--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পিছতেই প্ৰথমে এখন "ড্ৰ'ন", তাৰ পিছত ৰ'ভাৰ যান সাজি উলিওৱাৰ পিছত বৰ্তমানে সাজি উলিয়াইছে এখন ই-বাইক

ডিজিটেল ডেস্কঃনিজৰ উদ্ভাৱনশীল শক্তিৰে ৰ'ভাৰ যান সাজি চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ ছাত্ৰ এলড্ৰিন নাথে এইবাৰ ই-বাইক নিৰ্মাণ কৰি আন এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।


দেশৰ অন্যতম বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ এলড্ৰিন নাথে চলিত বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰীত যিকোনো গ্ৰহৰ পৃষ্ঠৰ পৰা তথ্য সংগ্ৰহ কৰিব পৰা এখন ৰ'ভাৰ যান সাজি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ঊৰ্ধ্বতন তথা জ্যেষ্ঠ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।


এজন মেধাৱী অসমীয়া ছাত্ৰ হিচাপে ৰাজ্যখনক গৌৰৱান্বিত কৰা এলড্ৰিন নাথ মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানৰ শিক্ষক মিন্টু কুমাৰ নাথ আৰু লেখিকা মৃণালিনী দেৱীৰ সন্তান।


ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পিছতেই প্ৰথমে এখন "ড্ৰ'ন", তাৰ পিছত ৰ'ভাৰ যান সাজি উলিওৱাৰ পিছত বৰ্তমানে সাজি উলিয়াইছে এখন ই-বাইক।



ই-বাইকখন নিৰ্মাণৰ সন্দৰ্ভত প্ৰকাশ কৰি মেধাৱী ছাত্ৰ এলড্ৰিনে কয় এই ই-বাইকখন নিৰ্মানৰ বাবে BLDC ( Brussless Direct Current) মটৰ ব্যৱহাৰ কৰা হৈছে । এই মটৰটো অধিক শক্তিশালী । Conventional Direct Current মটৰৰ তুলনাত এই মটৰবোৰ বেছি উপযুক্ত আৰু শক্তিশালী হয় কাৰণ ইয়াত Armature stationary হয় আৰু Magnetic body rotor হয় , যাৰ বাবে কইলছবোৰ bigger আৰু more Current accept কৰিব পাৰাকৈ বনাব পাৰি । 


ইয়াত ব্যৱহাৰ কৰা মটৰটোৰ Rating--350 watt , at 24 volt ,17A . এই ধৰণৰ মটৰবোৰক চলাবৰ বাবে বিশেষ ধৰণৰ controller ৰ প্ৰয়োজন হয় । বেটেৰীৰ পেকটো বনোৱা হৈছে -18650 ,37v Li-ion cellৰে । মুঠতে 36 টা বেটেৰী ব্যৱহাৰ হৈছে । Mechanical body টোত চাইকেলৰ ফ্ৰেম ব্যৱহাৰ হৈছে যদিও তাত বহুত খিনি modification কৰা হৈছে । চাইকেলৰ চকাবোৰ যিহেতু 27-28 inch diameter হয় আৰু ইয়াত ব্যৱহাৰ কৰা টায়াৰ দুটা ১০ ইঞ্চিৰ হয় বাবে হেণ্ডেল বাৰ আৰু চিটৰ উচ্চতা এটা উপযোগী উচ্চতালৈ আনিবলৈ নতুনকৈ ফ্ৰেমটোত বহুতখিনি ষ্টিলৰ ৰদ লগাব লগা হৈছে । বেটেৰীৰ কন্ট্ৰলাৰটো আৰু অন্যান্য প্ৰয়োজনীয় ইলেক্ট্ৰনিকৰ বস্তুবোৰ বৰষুণত তিতিলেও বেয়া নহবলৈ 3D print ৰ বাকচ বনাই ব্যৱহাৰ কৰা হৈছে । বেটেৰীটো ফুল চাৰ্জ হবলৈ তিনি ঘণ্টা সময় লাগে আৰু এই চাৰ্জৰে ২১ কিঃমি যাব পাৰে । ইয়াৰ গতি ৩২ কিঃমি প্ৰতি ঘন্টা ।

ই-বাইকখন নতুনকৈ Regenerative braking সংযোগ কৰাৰ পৰিকল্পনা কৰি আছে বুলি মন্তব্য কৰে এলড্ৰিনে।


উল্লেখ্য যে মেধাৱী ছাত্ৰ এলড্ৰিনৰ উদ্ভাৱনশীলতাৰ বিজ্ঞানৰ অধ্যয়নে সৃষ্টিশীলতা আৰু উদ্ভাৱনশীলতা বৃদ্ধি কৰাত যে সহায় কৰিব সেয়া নিশ্চিত। তদুপৰি মেধাৱী ছাত্ৰ এলড্ৰিনৰ ইটোৰ পিছত সিটো বিজ্ঞানৰ নিমাৰ্ণকাৰ্যই ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নিজৰ দক্ষতা পৰিচয় দিবলৈ সক্ষম হোৱাৰ খবৰে ৰাজ্যৰ বৌদ্ধিক মহলক আনন্দিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু