--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক নাৰকীয় কাণ্ডই জোকাৰি গ’ল অষ্ট্রেলিয়াক৷ অষ্ট্রেলিয়াৰ ছিডনী মহানগৰীত এটা দুৰ্বৃত্তৰ ছুৰীকাঘাতৰ কাণ্ডই স্তব্ধ কৰি তুলিলে অষ্ট্রেলিয়াৰ ব্যস্ততম মহানগৰীৰ জনজীৱন৷ আনকি ১০ মহীয়া শিশুও সাৰি নগ’ল দুৰ্বৃত্তটোৰ নৃশংসতাৰ পৰা৷ আজি ছিডনীৰ এটা শ্বপিংমলত দুৰ্বৃত্তটোৱে নিৰ্বিচাৰে ছুৰীকাঘাত কৰি হত্যা কৰে ৬ জনকৈ লোকক৷ দুৰ্বৃত্তৰ ছুৰীকাঘাতত আহত হয় ২০ জনতকৈ অধিক লোক৷ ছিডনীৰ বেষ্টফিল্ড বল্ডী জংচন শ্বপিংমলত ভাৰতীয় সময়মতে আজি পুৱা ১০.৩০ বজাত সংঘটিত হয় আক্ৰমণৰ ঘটনাটো৷ সেই সময়ত মলটোত উপস্থিত আছিল বহুসংখ্যক লোক৷ হাতত এখন দীঘল ছুৰী লৈ মলটোত যাকে যেনেকৈ পাৰে আক্ৰমণ কৰিবলৈ ধৰিছিল দুৰ্বৃত্তটোৱে৷ দুৰ্বৃত্তটোৰ সন্মুখত যিয়েই আহিছিল আক্ৰমণৰ বলি হৈছিল৷ আক্ৰমণৰ খবৰ লাভ কৰাৰ পাছত আৰক্ষীৰ আগমন ঘটিছিল মলটোলৈ৷ এগৰাকী মহিলা আৰক্ষীয়ে দুৰ্বৃত্তটোক গুলীয়াই হত্যা কৰিছিল৷ আক্ৰমণৰ পাছত শ্বপিংমলটোত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছিল৷ মলটোৰ বিভিন্ন ঠাইত পৰি ৰৈছিল নিহত আৰু আহত লোকসকল৷ মলৰ মজিয়াতে মৃত্যুক সাবটি লৈছিল ৬ জনকৈ লোকে৷ 

মলটোলৈ ততাতৈয়াকৈ আগমন ঘটিছিল চিকিৎসা কৰ্মীসকলৰ৷ তেওঁলোকে মজিয়াত পৰি থকা আহত লোকসকলৰ প্ৰাথমিক চিকিৎসা দিবলৈ আৰম্ভ কৰিছিল৷ তাৰ পাছতে এম্বুলেন্সৰ জৰিয়তে হতাহতসকলক লৈ যোৱা হৈছিল হাস্পতাললৈ৷ আক্ৰমণৰ ঘটনাটোত নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ কাৰণ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ১০ জনতকৈ অধিক লোক৷ বৰ্তমানলৈ অষ্ট্রেলিয়ান আৰক্ষীয়ে আক্ৰমণৰ কাৰণ সন্দৰ্ভত স্পষ্টকৈ একো কোৱা নাই৷

অৱশ্যে দুৰ্বৃত্তটোৰ সৈতে অন্য আক্ৰমণকাৰী নথকাটো স্পষ্ট কৰিছে আৰক্ষীয়ে৷ এই নৃশংস আক্ৰমণৰ ঘটনাটোৰ পাছত সমগ্ৰ অষ্ট্রেলিয়াত আতংকই বিৰাজ কৰিছে৷ ছিডনী মহানগৰৰ জনতা শংকিত হৈ পৰিছে৷

আক্ৰমণকাৰীটো সন্ত্ৰাসবাদী সংগঠনেৰে জড়িত থকাৰ আশংকা প্ৰকাশ কৰিছে বহু লোকে৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ সমাপ্তিৰ পাছতহে এই দিশটো স্পষ্ট হ’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?