--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰিষা কালত ঘৰত শতপদ ওলোৱাটো প্ৰায় সকলোৱে দেখিছে। কিন্তু বহু সময়ত বৰষুণ নোহোৱাকৈও ঘৰৰ বহু ঠাইত শতপদ ওলাই আহে। এনে শতপদ দেখাৰ বিভিন্ন অৰ্থ বাস্তুশাস্ত্ৰত উল্লেখ আছে। হঠাতে শতপদৰ আবিৰ্ভাৱে সৌভাগ্য আৰু দুৰ্ভাগ্যৰ ইংগিত দিয়ে।

বাস্তু বিশেষজ্ঞসকলৰ মতে শতপদক ৰাহুৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেয়ে ইয়াক ঘৰত দেখা পালেও মাৰি নেপালব, ঘৰৰ পৰা বাহিৰলৈ ইয়াক উলিয়াই দিব। শতপদক হত্যা কৰিলে মানুহৰ ৰাশিফলত ৰাহুৰ স্থিতি দুৰ্বল হৈ পৰে বুলি কোৱা হয়। আৰু তাৰপাছতে মানুহৰ জীৱনত ইয়াৰ অশুভ প্ৰভাৱ পৰে। শতপদে কেনেকৈ শুভ আৰু অশুভ ইংগিত দিয়ে জানো আহক।

ঘৰৰ যিকোনো অংশত শতপদ দেখা পোৱা যায়। কিন্তু কিছুমান ঠাইত ইহঁতৰ অৱস্থানে বাস্তুদোষৰ ইংগিত দিয়ে। যদি ঘৰৰ মজিয়াত শতপদ খোজ কাঢ়ি থকা দেখা যায়, তেন্তে বুজিব যে ঘৰত বাস্তুৰ দোষ আছে। পাকঘৰত ইহঁতৰ অৱস্থানে বাস্তুৰ অৱক্ষয়ৰ ইংগিত দিয়ে। এনে অৱস্থাত ইহঁতক তুলি লৈ ঘৰৰ পৰা পেলাই দিব লাগে।

বাস্তু বিশেষজ্ঞসকলৰ মতে, যদি ঘৰৰ মূল দুৱাৰৰ দুৱাৰমুখ, শৌচাগাৰ আৰু চিৰিৰ ওপৰত শতপদ চলাচল কৰা দেখা যায়, তেন্তে এইবোৰ দুৰ্বল ৰাহুৰ লক্ষণ। একে সময়তে মূৰত উঠিলেও ৰাহুৰ দুৰ্বল হোৱাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়াৰ বাহিৰেও ই আগন্তুক সময়ত কিছু ৰোগত ভুগি থকাৰ ইংগিত দিয়ে।

এনে নহয় যে শতপদে কেৱল দুৰ্ভাগ্যৰ ইংগিত দিয়ে। বৰঞ্চ ই শুভ ইংগিতো দিয়ে। পূজাঘৰত শতপদ দেখা পোৱাটো সৌভাগ্যৰ লক্ষণ। যদি ঘৰত হঠাতে শতপদ এটা খোজ কাঢ়ি যোৱা দেখা যায় আৰু তাৰ পিছত নোহোৱা হৈ যায়, তেন্তে বুজিব যে কিছুমান কাম সম্পূৰ্ণ হ’বলৈ গৈ আছে।

বাস্তুশাস্ত্ৰৰ মতে যদি ঘৰত মৃত শতপদ দেখা যায়, তেন্তে তাৰ অৰ্থ হ’ল কিবা এটা ডাঙৰ দুৰ্যোগ হোৱাৰ পৰা ৰক্ষা পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু