--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত কৰ’না ভাইৰাছে লৈছে ভয়াৱহ ৰূপ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ১ লাখ ২৬ হাজাৰ লোক৷ ইপিনে দেশত এদিনতে মৃত্যু হয় ৬৮৫জন লোক৷ দিল্লীৰ হাস্পতালৰ ৩৭জন চিকিৎসক আক্ৰান্ত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আই আই টিৰ ৰুৰকীৰ ৯০ জন শিক্ষাৰ্থী আক্ৰান্ত হয় কৰ'না ভাইৰাছত৷

আৰু পঢ়িব পাৰিব :দেশজুৰি ‘টিকা উৎসৱ’ৰ দিন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ !

উত্তৰ প্ৰদেশৰ কেইবাটাও স্থানত নৈশ সান্ধ্য আইন জাৰী কৰে প্ৰশাসনে৷ লক্ষ্ণৌতো মেডিকেল কলেজৰ ৪০ জন চিকিৎসক আক্ৰান্ত হয়৷ মুম্বাইত এদিনতে আক্ৰান্ত হয় ৮,৯৩৮জন লোক৷ পশ্চিমবংগত কালি আক্ৰান্ত হয় ২,৭৮৩ জন লোক৷

আৰু পঢ়িব পাৰিব :বাকসাত নৃশংস হত্যাকাণ্ডঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

ৰাজ্যতো উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’না আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোত আক্ৰান্ত ২৪৫জন লোক৷ কামৰূপ মহানগৰীত আক্ৰান্ত হৈছে ১২৮জন লোক৷ ডিব্ৰুগড় জিলাত আক্ৰান্ত ২৬জন লোক৷ কামৰূপ জিলাত ১২জন লোক আক্ৰান্ত হয়৷ ৰাজ্যত বৃদ্ধি কৰা হ’ব ক'ভিড টেষ্টৰ প্ৰক্ৰিয়া৷ নিতৌ ৩০ হাজাৰৰ পৰা ১লাখ লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য ৰাজ্য স্বাস্থ্য বিভাগৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ