স্থগিত ৰাখিছে আৰু সিদ্ধুৰ ভাষণৰ প্ৰতিলিপি বিচাৰিছে।

আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি শাসন? পদত্যাগ কৰিব আন দুগৰাকী মহাৰাষ্ট্ৰৰ মন্ত্ৰীয়ে!

অভিযুক্তজনৰ অধিবক্তাই আৰু প্ৰকাশ কৰে যে, আন্দোলন ঘোষণা কৰিছিল কৃষক সংঘইহে। লালকিল্লালৈ যোৱাৰ বাবে সিদ্ধুৱে কোনো আহ্বান জনোৱা নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। ৯ ফেব্ৰুৱাৰীত হিংসাত উদগনি দিয়াৰ গোচৰত দীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ