--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত হোৱা উত্তেজনাই পশ্চিম এছিয়াত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ফলত এনে পৰিস্থিতিত ইউৰোপলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানে ইৰাণৰ আকাশমাৰ্গ বাইপাছ কৰি থকা বুলি দাবী কৰিছে এক সূত্ৰই।

কোনো ধৰণৰ অশুভ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ তেওঁক ইউৰোপলৈ বাটভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি সূত্ৰটোৱে দাবী কৰিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা ‘ছাঁয়া যুদ্ধ’ই পশ্চিম এছিয়াৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। ইৰাণৰ আকাশমাৰ্গ এৰাই চলাৰ সিদ্ধান্ত দুয়োখন দেশৰ ভাবুকি আৰু প্ৰতি ভাবুকিৰ বাবে সম্ভাৱ্য যুদ্ধ পৰিস্থিতিৰ আশংকাত লোৱা বুলিও সূত্ৰটোৱে দাবী কৰে। এই বাটভ্ৰমণৰ ভাড়াৰ পৰিৱৰ্তন হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই।

শুকুৰবাৰে আমেৰিকাৰ চোৰাংচোৱা সূত্ৰই দাবী কৰিছিল যে ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইলক আক্ৰমণ কৰিব পাৰে। খবৰ ওলোৱাৰ লগে লগে ভাৰত চৰকাৰ কঁপি উঠিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে ভাৰতীয়সকলক ইৰাণ আৰু ইজৰাইললৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়ে।

কেৱল সেয়াই নহয়, ইৰাণ-ইজৰাইললৈ ভাৰতীয়ক নিষিদ্ধ কৰাৰ উপৰিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সেই দুখন দেশত থকা ভাৰতীয়সকলকো সকীয়াই দিছে। ইজৰাইল আৰু ইৰাণত বসবাস কৰা ভাৰতীয়সকলক অনতিপলমে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। লগতে নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক