--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত হোৱা উত্তেজনাই পশ্চিম এছিয়াত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ফলত এনে পৰিস্থিতিত ইউৰোপলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানে ইৰাণৰ আকাশমাৰ্গ বাইপাছ কৰি থকা বুলি দাবী কৰিছে এক সূত্ৰই।

কোনো ধৰণৰ অশুভ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ তেওঁক ইউৰোপলৈ বাটভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি সূত্ৰটোৱে দাবী কৰিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা ‘ছাঁয়া যুদ্ধ’ই পশ্চিম এছিয়াৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। ইৰাণৰ আকাশমাৰ্গ এৰাই চলাৰ সিদ্ধান্ত দুয়োখন দেশৰ ভাবুকি আৰু প্ৰতি ভাবুকিৰ বাবে সম্ভাৱ্য যুদ্ধ পৰিস্থিতিৰ আশংকাত লোৱা বুলিও সূত্ৰটোৱে দাবী কৰে। এই বাটভ্ৰমণৰ ভাড়াৰ পৰিৱৰ্তন হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই।

শুকুৰবাৰে আমেৰিকাৰ চোৰাংচোৱা সূত্ৰই দাবী কৰিছিল যে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইলক আক্ৰমণ কৰিব পাৰে। খবৰ ওলোৱাৰ লগে লগে ভাৰত চৰকাৰ কঁপি উঠিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে ভাৰতীয়সকলক ইৰাণ আৰু ইজৰাইললৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়ে।

কেৱল সেয়াই নহয়, ইৰাণ-ইজৰাইললৈ ভাৰতীয়ক নিষিদ্ধ কৰাৰ উপৰিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সেই দুখন দেশত থকা ভাৰতীয়সকলকো সকীয়াই দিছে। ইজৰাইল আৰু ইৰাণত বসবাস কৰা ভাৰতীয়সকলক অনতিপলমে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। লগতে নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে