--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত ছালখন অতি শুকান হৈ পৰে। যাৰ কাৰণে ছালখন নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে আৰু দাগ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মুখৰ জিলিকনিও নাইকিয়া হৈ যায়। কিন্তু বেচনৰ সহায়ত আপুনি এই ছালৰ সমস্যা দূৰ কৰিব পাৰে।হয়, বেচনে ছালৰ দাগ আঁতৰোৱাত সহায় কৰে। আজি আমি আপোনাক ক'ম বেচনৰ সৈতে কি মিহলাই লগাব লাগে।

এইবোৰ বস্তু বেচনত মিহলালে মুখলৈ জিলিকনি আহিব-

১)  গোলাপ জলঃ গোলাপ জল ছালৰ বাবে অতি উপকাৰী। আনহাতে, যদি ইয়াক বেচনৰ লগত মিহলি কৰা হয়, তেন্তে ইয়াৰ উপকাৰ দুগুণ হয়। এই পেষ্ট কৰিবলৈ এটা বাটিত ২ চামুচ বেচন লৈ তাত প্ৰয়োজন অনুসৰি গোলাপ জল মিহলাই লওক। এতিয়া এই পেষ্টটো গোটেই মুখমণ্ডল আৰু ডিঙিত লগাই ২০ মিনিটৰ পিছত শুদ্ধ পানীৰে মুখখন ধুব। এনে কৰিলে আপোনাৰ মুখখন জিলিকি উঠিব আৰু চিকচিকিয়া হ’ব।

২) গ্ৰীণ টিঃ বেচনত গ্ৰীণ টি মিহলাই প্ৰয়োগ কৰিলে ছালখন উজ্জ্বল হৈ পৰে। ইয়াক প্ৰয়োগ কৰিবলৈ গৰম পানীত গ্ৰীণ টি দি ২ চামুচ বেচনত গ্ৰীণ টি মিহলাই পেষ্ট বনাব লাগে। এতিয়া ২০ মিনিট মুখত ৰাখি মুখখন ধুব। মুখখন জিলিকি উঠা দেখিবলৈ পাব।

৩)  দৈঃ যদি আপুনি বেচনত দৈ মিহলাই মুখত লগায়, তেন্তে ইয়াত থকা উপাদানে আপোনাৰ ছালখন পৰিষ্কাৰ আৰু নিৰ্মল কৰি তোলাত সহায় কৰে। কেৱল এয়াই নহয়, বেচন আৰু দৈৰ পেষ্টেৰে সহজে মৰা ছাল আঁতৰাই পেলাব পাৰি। এই পেষ্ট বনাবলৈ আপুনি এটা বাটিত ৩ চামুচ বেচন আৰু এচামুচ দৈ মিহলাই লওক। এতিয়া এই পেষ্ট পৰিষ্কাৰ মুখত ২০ মিনিট ৰাখিব। তাৰপাছত পানীৰে ধুব। মুখখন জিলিকি উঠিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু