--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক নাৰকীয় কাণ্ডই জোকাৰি গ’ল অষ্ট্রেলিয়াক৷ অষ্ট্রেলিয়াৰ ছিডনী মহানগৰীত এটা দুৰ্বৃত্তৰ ছুৰীকাঘাতৰ কাণ্ডই স্তব্ধ কৰি তুলিলে অষ্ট্রেলিয়াৰ ব্যস্ততম মহানগৰীৰ জনজীৱন৷ আনকি ১০ মহীয়া শিশুও সাৰি নগ’ল দুৰ্বৃত্তটোৰ নৃশংসতাৰ পৰা৷ আজি ছিডনীৰ এটা শ্বপিংমলত দুৰ্বৃত্তটোৱে নিৰ্বিচাৰে ছুৰীকাঘাত কৰি হত্যা কৰে ৬ জনকৈ লোকক৷ দুৰ্বৃত্তৰ ছুৰীকাঘাতত আহত হয় ২০ জনতকৈ অধিক লোক৷ ছিডনীৰ বেষ্টফিল্ড বল্ডী জংচন শ্বপিংমলত ভাৰতীয় সময়মতে আজি পুৱা ১০.৩০ বজাত সংঘটিত হয় আক্ৰমণৰ ঘটনাটো৷ সেই সময়ত মলটোত উপস্থিত আছিল বহুসংখ্যক লোক৷ হাতত এখন দীঘল ছুৰী লৈ মলটোত যাকে যেনেকৈ পাৰে আক্ৰমণ কৰিবলৈ ধৰিছিল দুৰ্বৃত্তটোৱে৷ দুৰ্বৃত্তটোৰ সন্মুখত যিয়েই আহিছিল আক্ৰমণৰ বলি হৈছিল৷ আক্ৰমণৰ খবৰ লাভ কৰাৰ পাছত আৰক্ষীৰ আগমন ঘটিছিল মলটোলৈ৷ এগৰাকী মহিলা আৰক্ষীয়ে দুৰ্বৃত্তটোক গুলীয়াই হত্যা কৰিছিল৷ আক্ৰমণৰ পাছত শ্বপিংমলটোত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছিল৷ মলটোৰ বিভিন্ন ঠাইত পৰি ৰৈছিল নিহত আৰু আহত লোকসকল৷ মলৰ মজিয়াতে মৃত্যুক সাবটি লৈছিল ৬ জনকৈ লোকে৷ 

মলটোলৈ ততাতৈয়াকৈ আগমন ঘটিছিল চিকিৎসা কৰ্মীসকলৰ৷ তেওঁলোকে মজিয়াত পৰি থকা আহত লোকসকলৰ প্ৰাথমিক চিকিৎসা দিবলৈ আৰম্ভ কৰিছিল৷ তাৰ পাছতে এম্বুলেন্সৰ জৰিয়তে হতাহতসকলক লৈ যোৱা হৈছিল হাস্পতাললৈ৷ আক্ৰমণৰ ঘটনাটোত নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ কাৰণ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ১০ জনতকৈ অধিক লোক৷ বৰ্তমানলৈ অষ্ট্রেলিয়ান আৰক্ষীয়ে আক্ৰমণৰ কাৰণ সন্দৰ্ভত স্পষ্টকৈ একো কোৱা নাই৷

অৱশ্যে দুৰ্বৃত্তটোৰ সৈতে অন্য আক্ৰমণকাৰী নথকাটো স্পষ্ট কৰিছে আৰক্ষীয়ে৷ এই নৃশংস আক্ৰমণৰ ঘটনাটোৰ পাছত সমগ্ৰ অষ্ট্রেলিয়াত আতংকই বিৰাজ কৰিছে৷ ছিডনী মহানগৰৰ জনতা শংকিত হৈ পৰিছে৷

আক্ৰমণকাৰীটো সন্ত্ৰাসবাদী সংগঠনেৰে জড়িত থকাৰ আশংকা প্ৰকাশ কৰিছে বহু লোকে৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ সমাপ্তিৰ পাছতহে এই দিশটো স্পষ্ট হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক