--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক:পাকিস্তানৰ কুৱেট্টাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত অতি কমেও ৩ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে ২০ জন লোক। তেহৰিক-ই-তালিবান পাকিস্তান নামৰ এক সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

খবৰ অনুসৰি পেৰামিলিটাৰি ফ্ৰণ্টিয়াৰ ক’ৰ্পছ ৰ এক তালাচী চকীৰ সন্মুখত এই বিসফোৰণ সংঘটিত হয়। বিসফোৰণ সংঘটিত হোৱা স্থানডোখৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেট্টাৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, আত্মঘাতী বোমাৰুজনে নিজৰ মটৰ চাইকেলেৰে তালাচী চকীৰ বেৰত প্ৰচণ্ড বেগত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় তিনিগৰকীকৈ অৰ্ধসামৰিক বাহিনীৰ জোৱান


আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ পিছতে সংঘটিত এই আক্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। উল্লেখ্য যে ইৰাণ আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী বেলুচিস্তানত চীনে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ কাম চলাই আছে। ঘাইপথ নিৰ্মাণ, কৃষিক্ষেত্ৰৰ উন্নয়ন, শক্তি উৎপাদন প্ৰকল্পৰ বিকাশৰ বাবে চীনে এইসমূহ প্ৰকল্প ৰূপায়ণ কৰি আহিছে। চীনে চৰকাৰে দেশখনৰ অন্য অঞ্চলতো এনে উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰি আহিছে। এছিয়া মহাদেশত নিজৰ আধিপত্য বিস্তাৰ সফল কৰি তোলাৰ স্বাৰ্থত দেশখনে পাকিস্তানৰ ভূমিত হাতত লোৱা এনে প্ৰকল্পৰ ৰূপায়ণত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে বাধা প্ৰ্দান কৰি আহিছে। কুৱেট্টাৰ আক্ৰমণো এনে প্ৰচেষ্টাৰেই অংশ নে ইয়াৰ আঁৰত আছে অন্য কিবা সেয়া নিসন্দেহে সময়ত প্ৰমাণিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক